--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ Sunday ho ya monday, roz khao anday' বহুতে এই জনপ্ৰিয় লাইন অনুসৰণ কৰি প্ৰতিদিনে কণী খায়। বহুতৰে ব্ৰেকফাষ্ট প্লেটত এটা কণী থাকে। কিন্তু জানেনে, নকল কণী আজিকালি বজাৰত বহুলভাৱে বিক্ৰী হয়। ছুপাৰ ফুড হোৱাৰ বাবে যিকোনো ঋতুতে কণী খাব পাৰি। কণীত প্ৰচুৰ পৰিমাণে প্ৰটিন, কেলচিয়াম আৰু ওমেগা-৩ থাকে। সেইবাবেই বহুতে কণী খায়। কিন্তু বজাৰত ভুৱা কণী বিক্ৰী কৰি সাধাৰণ মানুহৰ স্বাস্থ্যৰ লগত খেলা কৰি আছে একাংশ অসাধু ব্যৱসায়ীয়ে। ইয়াৰ ফলত স্বাস্থ্যৰ যথেষ্ট ক্ষতি হ’ব পাৰে।

অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডুত দেশৰ ভিতৰতে সৰ্বাধিক কণী উৎপাদন হয়। কেৱল হায়দৰাবাদত দৈনিক ৭৫ লাখ কণীৰ চাহিদা আছে। কণীৰ চাহিদা বৃদ্ধিৰ বাবে দিনক দিনে বৃদ্ধি পাইছে নকল কণীৰ ব্যৱসায়। গতিকে গ্ৰাহকে কণী কিনাৰ সময়ত সাৱধান হ’ব লাগে। মনত ৰাখিব নকল কণী অধিক চিকচিকিয়া হয়। যেনেকৈ জিলিকি থকা সকলোবোৰ সোণ নহয়, ঠিক তেনেকৈ সকলো জিলিকি থকা কণী প্ৰকৃত কণী নহয়।

প্ৰকৃত আৰু নকল কণী কেনেকৈ চিনি পাব?

ইয়াৰ খোলাত প্লাষ্টিক ব্যৱহাৰ কৰি নকল কণী তৈয়াৰ কৰা হয়। গতিকে জুইৰ ওচৰত নকল কণী ৰাখিলে জ্বলন্ত গোন্ধ ওলাব আৰু আনকি জুয়ো লাগিব পাৰে। লগতে নকল কণী বহুত চিকচিকিয়া আৰু পৰিষ্কাৰ হয়। নকল কণীটোৰ বাহিৰৰ খোলাটো অলপ খৰখৰীয়া হয়। এই জিলিকনি দেখি বহুতে কণী কিনি পেলাই দিয়ে।

প্ৰকৃত কণীৰ ক্ষেত্ৰত হাতেৰে জোকাৰিলে ভিতৰৰ পৰা কোনো শব্দ শুনা নাযায়। কিন্তু নকল কণীটো জোকাৰিলে কিছু শব্দ হ’ব। গতিকে কণী কিনাৰ আগতে গ্ৰাহকে সাৱধান হ’ব লাগিব। কাৰণ এই নকল কণী খালে স্বাস্থ্যৰ ক্ষতি হোৱাৰ আশংকা থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিনৰ সমাধিত শ্রদ্ধা জনাবলৈ কাইলৈ আহিব ৰাহুল গান্ধী
ব্লেক কফি খালে দূৰ হয় ফেটি লিভাৰৰ সমস্যা
৬ কোটি টকাৰ ব্যয়েৰে অযোধ্যাত সম্পূৰ্ণ হ'ল ৰামায়ণৰ ওপৰত বিশ্বৰ প্ৰথমটো মমৰ সংগ্ৰহালয়
নাজিৰাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ!  দুজনক আটক আৰু গৰুভৰ্তি দুখন বাহনৰ পলায়ন
গৰৈমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ:পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ
গোলাঘাটত কৰুণ ঘটনা! শাহুৱেকৰ অত্যাচাৰ সহিব নোৱাৰি সন্তানক বুকুত বান্ধি পুখুৰীত জাঁপ মাতৃৰ
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ