--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেতাজনে যি কয় সেয়া কৰি দেখুৱায়৷ নিজৰ কথা ৰাখি  সম্পূৰ্ণ নিজা  খৰচত ১০০  জন অনুৰাগীক মানালীলৈ পঠিয়ালে অভিনেতা বিজয় দেৱেৰাকোণ্ডাই ৷ 'বাবু মাচাই জিন্দেগী লম্বি নয়...' আৰু এই 'বাদি জিন্দেগী' আদিৰ দৰে ছবিত অভিনয় কৰি খলকনি তোলা দক্ষিণৰ অভিনেতা বিজয় দেৱেৰাকোণ্ডাই তেওঁৰ অনুৰাগীসকলক পৰ্যায়ক্ৰমে ভ্ৰমণলৈ পঠিওৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

এনে কাৰ্যৰ জড়িয়তে  তেওঁ অনুৰাগীসকলৰ হৃদয় কেনেদৰে জিকিব লাগে সেয়া দেখুৱাই দিছে। প্ৰতি বছৰে তেওঁ তেওঁৰ  অনুৰাগীক নিজৰ ধনেৰে ক’ৰবালৈ ভ্ৰমণ কৰিবলৈ পঠিয়ায়। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই৷ অভিনেতাজনে পোষ্ট কৰা ভিডিঅ'টোত বিনামূলীয়া ভ্ৰমণৰ সুবিধা পাই  তেওঁৰ অনুৰাগীসকল অতি সুখী হৈ পৰা দেখা গৈছে। তেওঁলোকৰ সকলোৰে মুখত হাঁহি বিৰিঙিছে। ক্লিপটো শ্বেয়াৰ কৰি বিজয়ে লিখিছে, "তেওঁলোকে মোক বিমানৰ পৰা এই মিঠা ভিডিঅ'টো প্ৰেৰণ কৰিছে। তেওঁলোকে পাহাৰত বন্ধৰ দিন কটাবলৈ গৈ আছে। তেওঁলোকৰ মাজত আছে সমগ্ৰ দেশৰ  মুঠ ১০০ জন লোক । মই খুব সুখী।" 
অভিনেতাজনে এই বছৰ ছ'চিয়েল মিডিয়াত এটা জৰীপৰ আয়োজন কৰিছিল, য'ত তেওঁ জানিবলৈ পাৰিছিল যে তেওঁৰ অনুৰাগীসকলে পাহাৰলৈ ফুৰিবলৈ যাব বিচাৰে নেকি। তাৰ পিছত তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ নিজৰ কথা ৰাখিব  আৰু সকলোকে ভ্ৰমণলৈ  পঠিয়াব। অভিনেতাজনে এই কাম  কেইবছৰমান আগৰে পৰা  আৰম্ভ কৰিছে৷
প্ৰথম বছৰত তেওঁ তেওঁৰ ৫০ জন অনুৰাগীৰ সৈতে মাচাব টেংকৰ জৱাহৰলাল নেহৰু স্থাপত্য আৰু সূক্ষ্ম কলা বিশ্ববিদ্যালয়লৈ গৈছিল। তেওঁ তেনে  ৫০ জন অনুৰাগী বাছনি কৰিছিল যিয়ে তেওঁক সামাজিক মাধ্যমত অনুসৰণ কৰিছিল। তাৰ পিছত আন এটা বছৰত বিজয়ে তেওঁৰ অনুৰাগীসকলক ডেভেৰা ছাণ্টা হেচটেগৰ সৈতে এই বিষয়ক  সকলো স্মৃতি ছচিয়েল মিডিয়াত পোষ্ট কৰিবলৈ কৈছিল।  কেৱল সেয়াই নহয় যোৱা  খ্ৰীষ্টমাছত তেওঁ ১০০ জন লোকক উপহাৰ হিচাপে ১০,০০০ টকা দিছিল। অভিনেতা জনে কাক ভ্ৰমণলৈ পঠিয়াব সেয়া চাই-চিতি কৰে৷ তেওঁৰ ছ’চিয়েল মিডিয়াৰ ফল’ৱাৰসকলৰ মাজৰ পৰাই তেনে ভাগ্যবান লোকসকলক নিৰ্বাচন কৰা হয়৷ গতিকে অহা বছৰ অসমৰ পৰাও যে কোনোবা নোলাব কোনে ক’ব পাৰে? 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক