--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিভ-ইন-ৰিলেশ্যনশ্বিপত থকা প্ৰেমিক-প্ৰেমিকাৰ হত্যাৰ কাহিনী প্ৰায়ে পোহৰলৈ আহি থাকে। এইবাৰ পুনৰ ঘটিল এক অঘটন। লিভ-ইন-ৰিলেশ্যনশ্বিপত থকা এহাল প্ৰেমিক-প্ৰেমিকাৰ চাঞ্চল্যকৰ ঘটনাই সকলোকে আতংকিত কৰি তুলিছে।

প্ৰেমিকৰ বুকুত ছুৰী ভৰাই হত্যা কৰিলে প্ৰেমিকাই। প্ৰেমিকৰ নাম সাৰ্থক দাস(৩০) আৰু প্ৰেমিকাৰ নাম সংগতি পাল(৩২)। ঘটনা কলকাতাৰ। ২০২০ চনত সংগতি পালে প্ৰথম স্বামীক বিবাহ বিচ্ছেদ কৰি সাৰ্থক দাসৰ লগত থাকিবলৈ আৰম্ভ কৰে। প্ৰথম স্বামীৰ ফালৰ পৰা এজন পুত্ৰ সন্তানো আছে সংগতিৰ। ওচৰৰ বাসিন্দাসকলে জনোৱা মতে, প্ৰতিদিনে তেওঁলোকৰ মাজত কাজিয়া হৈছিল। 

উচ্চাকাংক্ষী সংগতিৰ দাবী পূৰণ কৰিবলৈ সাৰ্থকে প্ৰায়ে হাহাকাৰ কৰিছিল। টকা-পইচাকলৈ প্ৰায়ে তেওঁলোকৰ মাজত কাজিয়া হৈছিল। আনকি হত্যাকাণ্ডৰ নিশাও টকা-পইচাক লৈয়ে দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হৈছিল। পেছাত ৱেডিং ফটোগ্ৰাফাৰ আছিল সাৰ্থক দাস।

শেষত মদ্যপান কৰি সংগতি পালে সাৰ্থক দাসৰ বুকুত ছুৰীৰে আঘাত কৰে। অত্যধিক ৰক্তক্ষৰণৰ ফলত সাৰ্থকৰ মৃত্যু হয়। 

মঙলবাৰে সন্ধিয়া সাৰ্থকে ছচিয়েল মিডিয়াত সংগতি আৰু পুত্ৰৰ সৈতে এখন হাঁহিমুখীয়া ছবি পোষ্ট কৰিছিল। ছবিখনৰ কেপশ্যনত লাভ ইম’জী দি লিখিছিল- ‘Family’। কিন্তু কেইঘণ্টামানৰ ভিতৰতে এনে কি পৰিস্থিতিৰ সৃষ্টি হ’ল যে সাৰ্থকক হত্যা কৰিব লগা হ’ল। 


তদন্তকাৰীয়ে তদন্ত কৰি গম পায় যে সংগতি ব্যক্তিগত জীৱনত তীব্ৰ অভিলাষী। বিলাসী হোটেলত ৰাতিৰ আহাৰ, পুত্ৰৰ জন্মদিনৰ পাৰ্টি, চাৰিটা মোবাইলকে ধৰি লাখ লাখ টকাৰ ঘৰুৱা সা-সঁজুলিৰে জীৱন উপভোগ কৰিছিল সংগতিয়ে। যোৱা বছৰ দুয়োজনে কেইবা লাখ টকা ব্যয় সাপেক্ষে এখন ৰেষ্টুৰেণ্টো খুলিছিল। কিন্তু ৰেষ্টুৰেণ্টখন ভালদৰে নচলাত বহুত টকা ধাৰ লাগিছিল। তথাপিও বিলাসী জীৱনৰ ভোগ-বিলাসৰ বাবে সাৰ্থকক প্ৰায়ে টকাৰ বাবে হেঁচা দিছিল সংগতিয়ে। আনকি দামী ব্ৰেণ্ডৰ সুৰাৰ প্ৰতিও আসক্তি আছিল সংগতিৰ। সেয়াও সাৰ্থকে যোগান ধৰিব লগা হৈছিল।

তদন্তকাৰীয়ে জনোৱা মতে, মঙলবাৰে নিশা পুত্ৰৰ টোপনি অহাত সংগতিয়ে সাৰ্থকৰ সৈতে সুৰাপান কৰি আছিল। তেতিয়াই টকাক লৈ দুয়োৰে মাজত কাজিয়া আৰম্ভ হ’ল। সেই সময়ত তেওঁ সাৰ্থকক ছুৰীৰে আক্ৰমণ কৰিছিল। বুকুৰ বাওঁফালে গভীৰ আঘাত লগাত অত্যধিক ৰক্তক্ষৰণৰ বাবেই সাৰ্থকৰ মৃত্যু হয়। 

সাৰ্থকৰ বন্ধুসকলে কয় যে, সাৰ্থকৰ পৰিয়ালৰ দৰে তেওঁলোকেও সাৰ্থকক সম্পৰ্কটোৰ পৰা ওলাই আহিবলৈ পৰামৰ্শ দিছিল। কিন্তু সাৰ্থকে সংগতি আৰু পুত্ৰক পত্নী আৰু নিজ সন্তানৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত লৈছিল। 

আৰক্ষীয়ে ইতিমধ্যে সংগতি পালক গ্ৰেপ্তাৰ কৰিছে। হত্যাকাণ্ডৰ অধিক তদন্ত অব্যাহত ৰাখিছে নাগেৰবজাৰ আৰক্ষীয়ে। তেওঁলোকে বাস কৰা ফ্লেটটো সম্পূৰ্ণৰূপে ছীল কৰি দিছে আৰক্ষীয়ে। সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য অব্যাহত আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু