--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিৰো আলমৰ নাম নুশুনা মানুহ হয়তো বৰ্তমান খুব কমেই আছে। সামাজিক মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰা বাংলাদেশৰ এই ষ্টাৰজনে অনুৰাগীসকলক নিৰ্মল আনন্দ প্ৰদান কৰি আহিছে। কিন্তু তেওঁৰ সম্পত্তিৰ পৰিমাণ কিমান? জানিলে অবাক হ’ব আপুনি!

আশ্ৰাফুল হোছেইন ওৰফে হিৰো আলমে বাংলাদেশৰ বগুৰা-৪ (কাহালু-নন্দীগ্ৰাম) আৰু বগ্ৰা-৬ (সদৰ) আসনৰ উপ-নিৰ্বাচনৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে। কিন্তু বগ্ৰাৰ উপায়ুক্ত চাইফুল ইছলামে এই মনোনয়ন দেওবাৰে প্ৰত্যাখ্যান কৰিছে। কাৰণ হিৰো আলমে যি পৰিমাণৰ সম্পত্তি ইয়াত উল্লেখ কৰিছে, সেয়া কোনেও মানি ল’ব নিবিচাৰে।

মনোনয়ন পত্ৰত উল্লেখ কৰা অনুসৰি হিৰো আলমে মাত্ৰ চাৰি বছৰতে কোটি টকাৰ সম্পত্তি ঘটিছে। কেইবছৰমান আগতে তেওঁৰ বেছি সম্পত্তি নাছিল। বেংকত মাত্ৰ এহেজাৰ টকা আছিল। তেওঁৰ নামত আছিল মাত্ৰ এখন ৮৭,০০০ টকাৰ পুৰণি বাইক, ২.৫ লাখ টকাৰ ঘৰুৱা আচবাব আৰু তেওঁৰ পত্নীৰ  নামত সোণৰ গহনা।

কিন্তু চাৰি বছৰৰ ব্যৱধানত সকলো সলনি হৈছে। তেওঁ ৯,০০০ একৰ মাটি কিনিছে আৰু তাত এটা ঘৰ নিৰ্মাণ কৰিছে। পত্নীৰ সোণৰ অলংকাৰৰ পৰিমাণ ১০ গুণ বৃদ্ধি পাইছে। বেংকত প্ৰায় ৫৫ লাখ টকা আছে।

মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা সম্পদ বিবৃতিৰ শপতনামাত হিৰো আলমে এই তথ্য উল্লেখ কৰিছিল। তেওঁ দাবী কৰে যে এয়া তেওঁৰ ক'লা ধন নহয়, সৎ ভাৱে উপাৰ্জন কৰা ধন। অৱশ্যে, দেওবাৰে তেওঁৰ মনোনয়ন নাকচ কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement