--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ক’ভিডৰ তৃতীয় ঢৌৱে কঁপাইছে ভাৰত৷ কেউপিনে গ্ৰাস কৰি আহিছে ক’ভিডে৷ ক’ৰনাৰ নতুন প্ৰকাৰ অ’মিক্ৰনক লৈ উদ্বিগ্ন হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা৷ ভাৰতত নতুনকৈ ২৭,০০০ লোক ক’ভিডত আক্ৰান্ত হোৱাৰ খবৰ আহিছে৷ ১৫০০তকৈ অধিক লোক আক্ৰান্ত হৈছে অ’মিক্ৰনত৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৪৬০গৰাকী লোক আক্ৰান্ত হৈছে ক’ভিডত৷ অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগতো দৈনিক ইজনৰ পিছত সিজন লোক আক্ৰান্ত হৈছে ক’ভিডত৷ যাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা পশ্চিম বংগত লকডাউনসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাতো প্ৰায় নিশ্চিত হৈ পৰিছে৷

কিয়নো, আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কঠোৰ নিৰ্দেশনা দি ক’ভিডৰ কঠোৰ বিধি বলবৎ কৰিছে ৰাজ্যখনত৷ সেই অনুযায়ী পশ্চিম বংগত এতিয়াৰে পৰা বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় বন্ধ থাকিব। কেৱল প্ৰশাসনিক কাৰ্যকলাপৰ অনুমতি দিয়া হ'ব আৰু য’ত ৫০% কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব৷ ৰাজহুৱা প্ৰতিষ্ঠানকে ধৰি সকলো চৰকাৰী কাৰ্যালয়ে ৫০% কৰ্মচাৰীৰে কাম কৰিব৷ সকলো মনোৰঞ্জন উদ্যান, চিৰিয়াখানা, পৰ্যটন স্থান বন্ধ থাকিব ৰাজ্যখনত৷ শ্বপিং মল আৰু বজাৰ কমপ্লেক্সবোৰে লোকসকলৰ সীমিত প্ৰৱেশৰ সৈতে এক সময়ত আৰু নিশা 10 বজালৈকে ক্ষমতাৰ ৫০% অতিক্ৰম নকৰি কাম কৰিব লাগিব৷ আৰু এনে বহু নিৰ্দেশনাৰে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে আজি ক’ভিড সম্পৰ্কত কঠোৰ স্থিতি গ্ৰহণ কৰিছে৷ ইতিমধ্যে, দিল্লীতো ক’ভিডক লৈ সতৰ্কতা জাৰি কৰিছে কেজৰিৱাল চৰকাৰে৷ হাৰিয়ানা, মহাৰাষ্ট্ৰ, পঞ্জাব আদি ৰাজ্যতো ক’ভিডক লৈ কঠোৰ বিধি প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰসমূহে৷


ক’ভিডক লৈ ভাৰতৰ ৰাজ্যবোৰ সক্ৰিয় হৈ উঠাৰ সময়তে অসমত দেখা গৈছে এক বিপৰীত ছবি৷ অসমত ২৫ ডিচেম্বৰত ক'ভিডক লৈ নিৰ্দেশনা জাৰি কৰিছিল যদিও আশ্চৰ্যজনকভাৱে ৰেহাই দিয়া হৈছিল ৩১ ডিচেম্বৰৰ দিনটোক৷ আকৌ, বৰদিনৰ পৰা অসমত বিভিন্ন শ্বপিং মল, ৰেষ্টোৰা আদিত অভূতপূৰ্ব সমাগম পৰিলক্ষিত হৈছে৷ বৰদিনৰ নিশা গুৱাহাটীৰ চিটী চেণ্টাৰৰ দৰে বিলাসী শ্বপিং মলত হাজাৰ হাজাৰ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছিল৷ অথচ, সকলো দেখি শুনিও নীৰৱে আছে চৰকাৰ-প্ৰশাসন৷ ইপিনে, ৰাজ্যত অদ্যপি অব্যাহত আছে বনভোজ৷ আজিও ৰাজ্যৰ ভিন্ন প্ৰান্তত বনভোজস্থলীসমূহত ভিৰ পৰিলক্ষিত হৈছে৷

কিন্তু, অসমত চৰকাৰে ক’ভিডক লৈ কঠোৰ হোৱা দেখা যোৱা নাই৷ যিসময়ত পশ্চিম বংগত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দূৰদৰ্শিতাৰ পৰিচয় দিছে৷ সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী নামি পৰিছে চমক আৰু প্ৰচাৰৰ দৌৰত৷ ৩১ ডিচেম্বৰৰ নিশা সুৰাপায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাবলগীয়া অভিযানত মুখ্যমন্ত্ৰীয়ে উপস্থিত হৈ একপ্ৰকাৰ চমক দিবলৈ চেষ্টা কৰিছিল৷ মুখ্যমন্ত্ৰীৰ সেই তদাৰকৰ ইতিমধ্যে বহুলাংশে প্ৰচাৰ হৈছে৷ সেইখিনিলৈ ঠিকেই আছে৷ কিন্তু, ক'ভিড সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক ন্যূনতম আহ্বান এটিও জনোৱা পৰিলক্ষিত হোৱা নাই৷ কোনেও ক'তো ক'ভিড বিধি নামানি জনজীৱনলৈ বিপদ কঢ়িয়াই আনিছে৷ একেসময়তে চৰকাৰৰ গা এৰা দিয়া মনোভাৱে বিপদ অধিক ঘনীভূত কৰি তুলিছে৷


এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে, কিয় বাৰে বাৰে চৰকাৰখনে ৰাইজক বিপদৰ মাজলৈ ঠেলি দিয়ে? আকৌ লকডাউন হ'লে লোকচানো ৰাইজৰেই৷ গতিকে, লকডাউন নহ'বলৈ যাৱতীয়া আগতীয়া প্ৰস্তুতি চৰকাৰখনে কিয় চলোৱা নাই, তাক লৈ উঠিছে প্ৰশ্ন৷ সামাজিক মাধ্যম আৰু সচেতন মহলে, অসম চৰকাৰে ক’ভিডক লৈ বিভিন্ন পুঁজিপতি ব্যৱসায়ীৰ সৈতে দৰ-দাম চলোৱাৰ অভিযোগ তুলিছিল ৰাজ্যৰ দল-সংগঠনে৷ ক'ভিডগৃহ নিৰ্মাণৰ নামত, চেনিটাইজাৰৰ বিক্ৰীৰ নামত একাংশ কোম্পানীৰ সৈতে বিভিন্ন আমোলা-বিষয়াৰ বিভিন্ন অংক চলা বুলি চৰ্চা চলিছে৷ আৰু যদি এয়াই হ'বলৈ হয়, তেন্তে ই ৰাজ্যবাসীৰ বাবে ভয়ংকৰ বিপদৰ আগজাননী৷ গতিকে, সময় থাকোতেই ৰাইজে নিজে নিজে ক'ভিডক লৈ সাৱধান হোৱা যুগুত বুলি অভিহিত কৰিছে ৰাজ্যৰ সচেতন মহলে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন