--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৫০ বছৰ বয়সত মহিলাসকলে সন্মুখীন হোৱা অন্যতম চিন্তা হৈছে ৰজোনিবৃত্তি। ইয়াৰ বাবে বহুতে ডিপ্ৰেছনত ভুগিবলগীয়া হয়। কিন্তু এইটোও সঁচা যে ৰজোনিবৃত্তি হৈছে এক অতি স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া। কিন্তু ঋতুস্ৰাৱৰ সময়ত হোৱা সমস্যাবোৰৰ বহুখিনি নিৰ্ভৰ কৰে তেওঁৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ ওপৰত। ৰজোনিবৃত্তিৰ লক্ষণসমূহৰ বিষয়ে কম-বেছি পৰিমাণে সকলোৱে জানে। কিন্তু সকলোৰে লক্ষণ একে নহয়। এই বয়সত লক্ষণবোৰ দেখা দিয়াৰ আগতেই দৈনন্দিন কাম-কাজত কিছু পৰিৱৰ্তন কৰি জীৱনৰ পাছৰ সময়ছোৱাত ৰজোনিবৃত্তিৰ সময়ত হোৱাৰ সমস্যা পৰা হাত সাৰিব পাৰি।

 ঋতুস্ৰাৱৰ পাছৰ সমস্যা সমাধানৰ বাবে আপুনি আপোনাৰ দৈনন্দিন কাম-কাজত কি কি পৰিৱৰ্তন কৰিব লাগে জানো আহক-

১. ব্যায়াম কৰা-

ব্যস্ততাৰ মাজতো দৈনিকভাৱে ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তোলক। জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়ছোৱাত মানসিক পৰিৱৰ্তনৰ লগতে শাৰীৰিক পৰিৱৰ্তনো ঘটে। হাড় ক্ষয় হোৱাটো আটাইতকৈ ডাঙৰ পৰিৱৰ্তন। গতিকে কেলছিয়াম আৰু ভিটামিন-‘ডি’ সেৱনৰ উপৰি ব্যায়ামৰ অভ্যাস বজাই ৰখাটো অত্যন্ত জৰুৰী।

২. ধূমপান ত্যাগ কৰক-

ধূমপান কৰাৰ অভ্যাস থাকিলে লগে লগে ত্যাগ কৰিব লাগে। চিগাৰেটত থকা নিকোটিনে ঋতুস্ৰাৱৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। ইয়াৰ উপৰি ধূমপানে টোপনিও হ্ৰাস কৰে। এই সময়ত পৰ্যাপ্ত টোপনি নাপালেও অলসতা আহিব পাৰে।

৩. কেফেইনযুক্ত পানীয় সেৱন নকৰিব-

হঠাতে বুকু জ্বলা-পোৰা হয় নেকি? যদি আছে তেন্তে কফি খোৱাৰ অভ্যাস ৰোধ কৰিব লাগে। কাৰণ কফিত থকা কেফেইনে ‘হট ফ্লাছ’ৰ প্ৰৱণতা বৃদ্ধি কৰে।

৪. মদ্যপান ত্যাগ কৰক-

চিকিৎসকে প্ৰায়ে কয় যে মধ্যমীয়াকৈ মদ্যপান কৰিলে শৰীৰৰ বাবে উপকাৰী। কিন্তু স্বাভাৱিক সময়ত ই ঠিকেই থাকিলেও ঋতুস্ৰাৱৰ সময়ত মদ্যপান কৰাটো অনুচিত। কিন্তু সম্পূৰ্ণ বন্ধ কৰিব নোৱাৰিলেও সপ্তাহত এদিন মধ্যমীয়া পৰিমাণৰ ৱাইন ল’ব পাৰে।

৫. ইষ্ট্ৰজেনযুক্ত ক্ৰীম ব্যৱহাৰ কৰক-

এই সময়ছোৱাত শৰীৰত ইষ্ট্ৰজেনৰ মাত্ৰা কমি যোৱাৰ লগে লগে যৌনাংগবোৰ অতিৰিক্ত সংবেদনশীল হৈ পৰে। এই সময়ছোৱাত চিকিৎসকে যৌনাংগৰ অংশত ইষ্ট্ৰজেনযুক্ত ক্ৰীম ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। কাৰণ এনে ক্ৰীমৰ হৰম’নযুক্ত ঔষধ বা হৰম’ন ৰিপ্লেচমেণ্ট থেৰাপী কৰিলে কোনো পাৰ্শ্ব-প্ৰতিক্ৰিয়া নাথাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক