--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গ্ৰীষ্মই হওক বা শীতকালেই হওক প্ৰতিটো ঋতুতে পানী প্ৰচুৰ পৰিমাণে খোৱা উচিত। কাৰণ শৰীৰৰ বিভিন্ন কামত পানীৰ প্ৰয়োজন হয়। পৰ্যাপ্ত পৰিমাণৰ পানী নোখোৱাৰ বাবে বহু ৰোগকো আঁকোৱালি ল’বলগীয়া হয়। সেয়েহে সুস্থ হৈ থাকিবলৈ পুষ্টিকৰ খাদ্যৰ সমান্তৰালকৈ প্ৰচুৰ পৰিমাণে পানী খোৱাটোও অতি প্ৰয়োজন। বহু লোকে প্ৰায়ে ভুল ধৰণে পানী সেৱন কৰা দেখা যায়। সেয়েহে আজি আমি পানী খোৱাৰ সঠিক উপায় আৰু ইয়াৰ পৰা শৰীৰে কেনেদৰে উপকাৰ লাভ কৰে সবিশেষ জানো আহক।

১. পানী কেনেকৈ খাব?

পানীৰ পৰা সম্পূৰ্ণ লাভালাভ পাবলৈ প্ৰথমে পুৱা খালী পেটত কুহুমীয়া পানী খোৱা উচিত। পানীয়ে লেলাৱতীসমূহ মুখৰ ভিতৰলৈ লৈ যায় আৰু এই লেলাৱতী পানীৰ লগত মিহলি হৈ খাদ্য হজম কৰাত সহায় কৰাৰ সমান্তৰালকৈ তৰল বস্তু হজম কৰাতো অতি ফলপ্ৰসূ। অৱশ্যে যিকোনো বতৰত পুৱা ঠাণ্ডা পানী খোৱাৰ বিপৰীতে দিনটোৰ আৰম্ভণি সদায় কুহুমীয়া পানীৰে কৰক। লগতে ব্যায়াম কৰাৰ লগে লগে পানী খোৱা পৰিহাৰ কৰক।

২. পানীৰ উষ্ণতা কিমান হোৱা উচিত?

অত্যধিক গৰম পানী স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক আৰু অত্যধিক ঠাণ্ডা পানীও ক্ষতিকাৰক। যদি আপুনি কুহুমীয়া পানী খাবলৈ একেবাৰেই ভাল নাপায়, তেন্তে মাটিৰ কলহত ৰখা পানী খাওক বা কোঠাৰ উষ্ণতাত ৰখা পানীও খাব পাৰে। কাৰণ ইয়াৰ ফলত আপোনাৰ বহু লোকচান হ’ব পাৰে।

৩. খাদ্য খোৱাৰ সময়ত কিমান পানী খাব লাগে?

খাদ্য খোৱাৰ এঘণ্টা আগতে বা এঘণ্টা পাছত পানী খোৱা উচিত যদিও খাদ্য খোৱাৰ সময়ত পানী খোৱাৰ কোনো গুৰুতৰ পৰিণতি নাথাকে, কিন্তু খাদ্য খোৱাৰ সময়ত অধিক পানী খোৱাটো সদায় পৰিহাৰ কৰা উচিত, কাৰণ ইয়াৰ ফলত এচিডিটিৰ লগতে বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। যদি খাদ্য খোৱাৰ সময়ত পানী খোৱাৰ অভ্যাস আছে, যিটো এৰিব নোৱাৰি, তেন্তে আপুনি মাত্ৰ এটা কাম কৰক। সেইটো হ’ল পানীৰ গিলাচটো এবাৰতে শেষ কৰাৰ পৰিৱৰ্তে অলপ অলপকৈ কেইবাবাৰো লাহে লাহে সেৱন কৰক।

৪. কেনেকুৱা পাত্ৰত পানী খোৱা উচিত?

কেতিয়াও প্লাষ্টিকৰ বটলত পানী খাব নালাগে। কাৰণ প্লাষ্টিকত মাইক্ৰ’ফাইবাৰ থাকে, যিবোৰ পানীৰ লগত মিহলি হ’লে আপোনাৰ শৰীৰৰ ক্ষতি হ’ব পাৰে।

৫. দৈনিক কিমান পানী খোৱা উচিত?

প্ৰতিজন ব্যক্তিয়ে দৈনিক ১ৰ পৰা ৩ লিটাৰ পানী খাব লাগে। যদি আপোনাৰ প্ৰস্ৰাৱ হালধীয়া হৈ আহিছে, তেন্তে বুজি লওক যে আপুনি প্ৰচুৰ পৰিমাণে পানী খোৱাৰ প্ৰয়োজন। কাৰণ আপোনাৰ শৰীৰত পানীৰ অভাৱ হৈছে আৰু যদি আপোনাৰ প্ৰস্ৰাৱ বগা ৰঙৰ হয়, তেন্তে ইয়াৰ অৰ্থ হ’ল আপোনাৰ শৰীৰে যথেষ্ট পৰিমাণে পানী লাভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস