--°C
Loading...
Listen to Article
2 min read
80%

পশ্চিমবংগ: 'খেলৰত্ন' বঁটা মমতা বেনাৰ্জীৰ নামত হ'ব লাগে! এইবাৰ জনপ্ৰিয় ইউটিউবাৰ কুনাল কামৰাই সামাজিক মাধ্যমত এই বিভ্ৰান্তিমূলক মন্তব্য কৰিছে। শনিবাৰে 'খেলৰত্ন' বঁটাৰ নাম উল্লেখ নকৰাকৈ কুনালে কয়, 'বিষয়টো মমতা বেনাৰ্জীৰ নামত হ'ব লাগে। কাৰণ তেওঁহে প্ৰকৃত খেলখন খেলিছিল…'।

উল্লেখ্যে যে, শুকুৰবাৰে নৰেন্দ্ৰ মোদী চৰকাৰে ৰাজীৱ গান্ধী 'খেলৰত্ন' বঁটা 'মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা' হিচাপে পুনৰ নামাকৰণ কৰা হ'ব বুলি প্ৰকাশ কৰিছিল। টুইটাৰযোগে দেশৰ প্ৰধানমন্ত্ৰীয়ে সদৰী কৰে যে, 'দেশৰ নাগৰিকসকলে খেলৰত্ন বঁটা ধ্যান চান্দৰ নামত হোৱাটো বিচাৰিছিল। তেওঁলোকৰ আৱেগক সন্মান জনাই, উক্ত বঁটাটো মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা হিচাপে পুনৰ নামাকৰণ কৰা হয়'।


শেহতীয়াকৈ ট'কিঅ' অলিম্পিকত ভাৰতৰ পুৰুষ হকী দলে সুদীৰ্ঘ ৪১বছৰ পাছত ব্ৰঞ্জ জয়ৰ সাফল্যৎসৱৰ সময়তে দেশৰ প্ৰধানমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। একাংশই চৰকাৰৰ এই সিদ্ধান্তক ভ্ৰূকুটি কৰি আছে যদিও দেশৰ নাগৰিকসকলৰ এটা অংশই হকীৰ প্ৰবাদপুৰুষ ধ্যান চান্দৰ নামত পদকটো উৎসৰ্গা কৰাত অত্যন্ত সুখী হৈছে। পূৰ্বৰ দৰে কুনাল কামৰাই এইবাৰো দেশৰ প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি স্বাভাৱিকতে মোদীক সমালোচনা কৰিছে। কুনাল কামৰাৰ এই মন্তব্যৰ পাছতে হৈ-চৈ লাগিছে চৌদিশে। সামাজিক মাধ্যমত তেওঁৰ এই মন্তব্যৰ বিৰুদ্ধে সমালোচনা কৰিছে দেশৰ নাগৰিকে|


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ