--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এক অনন্য প্ৰেম কাহিনী, এজন ১৯ বছৰীয়া যুৱক ইমানেই প্ৰেমত উন্মাদ হৈ পৰিছিল যে তেওঁ ৫৬ বছৰীয়া এগৰাকী বৃদ্ধাৰ লগত এংগেজমেণ্ট কৰিছিল আৰু লগতে অতি সোনকালে বিয়াৰ প্ৰস্তুতি চলাই আছে। সমগ্ৰ বিশ্বৰ মানুহে এই সম্পৰ্কৰ বিষয়ে জানি আচৰিত হৈছে আৰু সকলোৰে বাবে চৰ্চাৰ বিষয় হৈ পৰিছে।

 Love Story Of Thailand
 
মানুহে যেতিয়াই প্ৰেমত পৰে, তেতিয়াই সকলো‌ পাহৰি যায় ‘প্ৰেমে কোনো কাৰণ বিচাৰি নাপায়, প্ৰেমৰ কোনো সীমা নাই, প্ৰেমৰ কোনো দূৰত্ব নাই’। থাইলেণ্ডত তেনে এটা কাহিনীয়ে বৰ্তমান শিৰোনামা দখল‌ কৰিছে।  য’ত এগৰাকী বৃদ্ধাই তেওঁৰ তুলনাত ৩৭ বছৰ সৰু ল’ৰাৰ প্ৰেমত পৰে। ১৯ বছৰীয়া ল’ৰাজনে ইমানেই উন্মাদ হৈ পৰিছিল যে তেওঁ ৫৬ বছৰীয়া এগৰাকী বৃদ্ধাৰ লগত এংগেজমেণ্ট কৰিছিল আৰু শীঘ্ৰেই বিয়াৰ বাবেও প্ৰস্তুতি চলাইছে।  কেৱল এয়াই নহয়, লাভ কৰা তথ্য অনুসৰি দুয়োৰে মাজৰ সম্পৰ্ক প্ৰায় ৯ বছৰ ধৰি চলি আছে।

৩৭ বছৰৰ বয়সৰ পাৰ্থক্য থকাৰ পাছতো থাইলেণ্ডৰ যুৱকজন আৰু এগৰাকী বৃদ্ধা মহিলাৰ এংগেজমেণ্ট হৈছিল, যিয়ে আন্তঃৰাষ্ট্ৰীয় বাতৰিৰ শিৰোনাম দখল কৰিছে। ১৯ বছৰীয়া ৱুথিচাই চন্তৰাজে ১০ বছৰ বয়সত তেওঁৰ ৫৬ বছৰীয়া জানলা নামুৱাংৰাকৰ হবু বন্ধুক চিনাকি হৈছিল। তথ্য অনুসৰি ৱুথিচাই উত্তৰ-পূব থাইলেণ্ডৰ ছাখোন নাখোন প্ৰদেশৰ জানলাৰ চুবুৰীয়া আছিল। জানলা নামুৱাংৰাকে নিজৰ ঘৰ চাফা কৰাৰ কামত চন্তৰাজাৰ সহায় বিচাৰিলে, আৰু কাম কৰাৰ প্ৰক্ৰিয়াত দুয়োৰে বন্ধুত্ব হ’ল। পখছত দম্পতীহালৰ মাজত প্ৰেমৰ সম্পৰ্ক স্থাপন হয় । আৰু এতিয়া বয়সৰ পাৰ্থক্য ৩৭ বছৰৰ পাছতো দুবছৰ ধৰি দুয়ো একেলগে আছে।

ৱুটিচাই কয় যে জীৱনত প্ৰথমবাৰৰ বাবে অনুভৱ কৰিছিলো যে কোনোবাই মোৰ লগত আৰামত থাকিবলৈ লৈছে। ৱুটিচাইক সকলোৱে মৰমেৰে টুং নামেৰে মাতে।  ইফালে, দম্পতীহালে নিজৰ বয়সৰ পাৰ্থক্যক লৈ চিন্তিত নহয় আৰু ৰাজহুৱা স্থানত আৰু সাক্ষাৎকাৰৰ সময়ত মৰম দেখুৱাবলৈও লাজ নকৰে। 
বৃদ্ধা মহিলাৰ বিবাহ বিচ্ছেদ আৰু তিনিটা সন্তান আছে

জানলাৰ এগৰাকী বিবাহ বিচ্ছেদ হোৱা মহিলা আৰু তেওঁৰ তিনিটা সন্তান আছে, বয়স ২০ৰ পৰা ৩০ বছৰৰ ভিতৰত। জালনাই ক’লে যে ৱুথিচাইয়ে তেওঁক সৰু অনুভৱ কৰায়। জালনাই আৰু ক’লে, ‘ৱুথিচাই মোৰ বাবে ছুপাৰহিৰোৰ দৰে। তেওঁ মোক প্ৰতিদিনে সহায় কৰিছিল। শেহতীয়া তথ্য অনুসৰি শীঘ্ৰেই বিয়াৰ পৰিকল্পনা কৰিছে দুয়োয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক