--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক অনন্য ব্যক্তিত্ব! গুজৰাটৰ ভাৱনগৰ মেডিকেল কলেজত চিকিৎসকৰ ব্যস্ত কাৰ্যকলাপৰ মাজত থিয় হৈ আছে এজন অনন্য চিকিৎসক ৷কিন্তু কম উচ্চতাৰ বাবে চিকিৎসকজন অনন্য নহয়, দৃঢ় মনোবলৰ বাবেহে এতিয়া দেশজুৰি সমাদৃত হৈছে।জানো আহক চিকিৎসা বিজ্ঞানৰ শিক্ষা সম্পূৰ্ণ কৰি ইণ্টাৰনশ্বিপ আৰম্ভ কৰা ২২ বছৰীয়া চিকিৎসক গণেশ বৰাইয়াক…

গণেশে বৰ্তমান "পৃথিৱীৰ আটাইতকৈ চাপৰ চিকিৎসক"ৰ খিতাপৰ বাবে অৱতীৰ্ণ হ'বলৈ যোগ্যতা অৰ্জন কৰিছে বুলি ভাৱনগৰ চিকিৎসা মহাবিদ্যালয়ৰ ডীনে জানিবলৈ দিয়ে।মাত্ৰ ৩ ফুট ওখ আৰু মাত্ৰ ১৮ কিলোগ্ৰাম ওজনৰ গণেশে চিকিৎসালয়ৰ বিচনাৰ উচ্চতা যেনে-তেনে ঢুকি পোৱা সত্বেও মানৱ সেৱা আগবঢ়াই আহিছে৷

গণেশৰ প্ৰত্যাহ্বানসমূহ বামনতাৰ পৰাই উদ্ভৱ হৈছে, যাৰ ফলত চিকিৎসকজনৰ শৰীৰৰ ৭২% অক্ষমতাও হৈছে। তথাপিও গণেশে হাঁহি এটাৰে পৃথিৱীৰ সন্মুখীন হয়৷ কোমল আৰু শিশুসুলভ কণ্ঠস্বৰটো গণেশে প্ৰকাশ কৰা আত্মবিশ্বাসৰ চিহ্ন৷

বাৰইয়াৰ বাবে চিকিৎসক হোৱাৰ যাত্ৰা সহজ নাছিল। ভাৱনগৰ জিলাৰ এখন গাঁও গোৰ্খীত জন্মলাভ কৰা গণেশৰ সপোনক লালন-পালন কৰিছিল মাতৃ দেবুবেনে।গণেশৰ পিতৃ বিঠল এজন খেতিয়ক৷গণেশৰ পৰিয়ালত আঠগৰাকী ভাতৃ-ভগ্নী আছে৷চিকিৎসকজনৰ সাতগৰাকী ভগ্নীয়ে কেতিয়াও দশম শ্ৰেণীতকৈ অধিক শিক্ষা গ্ৰহণ কৰা নাছিল,যিসকল এতিয়া বিয়া হৈ গৈছে। পৰিয়ালৰ ভিতৰতে গণেশেই প্ৰথম কলেজত পঢ়িছিল।

অৱশ্যে গণেশৰ বাট বাধা-বিঘিনিৰে ভৰি পৰিছিল। ২০১৮ চনত গণেশ আৰু আন দুজন বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীক গুজৰাট চৰকাৰে এমবিবিএছ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰা বঞ্চিত কৰি চিকিৎসা বিজ্ঞান অধ্যয়নৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতাত সন্দেহ কৰিছিল। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৮৭% আৰু ৰাষ্ট্ৰীয় যোগ্যতা সহ প্ৰৱেশ পৰীক্ষা (NEET)ত ২৩৩ নম্বৰ লাভ কৰাৰ পাছতো গণেশ চিকিৎসা মহাবিদ্যালয়ত স্থান লাভৰ পৰা বঞ্চিত হৈছিল। 

গণেশে এই যাত্ৰা সন্দৰ্ভত উল্লেখ কৰি কয় যে, ‘মই নীলকান্ত বিদ্যাপীঠত নৱম শ্ৰেণীত পঢ়ি থাকোতে ডাক্তৰ হোৱাৰ সিদ্ধান্ত লৈছিলোঁ। বিদ্যালয়ৰ অধ্যক্ষ দলপত কটাৰিয়া আৰু তেওঁৰ ট্ৰাষ্টী ৰেৱন্তসিং সৰ্বাইয়াই মোক সহায় কৰিছিল।”

কাটাৰিয়াই বৰইয়াৰ আইনী গোচৰৰ বাবে ধন আগবঢ়াইছিল, যাৰ ফলত উচ্চতম ন্যায়ালয়লৈকে চিকিৎসকজন গৈছিল। উচ্চতম ন্যায়ালয়ে ছাত্ৰ-ছাত্ৰীসকলৰ পক্ষত ৰায়দান কৰি প্ৰতিবন্ধী ব্যক্তিৰ অধিকাৰ আইন, ২০১৬ৰ উদ্ধৃতি দি চৰকাৰক তেওঁলোকক নামভৰ্তিৰ অনুমতি দিবলৈ নিৰ্দেশ দিয়ে। তেতিয়াৰ পৰাই বৰইয়াই চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত উজ্বলি উঠিছে৷ পাঠ্যক্ৰমৰ বাহিৰৰ কাম-কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ, সমনীয়া আৰু গুৰুসকলৰ পৰাও একেদৰেই সন্মান-স্নেহ অৰ্জন কৰিছে। 

ভৱিষ্যতলৈ ২২ বছৰীয়া গণেশে চৰ্মৰোগ বিশেষজ্ঞ হোৱাৰ সপোন দেখিছে।বৰইয়াই অভাৱগ্ৰস্ত অঞ্চলত চিকিৎসা সেৱাৰ গভীৰ প্ৰয়োজনীয়তাক স্বীকাৰ কৰি গ্ৰাম্য সম্প্ৰদায়ক সেৱা আগবঢ়োৱাৰ গভীৰ ইচ্ছাক মনত পুহি ৰাখিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু