--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গ্ৰীষ্মই হওক বা শীতেই হওক প্ৰতিটো ঋতুতে পানী প্ৰচুৰ পৰিমাণে খোৱা উচিত। কাৰণ শৰীৰৰ বিভিন্ন কামত পানীৰ প্ৰয়োজন হয়। পৰ্যাপ্ত পৰিমাণৰ পানী নোখোৱাৰ বাবে বহু ৰোগৰ বলি হ'ব লগা হয়। এই কাৰণেই পুষ্টিকৰ খাদ্য খোৱাৰ লগতে প্ৰচুৰ পৰিমাণে পানী খোৱাটো সুস্থ হৈ থাকিবলৈ অতি প্ৰয়োজনীয়। বহু লোকে প্ৰায়ে ভুল ধৰণে পানী খোৱা দেখা যায়। যদি আপুনি ভুল ধৰণে পানী খায়, তেন্তে আপোনাৰ শৰীৰে ইয়াৰ পৰা যিমান পাৰে সিমান লাভ নাপাব। পানী খোৱাৰ সঠিক উপায় কি, যাৰ পৰা শৰীৰে বহু উপকাৰ লাভ কৰিব পাৰে জানো আহক।

পানী কেনেকৈ খাব?
পানীৰ উপকাৰিতা পাবলৈ প্ৰথমে মুখত পানী এঘোটা খাব লাগে। তাৰ পিছত মুখত ৰাখি কুলকুলি কৰক, তাৰ পাছত এই পানী খাওক। এইদৰে পানী খোৱাৰ ফলত আপোনাৰ মুখৰ ভিতৰত লেলাৱতি গঠন হয় আৰু এই লেলাৱতি পানীৰ লগত মিহলি হয়। যেনেকৈ লেলাৱতি আপোনাক খাদ্য হজম কৰাত সহায় কৰে, ঠিক সেইদৰে ই তৰল বস্তু হজম কৰাতো ফলপ্ৰসূ। কোনো বতৰতে ৰাতিপুৱা কোনেও ঠাণ্ডা পানী খাব নালাগে। দিনটোৰ আৰম্ভণি সদায় কুহুমীয়া পানীৰে কৰক। লগতে ব্যায়াম কৰাৰ লগে লগে পানী খোৱাৰ পৰা সদায় পৰিহাৰ কৰিব লাগে।

পানীৰ উষ্ণতা কিমান হ’ব লাগে?
অত্যধিক গৰম পানী স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক আৰু অত্যধিক ঠাণ্ডা পানীও ক্ষতিকাৰক। যদি আপুনি কুহুমীয়া পানী খাবলৈ একেবাৰেই ভাল নাপায়, তেন্তে মাটিৰ কলহত ৰখা পানী খাওক বা কোঠাৰ উষ্ণতাত ৰখা পানী লওক। ঠাণ্ডা পানী একেবাৰে বেছিকৈ নাখাব। কাৰণ ইয়াৰ ফলত আপোনাৰ বহু লোকচান হ’ব পাৰে।

খাদ্য খোৱাৰ সময়ত কিমান পানী খাব লাগে?
খাদ্য খোৱাৰ এঘণ্টা আগতে বা এঘণ্টা পিছত পানী খাব লাগে। যদিও খাদ্য খোৱাৰ সময়ত পানী খোৱাৰ কোনো গুৰুতৰ পৰিণতি নাথাকে, কিন্তু খাদ্য খোৱাৰ সময়ত অধিক পানী খোৱাটো সদায় পৰিহাৰ কৰা উচিত, কাৰণ ইয়াৰ ফলত এচিডিটিৰ সৃষ্টি হ’ব পাৰে আৰু বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। যদি খাদ্য খোৱাৰ সময়ত পানী খোৱাৰ অভ্যাস আছে, যিটো এৰিব নোৱাৰি, তেন্তে আপুনি মাত্ৰ এটা কাম কৰিব লাগে আৰু সেয়া হ’ল পানীৰ গিলাচটো এবাৰতে শেষ কৰাৰ পৰিৱৰ্তে অলপ অলপকৈ পানী খাব লাগে।

পানীৰ কি পাত্ৰত খাব লাগে?
কোনোৱে কেতিয়াও প্লাষ্টিকৰ বটলত পানী খাব নালাগে। কাৰণ প্লাষ্টিকত মাইক্ৰ’ ফাইবাৰ থাকে, যিবোৰ পানীৰ লগত মিহলি হ’লে আপোনাৰ শৰীৰৰ ক্ষতি হ’ব পাৰে।

দৈনিক কিমান পানী খাব লাগে
প্ৰতিজন ব্যক্তিয়ে দৈনিক ১ৰ পৰা ৩ লিটাৰ পানী খাব লাগে। যদি আপোনাৰ প্ৰস্ৰাৱ হালধীয়া হৈ আহিছে, তেন্তে বুজি লওক যে আপুনি প্ৰচুৰ পৰিমাণে পানী খোৱাৰ প্ৰয়োজন। কাৰণ প্ৰস্ৰাৱ হালধীয়া হোৱা মানে আপোনাৰ শৰীৰত ডিহাইড্ৰেশ্বন হৈছে আৰু যদি আপোনাৰ প্ৰস্ৰাৱ বগা ৰঙত আহি আছে তেন্তে ইয়াৰ অৰ্থ হ’ল আপোনাৰ শৰীৰে ভাল পৰিমাণৰ পানী পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত বনৰীয়া হাতী বিলুপ্ত হোৱাৰ শংকা
জুবিনৰ সমাধিত শ্রদ্ধা জনাবলৈ কাইলৈ আহিব ৰাহুল গান্ধী
ব্লেক কফি খালে দূৰ হয় ফেটি লিভাৰৰ সমস্যা
৬ কোটি টকাৰ ব্যয়েৰে অযোধ্যাত সম্পূৰ্ণ হ'ল ৰামায়ণৰ ওপৰত বিশ্বৰ প্ৰথমটো মমৰ সংগ্ৰহালয়
নাজিৰাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ!  দুজনক আটক আৰু গৰুভৰ্তি দুখন বাহনৰ পলায়ন
গৰৈমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ:পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য