--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মুম্বাইৰ পৰা প্ৰায় ৩০০ মাইল দূৰত অৱস্থিত মহাৰাষ্ট্ৰৰ বিড জিলাত সংঘটিত হৈছে এক আচহুৱা ঘটনা৷ য'ত এটা কুকুৰৰ জাকে প্ৰায় এমাহৰ আগতে এটা শিশু বান্দৰক নিৰ্মমভাৱে হত্যা কৰিছিল। এইটোৱে বান্দৰবোৰক অধিক হিংস্ৰু কৰি তুলিছিল আৰু এই কাণ্ডৰ বাবে বান্দৰ জাকটোৱে প্ৰতিশোধ লবলৈ আৰম্ভ কৰিলে৷ বান্দৰৰ জাকটোৱে সেই অঞ্চলটোৰ কুকুৰবোৰক আক্ৰমণৰ লক্ষ্য কৰি তুলিছিল আৰু এটা-এটাকৈ কুকুৰবোৰক হত্যাৰ কৰিবলৈ ললে৷

বান্দৰবোৰে কুকুৰৰ সন্তানক এটা ওখ অট্টালিকালৈ লৈ যায় আৰু তাৰ পৰা তললৈ পেলাই দিয়ে। কুকুৰৰ সন্তানবোৰ তললৈ পৰি যোৱাৰ লগে লগে মৰি যায়। এতিয়ালৈকে বান্দৰৰ জাকে প্ৰায় ২৫০ টা কুকুৰ পোৱালী হত্যা কৰে৷ অঞ্চলৰ বান্দৰজাকে এতিয়া মানুহকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ মানুহে যেতিয়া এই পোৱালি কুকুৰবোৰক বচাবলৈ চেষ্টা কৰিছিল, বান্দৰবোৰে তেতিয়া মানুহকো আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল। বান্দৰৰ আক্ৰমণৰ ভুক্তভোগীসকলৰ ভিতৰত মানুহৰ আছে।গাওঁখনত এতিয়া কোনো শিশু কুকুৰ মানুহে দেখা নোপোৱা হ’ল৷

বান্দৰজাকে এতিয়া গাঁওখনৰ সৰু ল'ৰা ছোৱালীকো আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। গাঁওবাসীয়ে এই ঘটনাক লৈ বন বিভাগক অৱগত কৰাৰ পাছতো বৰ্তমানলৈকে এটা বান্দৰকো বন্দী কৰিব পৰা নাই বন বিভাগে৷ গাওঁবাসীয়ে কয় যে বান্দৰবোৰে প্ৰতিশোধ ল'বলৈ এনে কৰিছে। বিশেষকৈ বিদ্যালয়লৈ যোৱা শিশুসকলৰ ওপৰত আক্ৰমণৰ লক্ষ্য কৰি লৈছে বান্দৰজাকে। এই ঘটনাটোৱে বৰ্তমান সমগ্ৰ গাওঁখনতে আতংকৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন