--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেতাজনে যি কয় সেয়া কৰি দেখুৱায়৷ নিজৰ কথা ৰাখি  সম্পূৰ্ণ নিজা  খৰচত ১০০  জন অনুৰাগীক মানালীলৈ পঠিয়ালে অভিনেতা বিজয় দেৱেৰাকোণ্ডাই ৷ 'বাবু মাচাই জিন্দেগী লম্বি নয়...' আৰু এই 'বাদি জিন্দেগী' আদিৰ দৰে ছবিত অভিনয় কৰি খলকনি তোলা দক্ষিণৰ অভিনেতা বিজয় দেৱেৰাকোণ্ডাই তেওঁৰ অনুৰাগীসকলক পৰ্যায়ক্ৰমে ভ্ৰমণলৈ পঠিওৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

এনে কাৰ্যৰ জড়িয়তে  তেওঁ অনুৰাগীসকলৰ হৃদয় কেনেদৰে জিকিব লাগে সেয়া দেখুৱাই দিছে। প্ৰতি বছৰে তেওঁ তেওঁৰ  অনুৰাগীক নিজৰ ধনেৰে ক’ৰবালৈ ভ্ৰমণ কৰিবলৈ পঠিয়ায়। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই৷ অভিনেতাজনে পোষ্ট কৰা ভিডিঅ'টোত বিনামূলীয়া ভ্ৰমণৰ সুবিধা পাই  তেওঁৰ অনুৰাগীসকল অতি সুখী হৈ পৰা দেখা গৈছে। তেওঁলোকৰ সকলোৰে মুখত হাঁহি বিৰিঙিছে। ক্লিপটো শ্বেয়াৰ কৰি বিজয়ে লিখিছে, "তেওঁলোকে মোক বিমানৰ পৰা এই মিঠা ভিডিঅ'টো প্ৰেৰণ কৰিছে। তেওঁলোকে পাহাৰত বন্ধৰ দিন কটাবলৈ গৈ আছে। তেওঁলোকৰ মাজত আছে সমগ্ৰ দেশৰ  মুঠ ১০০ জন লোক । মই খুব সুখী।" 
অভিনেতাজনে এই বছৰ ছ'চিয়েল মিডিয়াত এটা জৰীপৰ আয়োজন কৰিছিল, য'ত তেওঁ জানিবলৈ পাৰিছিল যে তেওঁৰ অনুৰাগীসকলে পাহাৰলৈ ফুৰিবলৈ যাব বিচাৰে নেকি। তাৰ পিছত তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ নিজৰ কথা ৰাখিব  আৰু সকলোকে ভ্ৰমণলৈ  পঠিয়াব। অভিনেতাজনে এই কাম  কেইবছৰমান আগৰে পৰা  আৰম্ভ কৰিছে৷
প্ৰথম বছৰত তেওঁ তেওঁৰ ৫০ জন অনুৰাগীৰ সৈতে মাচাব টেংকৰ জৱাহৰলাল নেহৰু স্থাপত্য আৰু সূক্ষ্ম কলা বিশ্ববিদ্যালয়লৈ গৈছিল। তেওঁ তেনে  ৫০ জন অনুৰাগী বাছনি কৰিছিল যিয়ে তেওঁক সামাজিক মাধ্যমত অনুসৰণ কৰিছিল। তাৰ পিছত আন এটা বছৰত বিজয়ে তেওঁৰ অনুৰাগীসকলক ডেভেৰা ছাণ্টা হেচটেগৰ সৈতে এই বিষয়ক  সকলো স্মৃতি ছচিয়েল মিডিয়াত পোষ্ট কৰিবলৈ কৈছিল।  কেৱল সেয়াই নহয় যোৱা  খ্ৰীষ্টমাছত তেওঁ ১০০ জন লোকক উপহাৰ হিচাপে ১০,০০০ টকা দিছিল। অভিনেতা জনে কাক ভ্ৰমণলৈ পঠিয়াব সেয়া চাই-চিতি কৰে৷ তেওঁৰ ছ’চিয়েল মিডিয়াৰ ফল’ৱাৰসকলৰ মাজৰ পৰাই তেনে ভাগ্যবান লোকসকলক নিৰ্বাচন কৰা হয়৷ গতিকে অহা বছৰ অসমৰ পৰাও যে কোনোবা নোলাব কোনে ক’ব পাৰে? 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু