--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপুনৰ আলোচিত হৈ পৰিছে দেশত আদানী প্ৰসংগ৷ আদানী গ্ৰুপৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গ গৱেষণা প্ৰতিবেদনৰ ওপৰত গঠন কৰা উচ্চতম ন্যায়ালয়ৰ সমিতিৰ তদন্ত প্ৰতিবেদন অনুসৰি ছেবিয়ে লক্ষ্য কৰিছে যে ২০২৩ চনৰ ২৪ জানুৱাৰীত হিণ্ডেনবাৰ্গ গৱেষণা প্ৰতিবেদন ৰাজহুৱা কৰাৰ পূৰ্বে কিছুমান কোম্পানী বা ব্যক্তিয়ে ইতিমধ্যে ষ্টকত শ্বৰ্ট পজিচন লৈছিল আদানি গ্ৰুপৰ আৰু প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত আদানি গ্ৰুপৰ ষ্টক ডাঙৰকৈ হ্ৰাস পোৱাৰ লগে লগে এই লোকসকলে নিজৰ পজিচনবোৰ স্কোৱাৰ কৰি (শ্বেয়াৰ পুনৰ ক্ৰয় কৰি) বিপুল লাভ কৰে।

কমিটীয়ে প্ৰতিবেদনত কয় যে এই সকলোবোৰ বিষয়ৰ ওপৰত ছেবিৰ তদন্ত চলি আছে, গতিকে সম্প্ৰতি কমিটীয়ে তেওঁলোকৰ যোগ্যতাৰ ওপৰত কোনো মতামত দিয়া নাই। পেনেলে কয় যে এই সন্ধিক্ষণত নিয়ন্ত্ৰক ছেবিৰ ব্যৰ্থতাৰ ওপৰত সিদ্ধান্ত লোৱা সম্ভৱ নহয় কাৰণ ছেবিৰ হাতত শ্বেয়াৰৰ মূল্যৰ উচ্চ অস্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সক্ৰিয় আৰু কৰ্মৰত চোৱাচিতাৰ কাঠামো আছে যিয়ে ষ্টকৰ মূল্য হৈছে নে নাই সেইটো ধৰা পেলায় দামত কোনো ধৰণৰ হেতালি খেলা নাই।

কমিটীয়ে নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে ২০২৩ চনৰ ২৪ জানুৱাৰীলৈকে খুচুৰা বিনিয়োগকাৰী আৰু উচ্চ নেট ৱৰ্থ বিনিয়োগকাৰীকে ধৰি মুঠ ৩৩ লাখ বিনিয়োগকাৰীয়ে আদানী গ্ৰুপৰ ষ্টকত বিনিয়োগ কৰিছিল, যাৰ বিনিয়োগৰ মূল্য আছিল ৫৭৫০০ কোটি টকা। কিন্তু ২০২৩ চনৰ ২৪ জানুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীৰ ভিতৰত এই শ্বেয়াৰহোল্ডাৰসকলৰ শ্বেয়াৰৰ মূল্য ৫১ শতাংশ হ্ৰাস পোৱাৰ লগতে বিনিয়োগকাৰীৰ বিনিয়োগে ২৯,২০০ কোটি টকাৰ ক্ষতিসাধন কৰে। কিন্তু পিছত গ্ৰুপটোৰ শ্বেয়াৰৰ সামান্য উন্নতিৰ পিছত খুচুৰা বিনিয়োগকাৰী আৰু এইচ এন আইৰ লোকচান ৩৮ শতাংশ বা ২১,৮৫০ কোটি টকালৈ হ্ৰাস পায়।

উচ্চতম ন্যায়ালয়ৰ পেনেলে নিজৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে ছেবিৰ তথ্য অনুসৰি আদানী গ্ৰুপৰ ষ্টক হ্ৰাস পোৱাৰ বাবে খুচুৰা বিনিয়োগকাৰীৰ ৩৭০০ কোটি টকা লোকচান হৈছে। একে সময়তে উচ্চ নেট ৱৰ্থৰ বিনিয়োগকাৰীয়ে ২২ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন ওলোৱাৰ পিছত ২৭ ফেব্ৰুৱাৰীলৈকে আদানী গোটৰ মাৰ্কেট কেপ ১২.৪ লাখ কোটি টকা হ্ৰাস পাইছে, যিটো ৯ মাৰ্চত আছিল ১০ লাখ কোটি টকা।

















FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক