--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খোদ  ৰিজাৰ্ভ বেংকৰ ভাণ্ডাৰতে হাত দিলে চোৰে!  দেশৰ সৰ্ববৃহৎ বেংকটোৰ কলকাতা শাখাত হঠাতে   নোটৰ বাণ্ডোল হেৰুওৱাৰ কথাকলৈ আলোড়ণৰ সৃষ্টি হৈছে৷  আৰ.বি.আই.-য়ে আনকি টকা হৰসুকি হোৱাৰ বিষয়কলৈ  আৰক্ষীৰ ওচৰত  অভিযোগো দাখিল কৰিছে। 

অভিযোগত কোৱা হৈছে  যে বেংকৰ শাখাটোৰ পৰা ১ লাখ টকাৰ লেতেৰা আৰু ফটা  নোট চুৰি হৈছে। ৫০ টকাৰ নোটবোৰ ধ্বংস কৰাৰ বাবে বেংকলৈ প্ৰেৰণ কৰা হৈছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) কলকাতাৰ কাৰ্যালয়ৰ পৰা তেনে এটা ধনৰ এটা বাণ্ডোল চুৰি হৈছিল। কথাটো পোহৰলৈ অহাৰ পিছতে   বেংকৰ বিষয়াসকলৰ মূৰত সৰগ ভাগি পৰিল।

প্ৰশ্ন হ'ল, ইমান কঠোৰ  নিৰাপত্তা থকাৰ পিছতো এয়া কেনেকৈ সম্ভৱ হ’ল?  লালবজাৰ আৰক্ষীয়ে প্ৰকাশ কৰা  অনুসৰি দেশৰ সৰ্ববৃহৎ বেংকটোৰ কলকাতা শাখাৰ পৰা  নোটৰ বাণ্ডোল হেৰুওৱাৰ বিষয়টো তদন্ত কৰি থকা হৈছে৷আৰ.বি.আই. কৰ্তৃপক্ষই চি.চি.টি.ভি. ফুটেজ পৰীক্ষা কৰিছে। তাত তেওঁলোকে শংকৰ নামৰ এজন কৰ্মীক সন্দেহ কৰিছিল। 

আৰক্ষীয়েও চিচিটিভি ফুটেজ চাইছিল। আৰক্ষী নিশ্চিত হৈছিল যে শংকৰ নামৰ কৰ্মচাৰী জনেই টকা চুৰি কৰিছে৷  অৱশেষত  অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হৈছে। হেৰ ষ্ট্ৰীট আৰক্ষীয়ে তেওঁৰ পৰা চুৰি হোৱা ধনৰ আধা অংশ উদ্ধাৰ কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্তজনক শংকৰ সৰোজ বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ ঘৰ হুগলীৰ চন্দিতালাত। শংকৰ আৰবিআই  এজন ঠিকাভিত্তিক কৰ্মী ৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু