--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এনে বন্ধু থাকিলে শত্ৰুৰনো কি প্ৰয়োজন? নৱজ্যেৎ সিং সিদ্ধুৱে এতিয়া যেন পঞ্জাব কংগ্ৰেছৰ বৰঘৰত বহি শত্ৰুৱে কৰিব নোৱৰা সকলোখিনি কৰিবলৈ আৰম্ভ কৰিছে। দলত ভাঙোন অনাৰ পৰা বিৰোধীক আক্ৰমণৰ বাবে বিষয় নিৰ্বাচন কৰি দিয়ালৈ সকলো কামেই কৰি গৈছে ক্ৰিকেটৰ পথাৰৰ পৰা আহি ৰাজনীতিৰ খেল খেলা সিদ্ধুৱে। পূৰ্বেও পাকিস্তান প্ৰসংগত স্পৰ্শকাতৰ মন্তব্য কৰি শলঠেকত পৰিছিল সিদ্ধু। তাৰ পাছত পঞ্জাৱ কংগ্ৰেছৰ সভাপতিৰ আসনত বহিয়েই দলৰ হিতৰ বাবে কিবা কৰক নকৰক মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ সৈতে তুমুল সংঘাতত লিপ্ত হ’ল আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীৰ আসন আৰু কংগ্ৰেছ ত্যাগ কৰিলে অমৰিন্দৰ সিঙে।

তাৰ পাছতো নৱজ্যোৎ সিদ্ধুৰ ঠেহ-পেচৰ অন্ত নপৰিল। হঠাতে তেওঁ পদত্যাগ কৰাৰ কথা ঘোষণা কৰিলে পঞ্জাৱ কংগ্ৰেছৰ সভাপতি পদৰপৰা। ছ’নিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰি তেওঁ একপ্ৰকাৰ ৰাজনৈতিক ধুমুহাই সৃষ্টি কৰিলে। অমৰিন্দৰ সিঙে ‘স্থিৰতাহীন’ আখ্যা দিয়া সিদ্ধুৰ পদক্ষেপে কংগ্ৰেছৰ অভ্যন্তৰৰ খাম-খেয়ালিক অতি নগ্ন ৰূপত তুলি ধৰিলে। যাৰ সুযোগ ল’বলৈ তৎপৰ হৈ পৰিল বিৰোধী দলসমূহ। ইফালে, অভিজ্ঞ অমৰিন্দৰ সিঙে নিজা দল গঠন কৰি বিজেপিৰে হাত মিলাইছে আৰু সমাগত নিৰ্বাচনত কংগ্ৰেছক শলঠেকত পেলাবলৈ ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে। দেশৰ ৰাজনৈতিক মানচিত্ৰৰ পৰা লাহে লাহে বিলীন হৈ আহিব ধৰা কংগ্ৰেছ দলৰ বাবে পঞ্জাব কিমান গুৰুত্বপূৰ্ণ সেইকথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু এইকথা বুজিবলৈ যেন নাৰাজ নৱজ্যোৎ সিং সিদ্ধু। এইবাৰ সকলো সীমা চেৰাই গৈ সিদ্ধুৱে আক্ৰমণাত্মক বিজেপিকে ধৰি বিৰোধী শিবিৰৰ আগত নিজেই যেন পিঠি পাতি দিছে। এইবাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানক জ্যেষ্ঠ ভাতৃ আখ্যা দিছে সিদ্ধুৱে।

সিদ্ধুৰ এই মন্তব্যৰ পাছতে তীব্ৰ সমালোচনাৰ জোৱাৰ উঠিছে চৌপাশে। বিজেপিয়ে এই সুযোগ গ্ৰহণ কৰি কংগ্ৰেছক শলঠেকত পেলাবলৈ উঠি-পৰি লাগিছে। কাৰ্টাৰপুৰ কৰিড’ৰেৰে পাকিস্তানৰ দৰবাৰ চাহিব গুৰুদ্বাৰ ভ্ৰমণৰ সময়ত তেওঁ কৰা মন্তব্যই এতিয়া পুনৰ ছাই সানিছে কংগ্ৰেছৰ মুখত। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ হৈ তেওঁ স্বাগতম জনোৱা পাক বিষয়াৰ আগত নৱজ্যোৎ সিদ্ধুৱে কয়, ‘তেওঁ (ইমৰাণ খান) মোৰ ভাইৰ দৰে… মোৰ ডাঙৰ ভাই…।’ এই ভিডিঅ’ টুইট কৰি বিজেপি নেতা অমিত মালব্যই কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰিছে। তেওঁ লিথিছে, ‘ৰাহুল গান্ধীৰ প্ৰিয়পাত্ৰ নৱজ্যোৎ সিং সিদ্ধুৱে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানক ‘ডাঙৰ ভাই’ আখ্যা দিছে। ইয়াৰ পূৰ্বে পাকিস্তানৰ সেনাৰ মুৰব্বী জেনেৰেল বাজৱাক আলিংগন কৰিছিল আৰু প্ৰশংসাৰে ওপচাইছিল।

অমৰিন্দৰ সিঙৰ দৰে জ্যেষ্ঠজনক আঁতৰাই গান্ধী পৰিয়ালে পাকিস্তানক ভালপোৱা সিদ্ধুক নিৰ্বাচন কৰাৰ পাছত এয়া স্বাভাৱিকেই আছিল।’ পঞ্জাবৰ দৰে পাক সীমান্তৱৰ্তী ৰাজ্য এখনৰ নিৰ্বাচনত পাকিস্তানৰ দৰে ইছ্যুৱে কি ভূমিকা গ্ৰহণ কৰিব পাৰে সেয়া সিদ্ধুৱে নুবুজিলেও বিজেপিয়ে বুজিছে। সেয়েহে কংগ্ৰেছৰ মুৰব্বীৰ এই দায়িত্বহীন আচৰণৰ অচিলা লৈ তেওঁলোকে ৰাজনৈকিত লাভ উঠাবলৈ তৎপৰ হৈ পৰিছে। পিছে সিদ্ধুৱে নিজৰ এনে স্থিৰতাহীন আচৰণেৰে বাৰে বাৰে দল তথা দলৰ হাইকমাণ্ডৰ মুখত কালিমা সনাটোৱে প্ৰমাণ কৰি দিছে কংগ্ৰেছৰ বাবে সিদ্ধু এতিয়া সম্পদ নহৈ বিপদতহে পৰিণত হৈছে। তেওঁ যেন ভস্মাসুৰৰ ভূমিকাতহে অৱতীৰ্ণ হৈছে কংগ্ৰেছ দলৰ বাবে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?