--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ক’ভিডৰ তৃতীয় ঢৌৱে কঁপাইছে ভাৰত৷ কেউপিনে গ্ৰাস কৰি আহিছে ক’ভিডে৷ ক’ৰনাৰ নতুন প্ৰকাৰ অ’মিক্ৰনক লৈ উদ্বিগ্ন হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা৷ ভাৰতত নতুনকৈ ২৭,০০০ লোক ক’ভিডত আক্ৰান্ত হোৱাৰ খবৰ আহিছে৷ ১৫০০তকৈ অধিক লোক আক্ৰান্ত হৈছে অ’মিক্ৰনত৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ৪৬০গৰাকী লোক আক্ৰান্ত হৈছে ক’ভিডত৷ অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগতো দৈনিক ইজনৰ পিছত সিজন লোক আক্ৰান্ত হৈছে ক’ভিডত৷ যাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা পশ্চিম বংগত লকডাউনসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাতো প্ৰায় নিশ্চিত হৈ পৰিছে৷

কিয়নো, আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কঠোৰ নিৰ্দেশনা দি ক’ভিডৰ কঠোৰ বিধি বলবৎ কৰিছে ৰাজ্যখনত৷ সেই অনুযায়ী পশ্চিম বংগত এতিয়াৰে পৰা বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় বন্ধ থাকিব। কেৱল প্ৰশাসনিক কাৰ্যকলাপৰ অনুমতি দিয়া হ'ব আৰু য’ত ৫০% কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব৷ ৰাজহুৱা প্ৰতিষ্ঠানকে ধৰি সকলো চৰকাৰী কাৰ্যালয়ে ৫০% কৰ্মচাৰীৰে কাম কৰিব৷ সকলো মনোৰঞ্জন উদ্যান, চিৰিয়াখানা, পৰ্যটন স্থান বন্ধ থাকিব ৰাজ্যখনত৷ শ্বপিং মল আৰু বজাৰ কমপ্লেক্সবোৰে লোকসকলৰ সীমিত প্ৰৱেশৰ সৈতে এক সময়ত আৰু নিশা 10 বজালৈকে ক্ষমতাৰ ৫০% অতিক্ৰম নকৰি কাম কৰিব লাগিব৷ আৰু এনে বহু নিৰ্দেশনাৰে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে আজি ক’ভিড সম্পৰ্কত কঠোৰ স্থিতি গ্ৰহণ কৰিছে৷ ইতিমধ্যে, দিল্লীতো ক’ভিডক লৈ সতৰ্কতা জাৰি কৰিছে কেজৰিৱাল চৰকাৰে৷ হাৰিয়ানা, মহাৰাষ্ট্ৰ, পঞ্জাব আদি ৰাজ্যতো ক’ভিডক লৈ কঠোৰ বিধি প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰসমূহে৷


ক’ভিডক লৈ ভাৰতৰ ৰাজ্যবোৰ সক্ৰিয় হৈ উঠাৰ সময়তে অসমত দেখা গৈছে এক বিপৰীত ছবি৷ অসমত ২৫ ডিচেম্বৰত ক'ভিডক লৈ নিৰ্দেশনা জাৰি কৰিছিল যদিও আশ্চৰ্যজনকভাৱে ৰেহাই দিয়া হৈছিল ৩১ ডিচেম্বৰৰ দিনটোক৷ আকৌ, বৰদিনৰ পৰা অসমত বিভিন্ন শ্বপিং মল, ৰেষ্টোৰা আদিত অভূতপূৰ্ব সমাগম পৰিলক্ষিত হৈছে৷ বৰদিনৰ নিশা গুৱাহাটীৰ চিটী চেণ্টাৰৰ দৰে বিলাসী শ্বপিং মলত হাজাৰ হাজাৰ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছিল৷ অথচ, সকলো দেখি শুনিও নীৰৱে আছে চৰকাৰ-প্ৰশাসন৷ ইপিনে, ৰাজ্যত অদ্যপি অব্যাহত আছে বনভোজ৷ আজিও ৰাজ্যৰ ভিন্ন প্ৰান্তত বনভোজস্থলীসমূহত ভিৰ পৰিলক্ষিত হৈছে৷

কিন্তু, অসমত চৰকাৰে ক’ভিডক লৈ কঠোৰ হোৱা দেখা যোৱা নাই৷ যিসময়ত পশ্চিম বংগত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে দূৰদৰ্শিতাৰ পৰিচয় দিছে৷ সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী নামি পৰিছে চমক আৰু প্ৰচাৰৰ দৌৰত৷ ৩১ ডিচেম্বৰৰ নিশা সুৰাপায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাবলগীয়া অভিযানত মুখ্যমন্ত্ৰীয়ে উপস্থিত হৈ একপ্ৰকাৰ চমক দিবলৈ চেষ্টা কৰিছিল৷ মুখ্যমন্ত্ৰীৰ সেই তদাৰকৰ ইতিমধ্যে বহুলাংশে প্ৰচাৰ হৈছে৷ সেইখিনিলৈ ঠিকেই আছে৷ কিন্তু, ক'ভিড সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক ন্যূনতম আহ্বান এটিও জনোৱা পৰিলক্ষিত হোৱা নাই৷ কোনেও ক'তো ক'ভিড বিধি নামানি জনজীৱনলৈ বিপদ কঢ়িয়াই আনিছে৷ একেসময়তে চৰকাৰৰ গা এৰা দিয়া মনোভাৱে বিপদ অধিক ঘনীভূত কৰি তুলিছে৷


এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে, কিয় বাৰে বাৰে চৰকাৰখনে ৰাইজক বিপদৰ মাজলৈ ঠেলি দিয়ে? আকৌ লকডাউন হ'লে লোকচানো ৰাইজৰেই৷ গতিকে, লকডাউন নহ'বলৈ যাৱতীয়া আগতীয়া প্ৰস্তুতি চৰকাৰখনে কিয় চলোৱা নাই, তাক লৈ উঠিছে প্ৰশ্ন৷ সামাজিক মাধ্যম আৰু সচেতন মহলে, অসম চৰকাৰে ক’ভিডক লৈ বিভিন্ন পুঁজিপতি ব্যৱসায়ীৰ সৈতে দৰ-দাম চলোৱাৰ অভিযোগ তুলিছিল ৰাজ্যৰ দল-সংগঠনে৷ ক'ভিডগৃহ নিৰ্মাণৰ নামত, চেনিটাইজাৰৰ বিক্ৰীৰ নামত একাংশ কোম্পানীৰ সৈতে বিভিন্ন আমোলা-বিষয়াৰ বিভিন্ন অংক চলা বুলি চৰ্চা চলিছে৷ আৰু যদি এয়াই হ'বলৈ হয়, তেন্তে ই ৰাজ্যবাসীৰ বাবে ভয়ংকৰ বিপদৰ আগজাননী৷ গতিকে, সময় থাকোতেই ৰাইজে নিজে নিজে ক'ভিডক লৈ সাৱধান হোৱা যুগুত বুলি অভিহিত কৰিছে ৰাজ্যৰ সচেতন মহলে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক