--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ Sunday ho ya monday, roz khao anday' বহুতে এই জনপ্ৰিয় লাইন অনুসৰণ কৰি প্ৰতিদিনে কণী খায়। বহুতৰে ব্ৰেকফাষ্ট প্লেটত এটা কণী থাকে। কিন্তু জানেনে, নকল কণী আজিকালি বজাৰত বহুলভাৱে বিক্ৰী হয়। ছুপাৰ ফুড হোৱাৰ বাবে যিকোনো ঋতুতে কণী খাব পাৰি। কণীত প্ৰচুৰ পৰিমাণে প্ৰটিন, কেলচিয়াম আৰু ওমেগা-৩ থাকে। সেইবাবেই বহুতে কণী খায়। কিন্তু বজাৰত ভুৱা কণী বিক্ৰী কৰি সাধাৰণ মানুহৰ স্বাস্থ্যৰ লগত খেলা কৰি আছে একাংশ অসাধু ব্যৱসায়ীয়ে। ইয়াৰ ফলত স্বাস্থ্যৰ যথেষ্ট ক্ষতি হ’ব পাৰে।

অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডুত দেশৰ ভিতৰতে সৰ্বাধিক কণী উৎপাদন হয়। কেৱল হায়দৰাবাদত দৈনিক ৭৫ লাখ কণীৰ চাহিদা আছে। কণীৰ চাহিদা বৃদ্ধিৰ বাবে দিনক দিনে বৃদ্ধি পাইছে নকল কণীৰ ব্যৱসায়। গতিকে গ্ৰাহকে কণী কিনাৰ সময়ত সাৱধান হ’ব লাগে। মনত ৰাখিব নকল কণী অধিক চিকচিকিয়া হয়। যেনেকৈ জিলিকি থকা সকলোবোৰ সোণ নহয়, ঠিক তেনেকৈ সকলো জিলিকি থকা কণী প্ৰকৃত কণী নহয়।

প্ৰকৃত আৰু নকল কণী কেনেকৈ চিনি পাব?

ইয়াৰ খোলাত প্লাষ্টিক ব্যৱহাৰ কৰি নকল কণী তৈয়াৰ কৰা হয়। গতিকে জুইৰ ওচৰত নকল কণী ৰাখিলে জ্বলন্ত গোন্ধ ওলাব আৰু আনকি জুয়ো লাগিব পাৰে। লগতে নকল কণী বহুত চিকচিকিয়া আৰু পৰিষ্কাৰ হয়। নকল কণীটোৰ বাহিৰৰ খোলাটো অলপ খৰখৰীয়া হয়। এই জিলিকনি দেখি বহুতে কণী কিনি পেলাই দিয়ে।

প্ৰকৃত কণীৰ ক্ষেত্ৰত হাতেৰে জোকাৰিলে ভিতৰৰ পৰা কোনো শব্দ শুনা নাযায়। কিন্তু নকল কণীটো জোকাৰিলে কিছু শব্দ হ’ব। গতিকে কণী কিনাৰ আগতে গ্ৰাহকে সাৱধান হ’ব লাগিব। কাৰণ এই নকল কণী খালে স্বাস্থ্যৰ ক্ষতি হোৱাৰ আশংকা থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ