--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিৰো আলমৰ নাম নুশুনা মানুহ হয়তো বৰ্তমান খুব কমেই আছে। সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰা বাংলাদেশৰ এই ষ্টাৰজনে অনুৰাগীসকলক নিৰ্মল আনন্দ প্ৰদান কৰি আহিছে। কিন্তু তেওঁৰ সম্পত্তিৰ পৰিমাণ কিমান? জানিলে অবাক হ’ব আপুনি!

আশ্ৰাফুল হোছেইন ওৰফে হিৰো আলমে বাংলাদেশৰ বগুৰা-৪ (কাহালু-নন্দীগ্ৰাম) আৰু বগ্ৰা-৬ (সদৰ) আসনৰ উপ-নিৰ্বাচনৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে। কিন্তু বগ্ৰাৰ উপায়ুক্ত চাইফুল ইছলামে এই মনোনয়ন দেওবাৰে প্ৰত্যাখ্যান কৰিছে। কাৰণ হিৰো আলমে যি পৰিমাণৰ সম্পত্তি ইয়াত উল্লেখ কৰিছে, সেয়া কোনেও মানি ল’ব নিবিচাৰে।

মনোনয়ন পত্ৰত উল্লেখ কৰা অনুসৰি হিৰো আলমে মাত্ৰ চাৰি বছৰতে কোটি টকাৰ সম্পত্তি ঘটিছে। কেইবছৰমান আগতে তেওঁৰ বেছি সম্পত্তি নাছিল। বেংকত মাত্ৰ এহেজাৰ টকা আছিল। তেওঁৰ নামত আছিল মাত্ৰ এখন ৮৭,০০০ টকাৰ পুৰণি বাইক, ২.৫ লাখ টকাৰ ঘৰুৱা আচবাব আৰু তেওঁৰ পত্নীৰ  নামত সোণৰ গহনা।

কিন্তু চাৰি বছৰৰ ব্যৱধানত সকলো সলনি হৈছে। তেওঁ ৯,০০০ একৰ মাটি কিনিছে আৰু তাত এটা ঘৰ নিৰ্মাণ কৰিছে। পত্নীৰ সোণৰ অলংকাৰৰ পৰিমাণ ১০ গুণ বৃদ্ধি পাইছে। বেংকত প্ৰায় ৫৫ লাখ টকা আছে।

মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা সম্পদ বিবৃতিৰ শপতনামাত হিৰো আলমে এই তথ্য উল্লেখ কৰিছিল। তেওঁ দাবী কৰে যে এয়া তেওঁৰ ক'লা ধন নহয়, সৎ ভাৱে উপাৰ্জন কৰা ধন। অৱশ্যে, দেওবাৰে তেওঁৰ মনোনয়ন নাকচ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু