--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খোদ  ৰিজাৰ্ভ বেংকৰ ভাণ্ডাৰতে হাত দিলে চোৰে!  দেশৰ সৰ্ববৃহৎ বেংকটোৰ কলকাতা শাখাত হঠাতে   নোটৰ বাণ্ডোল হেৰুওৱাৰ কথাকলৈ আলোড়ণৰ সৃষ্টি হৈছে৷  আৰ.বি.আই.-য়ে আনকি টকা হৰসুকি হোৱাৰ বিষয়কলৈ  আৰক্ষীৰ ওচৰত  অভিযোগো দাখিল কৰিছে। 

অভিযোগত কোৱা হৈছে  যে বেংকৰ শাখাটোৰ পৰা ১ লাখ টকাৰ লেতেৰা আৰু ফটা  নোট চুৰি হৈছে। ৫০ টকাৰ নোটবোৰ ধ্বংস কৰাৰ বাবে বেংকলৈ প্ৰেৰণ কৰা হৈছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) কলকাতাৰ কাৰ্যালয়ৰ পৰা তেনে এটা ধনৰ এটা বাণ্ডোল চুৰি হৈছিল। কথাটো পোহৰলৈ অহাৰ পিছতে   বেংকৰ বিষয়াসকলৰ মূৰত সৰগ ভাগি পৰিল।

প্ৰশ্ন হ'ল, ইমান কঠোৰ  নিৰাপত্তা থকাৰ পিছতো এয়া কেনেকৈ সম্ভৱ হ’ল?  লালবজাৰ আৰক্ষীয়ে প্ৰকাশ কৰা  অনুসৰি দেশৰ সৰ্ববৃহৎ বেংকটোৰ কলকাতা শাখাৰ পৰা  নোটৰ বাণ্ডোল হেৰুওৱাৰ বিষয়টো তদন্ত কৰি থকা হৈছে৷আৰ.বি.আই. কৰ্তৃপক্ষই চি.চি.টি.ভি. ফুটেজ পৰীক্ষা কৰিছে। তাত তেওঁলোকে শংকৰ নামৰ এজন কৰ্মীক সন্দেহ কৰিছিল। 

আৰক্ষীয়েও চিচিটিভি ফুটেজ চাইছিল। আৰক্ষী নিশ্চিত হৈছিল যে শংকৰ নামৰ কৰ্মচাৰী জনেই টকা চুৰি কৰিছে৷  অৱশেষত  অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হৈছে। হেৰ ষ্ট্ৰীট আৰক্ষীয়ে তেওঁৰ পৰা চুৰি হোৱা ধনৰ আধা অংশ উদ্ধাৰ কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্তজনক শংকৰ সৰোজ বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ ঘৰ হুগলীৰ চন্দিতালাত। শংকৰ আৰবিআই  এজন ঠিকাভিত্তিক কৰ্মী ৷ 






FOLLOW US F
POPULAR
FEATURE
TRENDY
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগত দোষ স্বীকাৰ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰৰ
Advertisement