--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘আফস্পা’ক লৈ সমগ্ৰ উত্তৰ পূবতে অব্যাহত আছে প্ৰতিবাদ প্ৰতিক্ৰিয়া। বিশেষকৈ নগালেণ্ডত আফস্পাবিৰোধী প্ৰতিবাদে ব্যপক ৰূপ লোৱা দেখা গৈছে। ৪ ডিচেম্বৰত ৰাজ্যখনৰ মন জিলাৰ অটিঙত সেনাৰ অভিযানৰ ভুলৰ বাবে ১৪জনকৈ নিৰীহ লোক নিহত হোৱাৰ পাছতে ৰাজ্যখনত সেনাবিৰোধী আৰু অতি কঠোৰ আৰু দমনমূলক ‘সামৰিক বাহিনী বিশেষ ক্ষমতা আইন’ প্ৰত্যাহাৰৰ বাবে প্ৰৱল প্ৰতিবাদ আৰম্ভ হয়।

কাৰ্যতঃ সেনাৰ বিৰুদ্ধে সাধাৰণ জনতাৰ ক্ৰোধ আৰু বিক্ষুব্ধতাক তুলি ধৰে নেইফিউ ৰিঅ’ নেতৃত্বৰ চৰকাৰ আৰু ৰাজ্যখনৰ বিধানসভাই। ৰিঅ’ই এই আইন প্ৰত্যাহাৰৰ পক্ষত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সমান্তৰালভাৱে ৰাজ্যখনৰ বিধানসভাতো এই আইনৰ বিৰুদ্ধে সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আনকি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাকে ধৰি উত্তৰ পূবৰ আন আন নেতায়ো এই আইনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল। মণিপুৰ, মিজোৰামৰ মুখ্যমন্ত্ৰীয়েও এই আইনৰ প্ৰতিবাদ কৰিছিল। সেই সময়তে কিন্তু অসমৰ ভূমিকা আছিল সম্পূৰ্ণ বিপৰীত। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত শেষজন উগ্ৰপন্থী থকালৈকে অসমত আফস্পা থাকিব বুলি মন্তব্য কৰিছিল। কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠা উত্তৰ পূবৰ আন মুখ্যমন্ত্ৰীসকলৰ তুলনাত অসমৰ ভূমিকা হৈ পৰিছিল অতি নিষ্প্ৰভ। কিন্তু পৰিৱেশ-পৰিস্থিতি সলনি হোৱাৰ লগে লগে এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ সুৰ সলনি হোৱা দেখা গৈছে।

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে, অহা ৪৫ দিনৰ ভিতৰত অসমে ‘আফস্পা’ সম্পৰ্কত সুখবৰ লাভ কৰিব। এইকথা নিশ্চিত যে, সুখবৰ আহিলে কেৱল অসমৰ কাৰণে নাহে। সমগ্ৰ উত্তৰ পূবৰ কাৰণেই আহিব আৰু এই সুখবৰ অনাৰ কৃতিত্ব নেইফিউ ৰিঅ’ৰহে। নেইফিউ ৰিঅ’ৰ এই আইনবিৰোধী দৃঢ় স্থিতি আৰু নগালেণ্ড বিধানসভাৰ সৰ্বসন্মত প্ৰস্তাৱ তথা দল-সংগঠনৰ প্ৰৱল প্ৰতিবাদৰ পাছতহে ‘আফস্পা’ সম্পৰ্কত নতুনকৈ চিন্তা কৰিবলৈ বাধ্য হৈ পৰিছিল কেন্দ্ৰীয় চৰকাৰ। গঠন কৰা হৈছিল এই সম্পৰ্কীয় পৰ্যালোচনা কমিটী। এই কমিটীক ৪৫দিনৰ ভিতৰত আফস্পা প্ৰত্যাহাৰ সম্পৰ্কীয় প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে নগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ বৈঠকৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই বৈঠকত অৱশ্যে অসমৰ মুখ্যমন্ত্ৰীও উপস্থিত আছিল।

উত্তৰ পূবত ‘আফস্পা’ৰ বিৰুদ্ধে এক জনমত গঢ়ি উঠাৰ সম্ভাৱনা প্ৰকট হৈ পৰাৰ লগে লগে কেন্দ্ৰই এখন সমিতি গঠন কৰি আফস্পা প্ৰত্যাহাৰ সম্পৰ্কীয় বিষয়টো বিবেচনা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। কিন্তু তাৰ মাজতে কেন্দ্ৰই পুনৰ ছমাহৰ বাবে নগালেণ্ডত আফস্পাৰ ম্যাদ বৃদ্ধি কৰে। এই সিদ্ধান্ত সম্পৰ্কতো এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যখনত। কেন্দ্ৰই সামৰিক বাহিনী বিশেষ ক্ষমতা আইনৰ ম্যাদ বৃদ্ধি কৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠনসমূহ। ইয়াৰ বিৰোধিতাৰে ১০জানুৱাৰীত বিশাল গণ প্ৰতিবাদী মিছিলৰ আহ্বান জনাইছে দল সংগঠনে। ডিমাপুৰৰ পৰা ৰাজধানী ক’হিমালৈ এই প্ৰতিবাদী মিছিল উলিয়াব বুলি কোৱা হৈছে। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যপালৰ জৰিয়তে প্ৰধানমন্ত্ৰী লৈ স্মাৰকপত্ৰ প্ৰদান কৰিব প্ৰতিবাদকাৰীসকলে। বিভিন্ন দল-সংগঠনৰ এই আহ্বানক নগা জনতাই সমৰ্থন জনাইছে আৰু ৰাষ্ট্ৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদৰ বাবে এতিয়া সাজু হৈছে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই সুখবৰ আহিব বুলি কোৱা কথাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। কিন্তু এই সুখবৰৰ কৃতিত্ব পিছে দাবী কৰিব পাৰে নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ আৰু নগালেণ্ডৰ প্ৰতিবদী জনগণেহে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ