--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খেল চলি থকাৰ সময়তে ফুটবলাৰগৰাকীৰ মৃত্যুৰ বাবে খেলখন বন্ধ হোৱাৰ উদাহৰণ আছে। এইবাৰ এজন সমৰ্থকৰ মৃত্যুৰ বাবে খেলখন বন্ধ কৰি দিয়া হয়। ইংলেণ্ডৰ ষষ্ঠ বিভাগত এনেকুৱা হৈছিল। দুয়োটা ক্লাবে যৌথ বিবৃতি জাৰি কৰি শোক প্ৰকাশ কৰে।

বৃহস্পতিবাৰে ৱেষ্ট ৰাইডিং কাউন্টি কাপত পণ্টেফ্ৰেক্ট কলিয়াৰীয়ে ৱেকফিল্ড এ এফ চিৰ বিৰুদ্ধে খেলিব। খেলখনৰ ৭১ মিনিটত জৰুৰী চিকিৎসাৰ বাবে ৰেফাৰীয়ে খেলখন বন্ধ কৰি দিয়ে। জনা যায় যে এজন সমৰ্থক দৰ্শকৰ মাজত অচেতন হৈ পৰিছে। সেই সময়ত পণ্টেফ্ৰেক্টে ৪-০ গ’লত জয়লাভ কৰিছিল।


পিছত ক্লাব দুটাৰ যৌথ বিবৃতিত তেওঁলোকে দুখ প্ৰকাশ কৰে যে চিকিৎসা জৰুৰীকালীন অৱস্থাৰ বাবে মেচখন মাজভাগত বন্ধ কৰি দিয়া হৈছিল। সমৰ্থক জেকব ব্ৰেগমেনৰ মৃত্যু হৈছে। দুয়োটা ক্লাবৰ বিবৃতিৰ জৰিয়তে শোক প্ৰকাশ কৰা হয়। এই জটিল সময়ত পৰিয়াল দুটাৰ কাষত থিয় দিয়াৰ আশ্বাসো দিয়া হৈছে।

খবৰ আহিছে যে দুয়োটা ক্লাবৰ ফিজিঅ’ আৰু স্বেচ্ছাসেৱকসকলে সমৰ্থকজনক বচাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। শুকুৰবাৰে তাতেই তেওঁৰ মৃত্যু হয়। পত্নী আৰু এগৰাকী কন্যা সন্তান এৰি থৈ গৈছে। আপমাৰ ফুটবল অনুৰাগীয়ে ক্লাব দুটাৰ ছ’চিয়েল মিডিয়া একাউণ্টত শোক প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ