--°C
Loading...
Listen to Article
2 min read
80%

চণ্ডীগড় : দেশজুৰি কংগ্ৰেছত খহনীয়া অব্যাহত আছে। শেহতীয়াকৈ আন এজন জ্যেষ্ঠ নেতাই কংগ্ৰেছ ত্যাগ কৰিছে। নেতৃত্বকেন্দ্ৰিক সংঘাতৰ বাবে কংগ্ৰেছ ত্যাগ কৰিছে জ্যেষ্ঠ নেতাগৰাকীয়ে। চণ্ডীগড়ৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা মহানগৰ কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী প্ৰদীপ চাব্ৰাই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছ ত্যাগৰ কথা ঘোষণা কৰে। চণ্ডীগড় কংগ্ৰেছৰ সৈতে চলি থকা সংঘাতৰ পাছতে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

কংগ্ৰেছৰ চণ্ডীগড় শাখাই চাব্ৰালৈ দলবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত জাননী জাৰি কৰিছিল। তাৰ পাছতে তেওঁ দলৰ প্ৰাথমিক সদস্যপদ এৰাৰ কথা ঘোষণা কৰে। টুইটযোগে তেওঁৰ এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰি চাব্ৰাই লিখিছে, ‘আজি মই কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰিলোঁ।

এজন ন্যায়নিষ্ঠ লোকে কেতিয়াও আক্ৰোশ আৰু মিছা কথাত সহ্য কৰিব নোৱাৰে। কেতিয়া আঁতৰি আহিব লাগে সেয়া জনাটো হৈছে জ্ঞান, সেই কাম কৰিব পৰাটো হৈছে সাহস আৰু শিৰ উচ্চ কৰি আঁতৰি অহাটো হৈছে সন্মান।’ উল্লেখ্য যে, কংগ্ৰেছ দলে বিগত ফেব্ৰুৱাৰী মাহত তেওঁৰ স্থানত সুভাষ চাওলাক চণ্ডীগড় কংগ্ৰেছৰ সভাপতিৰ আসনত বহুৱাইছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ