--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আনন্দত উতলা হৈ পৰিছে অনুষ্কা। এফালে স্বামী বিৰাটৰ দুৰ্দান্ত পাৰফৰমেঞ্চ, আনফালে উৎসৱৰ বতৰ। আনন্দ উতলা হৈ কলিকতাত আয়োজন কৰিলে দিৱালীৰ পাৰ্টি।

সোমবাৰে মাজৰাতি কলিকতাৰ এখনি পঞ্চতাৰকা হোটেলত বলিউডৰ অভিনেত্ৰীগৰাকীয়ে জোৰদাৰ দিৱালী পাৰ্টিৰ আয়োজন কৰে। সেউজ ৰঙৰ মনোমোহা শাড়ি পৰিধান কৰি পৰম্পৰা অনুযায়ী অতিথিক আপ্যায়ন কৰে অভিনেত্ৰীগৰাকীয়ে।

উল্লেখ্য যে সম্প্ৰতি অনুষ্কা কলিকতাত আছে। ভাৰতীয় মহিলা ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ বায়’পিকৰ শ্বুটিং চলি আছে কলিকতাত। সোমবাৰে দিৱালী বাবে শ্বুটিং নাছিল। সেয়ে পাৰ্টিৰ আয়োজন কৰে অনুষ্কাই।




নানা ধৰণৰ সুস্বাদু ব্যঞ্জন-পানীয় ভৰি আছিল পাৰ্টিটোত। কেইবাজনো বেংগলী চেলিব্ৰেটি তাত উপস্থিত আছিল। কিন্তু নাছিল সৌৰভ গাংগুলী।

নিজৰ গৃহ চহৰতে এনেদৰে উপেক্ষিত হ’ল টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ প্ৰাক্তন সভাপতিগৰাকী।আনকি নিমন্ত্ৰিতসকলৰ মাজতো তেওঁৰ নাম নাছিল। 

কিয় গাংগুলীক এইদৰে বাদ দিয়া হ’ল, সেই লৈ এতিয়া বিৰাট চৰ্চা চলিছে। অনুমান কৰামতে, সৌৰভ গাংগুলী বিচিচিআইৰ সভাপতি হৈ থকাৰ সময়ত বিৰাট কোহলীৰ স’তে সংঘাত হোৱা বুলি চৰ্চা চলিছিল। গাংগুলীৰ দিনতে কোহলীয়ে টীম ইণ্ডিয়াৰ অধিনায়কত্ব এৰিব লগা হয়।

গাংগুলী-কোহলীৰ এই সংঘাতৰ ফলশ্ৰুতিতে অনুষ্কাই এনেদৰে তেওঁক উপেক্ষা কৰে বুলি ভবা হৈছে। শেহতীয়াকৈ কোহলী পুনৰ ফৰ্মলৈ ঘূৰি আহিছে, আনহাতে গাংগুলীয়ে বিচিচিআইৰ সভাপতিত্ব এৰিব লগা হৈছে। তেনে পৰিস্থিতিত অনুষ্কাই গাংগুলীক নিমন্ত্ৰণ নকৰাত একো অস্বাভাৱিকতা নাই বুলি ক্ৰিকেটানুৰাগীসকলে ক’ব বিচাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু