--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : খেজুৰ এবিধ পুষ্টিকৰ ফল৷ খেজুৰ নামটো শুনাৰ লগে লগেই চকুৰ আগত ভাহি উঠে সুস্বাদূ খেজুৰ গুৰৰ পায়স আৰু ৰসগোল্লা। গৰমৰ দিনত জুতিলগা খেজুৰৰ তাৰি দুগিলাছ খালে শৰীৰৰ ভাগৰ আতৰি মনলৈ শান্তি আহে। শুকান খেজুৰ ডায়েতৰ বাবে উপকাৰী। খেজুৰ বা খাজুৰী এবিধ স্বাস্থ্যৰ পক্ষে উপকাৰী শুকান ফল। খেজুৰ খালে শাৰীৰিক উৎকৰ্ষ সাধনৰ উপৰিও সৌন্দৰ্য বৃদ্ধি হয়। কিন্তু খেজুৰৰ কাইটে বিন্ধিলে মজা বাহিৰ হয়, বৰ বিষায়। আমি খাই ভাল পোৱা খেজুৰত আছে ভিটামিন-এ, ভিটামিন-বি কমপ্লেক্স, ভিটামিন-কে, মেগনেছিয়াম, মেঙ্গানিজ, পেন্টোথেনিক এচিড, কাৰ্বহাইড্ৰেত, কেলছিয়াম, আইৰণ আদি। খেজুৰৰ উপকাৰীতাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল-

১) খেজুৰত গ্লুক'জ, চুক্ৰ'জ আৰু ফ্ৰুক্ট'জ কাৰ্বহাইড্ৰেত থাকে । সেয়েহে খেজুৰ খালে যথেষ্ট পৰিমাণে শক্তি পোৱা যায়। মধুমেহ ৰোগীয়ে কুঁহিয়াৰৰ পৰা উৎপাদিত চুগাৰ কাৰ্বহাইড্ৰেত বা চেনী খোৱাত বাধা থকা বাবে শক্তি আহৰণৰ হেতু খেজুৰ দিনে ২-৩ টা খাব পাৰে।
২)  খেজুৰত কলেষ্টেৰল নাথাকে, নামমাত্ৰ চৰ্বি থাকে কাৰণে খেজুৰ খালে তেজত কলেষ্টেৰল নাবাঢ়ে।
৩)  খেজুৰ খালে কোষ্ঠ কাঠিন্য আতৰ হয়। ৰাতি এগিলাচ গৰম পানীত কেটামান খেজুৰ ডুবাই ৰাখি ৰাতিপুৱা পানীখিনি খালে শৌচ-পেচাব খোলোচা হয়।
৪)  প্ৰতি ১০০ গ্ৰাম শুকান খেজুৰত ০'০৯ গ্ৰাম আইৰণ পোৱা যায়। ১০০ গ্ৰাম খেজুৰ খালে দৈনিক আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় আইৰণৰ ১১% পাব পাৰো। সেয়েহে খেজুৰ খালে ৰক্তহীনতা নাইকিয়া হয়।
৫)  খেজুৰত যথেষ্ট পৰিমাণৰ পোষক দ্ৰব্য থকা বাবে হাড় আৰু মাংস পেশী মজবুত হয়। খেজুৰত থকা কেলছিয়ামে দাঁত আৰু শৰীৰৰ হাড়বোৰ মজবুত কৰে বাবে অষ্টিঅ আৰ্থাইটিচ নামৰ বাতবিষ সহজে নহয়।
৬) খেজুৰত ভিটামিন-এ থাকে, সেয়েহে খেজুৰ খালে কুকুৰীকণা, অন্ধতা আতৰ হোৱাৰ উপৰিও দৃষ্টিশক্তি বৃদ্ধি হয়। Zeaxanthin আৰু Lutein নামৰ পদাৰ্থৰ কাৰণে চকুৰ ৰেটিনা সুস্থ সবল হয়। 
৭)  গৰ্ভৱতী মহিলাই খেজুৰ খো্ৱাটো অত্যাৱশ্যকীয়। খেজুৰত আইৰণ থকা বাবে গৰ্ভৱতীৰ ৰক্তহীনতা নহয়। ভিটামিন-কে থকা বাবে প্ৰসৱৰ সময়ত ৰক্তক্ষৰণ কমকৈ হয় , প্ৰসৱ বেদনা কমকৈ হোৱা বাবে সহজে সন্তান প্ৰসৱ কৰিব পাৰে।
৮) আয়ুৰ্বেদিকৰ চৰক সংহিতাত উল্লেখ আছে যে খেজুৰ আৰু কিচমিচ গৰুৰ ঘিউত ভাজি একেৰাহে কিছুদিন খালে পুৰুষ আৰু মহিলাৰ যৌনক্ষমতা বাঢ়ে আৰু পুৰুষৰ শুক্ৰ বৃদ্ধি হয়। সেয়েহে সন্তান হীনতা সকলৰ বাবে খেজুৰ বিশেষ উপকাৰী।
৯) খেজুৰে শৰীৰৰ ধাতু পোষণ কৰি শক্তি যোগায়। কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰা ব্যক্তিয়ে ৫ টাকৈ আগবেলা আৰু পিছবেলা খেজুৰ খালে অফুৰন্ত শক্তি পায়‌।
১০)  চৰ্দি , কাহ আৰু পানী লগাত খৈজুৰে অমৃতৰূপে কাম কৰে‌ । প্ৰতিদিনে ৪/৫ টা খেজুৰ গৰম গাখীৰৰ সৈতে খালে নতুন আৰু পুৰণি চৰ্দি ,কাহ , পানীলগা আৰু শ্বাস-প্ৰশ্বাস ৰোগ ভাল হয়।
১১)  খেজুৰ খালে শৰীৰ গৰম হৈ থাকে, সেয়েহে ঠাণ্ডাদিনত বৃদ্ধ ব্যক্তি সকলে গাখীৰৰ সৈতে খেজুৰ খালে ৰসায়নৰ দৰে কাম কৰে।
১২)  খেজুৰ এবিধ শ্ৰেষ্ঠ এন্টিঅক্সিডেন্ট হোৱা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় বাবে ৰোগমুক্ত হৈ থাকিব পাৰে। যিকোনো বেমাৰৰ বীজাণুৱে সহজে আক্ৰমণ কৰি ৰুগীয়া কৰিব নোৱাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি