--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খাৰখোৱা অসমীয়া। অসমীয়া বুলি ক'লেই খাৰখোৱা শব্দটো প্ৰযোজ্য হয়। অসমীয়া জাতিক পূৰ্বৰেপৰা ‘খাৰখোৱা’ অসমীয়াৰ আখ্যা দি অহা হৈছে। অতীজৰেপৰা অসমীয়া জনজীৱনৰ সৈতে খাৰৰ আছে নিবিড় মধুৰ সম্পৰ্ক।তাহানিৰ দিনত পাকঘৰৰ আঞ্জা-পাতিৰ পৰা আৰম্ভ কৰি,গা-মূৰ ধোৱা,ঔষধ-পাতি বনোৱা,কাপোৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰা আদি সকলোবোৰ ক্ষেত্ৰত ই এক ভাবিব নোৱাৰা ধৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছিল। অসমৰ থলুৱা খাদ্যত খাৰৰ আছে বিশেষ স্থান।

অতীজত অসমীয়াসকলে নিমখৰ সলনি আঞ্জাত খাৰ দি খাইছিল৷ খাৰ মাছৰ আঞ্জা, অমিতা খাৰৰ আঞ্জাৰ সোৱাদ অতি লোভনীয়। মাটি দাইলতো খাৰ দি অসমীয়াই খায়।জালি কোমোৰাৰ ভাজি,তিয়ঁহৰ ভাজি,মাটি মাহৰ দাইল,কল পচলাৰ খাৰ আদি বিভিন্ন ব্যঞ্জন জুতি লগাই ৰান্ধি ঘৰৰ গৃহস্থী বা আলহী-অতিথিক খুওৱাটো অসমীয়া মানুহৰ তাহানিৰ অভ্যাস। খাৰ অতি সুস্বাদু, স্বাস্থ্যসন্মত আৰু পুষ্টিকৰ।মাছৰ মূৰ দি ৰন্ধা খাৰৰ ব্যঞ্জন অতি সোৱাদভৰা। কলগছ বা অমিতা গছৰ পৰা খাৰ প্ৰস্তুত কৰা হয়, বিশেষকৈ ভীমকলৰ বাকলি আৰু গছৰ পৰা প্ৰস্তুত কৰা খাৰ অতি উত্তম। খাৰৰ আছে অনেক উপকাৰিতা।

খাৰৰ উপকাৰিতা

১)কলাখাৰত প'টাছিয়ামৰ পৰিমাণ যথেষ্ট পোৱা যায় যিয়ে উচ্চ-ৰক্তচাপ আৰু ষ্ট্ৰ’ক হোৱাৰ পৰা সুৰক্ষা দিয়ে।

২)ই কিডনিত পাথৰ হোৱা প্ৰতিৰোধ কৰে বা কমায়।

৩)খাৰে হাড়ৰ ঘনত্ব বজাই ৰাখে।

৪)ইয়াৰ ব্যৱহাৰে মাতৃদুগ্ধৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে।

৫)খাৰে পেটৰ অম্ল বা এচিডিটিৰ উপশম ঘটায়৷

৬)খাৰে খাদ্যৰ প্ৰতি ৰুচি বঢ়ায়৷

৭)খাৰে আভোক আতৰায়৷

৮)খাৰ খালে খাদ্য সহজে হজম হয়৷

৯)খাৰে কৌষ্ঠকাঠিন্যৰ ৰোগ নিৰাময় আৰু শৌচ খোলোচা হোৱাত সহায় কৰে৷

১০)খাৰ খালে চৰ্দি,জ্বৰ আদি নিৰাময় হয়।

১১)খাৰেৰে মূৰ ধোলে চুলিৰ কাৰণে ভাল।

১২)খাৰ খোৱা মহিলাৰ প্ৰসৱ সহজে হয়৷

গতিকে খাৰ সময়ে সময়ে খাওক আৰু সুস্বাস্থ্যৱান হৈ থাকক।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু