--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৫০ বছৰ বয়সত মহিলাসকলে সন্মুখীন হোৱা অন্যতম চিন্তা হৈছে ৰজোনিবৃত্তি। ইয়াৰ বাবে বহুতে ডিপ্ৰেছনত ভুগিবলগীয়া হয়। কিন্তু এইটোও সঁচা যে ৰজোনিবৃত্তি হৈছে এক অতি স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া। কিন্তু ঋতুস্ৰাৱৰ সময়ত হোৱা সমস্যাবোৰৰ বহুখিনি নিৰ্ভৰ কৰে তেওঁৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ ওপৰত। ৰজোনিবৃত্তিৰ লক্ষণসমূহৰ বিষয়ে কম-বেছি পৰিমাণে সকলোৱে জানে। কিন্তু সকলোৰে লক্ষণ একে নহয়। এই বয়সত লক্ষণবোৰ দেখা দিয়াৰ আগতেই দৈনন্দিন কাম-কাজত কিছু পৰিৱৰ্তন কৰি জীৱনৰ পাছৰ সময়ছোৱাত ৰজোনিবৃত্তিৰ সময়ত হোৱাৰ সমস্যা পৰা হাত সাৰিব পাৰি।

 ঋতুস্ৰাৱৰ পাছৰ সমস্যা সমাধানৰ বাবে আপুনি আপোনাৰ দৈনন্দিন কাম-কাজত কি কি পৰিৱৰ্তন কৰিব লাগে জানো আহক-

১. ব্যায়াম কৰা-

ব্যস্ততাৰ মাজতো দৈনিকভাৱে ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তোলক। জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়ছোৱাত মানসিক পৰিৱৰ্তনৰ লগতে শাৰীৰিক পৰিৱৰ্তনো ঘটে। হাড় ক্ষয় হোৱাটো আটাইতকৈ ডাঙৰ পৰিৱৰ্তন। গতিকে কেলছিয়াম আৰু ভিটামিন-‘ডি’ সেৱনৰ উপৰি ব্যায়ামৰ অভ্যাস বজাই ৰখাটো অত্যন্ত জৰুৰী।

২. ধূমপান ত্যাগ কৰক-

ধূমপান কৰাৰ অভ্যাস থাকিলে লগে লগে ত্যাগ কৰিব লাগে। চিগাৰেটত থকা নিকোটিনে ঋতুস্ৰাৱৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। ইয়াৰ উপৰি ধূমপানে টোপনিও হ্ৰাস কৰে। এই সময়ত পৰ্যাপ্ত টোপনি নাপালেও অলসতা আহিব পাৰে।

৩. কেফেইনযুক্ত পানীয় সেৱন নকৰিব-

হঠাতে বুকু জ্বলা-পোৰা হয় নেকি? যদি আছে তেন্তে কফি খোৱাৰ অভ্যাস ৰোধ কৰিব লাগে। কাৰণ কফিত থকা কেফেইনে ‘হট ফ্লাছ’ৰ প্ৰৱণতা বৃদ্ধি কৰে।

৪. মদ্যপান ত্যাগ কৰক-

চিকিৎসকে প্ৰায়ে কয় যে মধ্যমীয়াকৈ মদ্যপান কৰিলে শৰীৰৰ বাবে উপকাৰী। কিন্তু স্বাভাৱিক সময়ত ই ঠিকেই থাকিলেও ঋতুস্ৰাৱৰ সময়ত মদ্যপান কৰাটো অনুচিত। কিন্তু সম্পূৰ্ণ বন্ধ কৰিব নোৱাৰিলেও সপ্তাহত এদিন মধ্যমীয়া পৰিমাণৰ ৱাইন ল’ব পাৰে।

৫. ইষ্ট্ৰজেনযুক্ত ক্ৰীম ব্যৱহাৰ কৰক-

এই সময়ছোৱাত শৰীৰত ইষ্ট্ৰজেনৰ মাত্ৰা কমি যোৱাৰ লগে লগে যৌনাংগবোৰ অতিৰিক্ত সংবেদনশীল হৈ পৰে। এই সময়ছোৱাত চিকিৎসকে যৌনাংগৰ অংশত ইষ্ট্ৰজেনযুক্ত ক্ৰীম ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। কাৰণ এনে ক্ৰীমৰ হৰম’নযুক্ত ঔষধ বা হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী কৰিলে কোনো পাৰ্শ্ব-প্ৰতিক্ৰিয়া নাথাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু