--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খাৰখোৱা অসমীয়া। অসমীয়া বুলি ক'লেই খাৰখোৱা শব্দটো প্ৰযোজ্য হয়। অসমীয়া জাতিক পূৰ্বৰেপৰা ‘খাৰখোৱা’ অসমীয়াৰ আখ্যা দি অহা হৈছে। অতীজৰেপৰা অসমীয়া জনজীৱনৰ সৈতে খাৰৰ আছে নিবিড় মধুৰ সম্পৰ্ক।তাহানিৰ দিনত পাকঘৰৰ আঞ্জা-পাতিৰ পৰা আৰম্ভ কৰি,গা-মূৰ ধোৱা,ঔষধ-পাতি বনোৱা,কাপোৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰা আদি সকলোবোৰ ক্ষেত্ৰত ই এক ভাবিব নোৱাৰা ধৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছিল। অসমৰ থলুৱা খাদ্যত খাৰৰ আছে বিশেষ স্থান।

অতীজত অসমীয়াসকলে নিমখৰ সলনি আঞ্জাত খাৰ দি খাইছিল৷ খাৰ মাছৰ আঞ্জা, অমিতা খাৰৰ আঞ্জাৰ সোৱাদ অতি লোভনীয়। মাটি দাইলতো খাৰ দি অসমীয়াই খায়।জালি কোমোৰাৰ ভাজি,তিয়ঁহৰ ভাজি,মাটি মাহৰ দাইল,কল পচলাৰ খাৰ আদি বিভিন্ন ব্যঞ্জন জুতি লগাই ৰান্ধি ঘৰৰ গৃহস্থী বা আলহী-অতিথিক খুওৱাটো অসমীয়া মানুহৰ তাহানিৰ অভ্যাস। খাৰ অতি সুস্বাদু, স্বাস্থ্যসন্মত আৰু পুষ্টিকৰ।মাছৰ মূৰ দি ৰন্ধা খাৰৰ ব্যঞ্জন অতি সোৱাদভৰা। কলগছ বা অমিতা গছৰ পৰা খাৰ প্ৰস্তুত কৰা হয়, বিশেষকৈ ভীমকলৰ বাকলি আৰু গছৰ পৰা প্ৰস্তুত কৰা খাৰ অতি উত্তম। খাৰৰ আছে অনেক উপকাৰিতা।

খাৰৰ উপকাৰিতা

১)কলাখাৰত প'টাছিয়ামৰ পৰিমাণ যথেষ্ট পোৱা যায় যিয়ে উচ্চ-ৰক্তচাপ আৰু ষ্ট্ৰ’ক হোৱাৰ পৰা সুৰক্ষা দিয়ে।

২)ই কিডনিত পাথৰ হোৱা প্ৰতিৰোধ কৰে বা কমায়।

৩)খাৰে হাড়ৰ ঘনত্ব বজাই ৰাখে।

৪)ইয়াৰ ব্যৱহাৰে মাতৃদুগ্ধৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে।

৫)খাৰে পেটৰ অম্ল বা এচিডিটিৰ উপশম ঘটায়৷

৬)খাৰে খাদ্যৰ প্ৰতি ৰুচি বঢ়ায়৷

৭)খাৰে আভোক আতৰায়৷

৮)খাৰ খালে খাদ্য সহজে হজম হয়৷

৯)খাৰে কৌষ্ঠকাঠিন্যৰ ৰোগ নিৰাময় আৰু শৌচ খোলোচা হোৱাত সহায় কৰে৷

১০)খাৰ খালে চৰ্দি,জ্বৰ আদি নিৰাময় হয়।

১১)খাৰেৰে মূৰ ধোলে চুলিৰ কাৰণে ভাল।

১২)খাৰ খোৱা মহিলাৰ প্ৰসৱ সহজে হয়৷

গতিকে খাৰ সময়ে সময়ে খাওক আৰু সুস্বাস্থ্যৱান হৈ থাকক।










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ