ডিজিটেল ডেস্কঃ মুম্বাইৰ পৰা প্ৰায় ৩০০ মাইল দূৰত অৱস্থিত মহাৰাষ্ট্ৰৰ বিড জিলাত সংঘটিত হৈছে এক আচহুৱা ঘটনা৷ য'ত এটা কুকুৰৰ জাকে প্ৰায় এমাহৰ আগতে এটা শিশু বান্দৰক নিৰ্মমভাৱে হত্যা কৰিছিল। এইটোৱে বান্দৰবোৰক অধিক হিংস্ৰু কৰি তুলিছিল আৰু এই কাণ্ডৰ বাবে বান্দৰ জাকটোৱে প্ৰতিশোধ লবলৈ আৰম্ভ কৰিলে৷ বান্দৰৰ জাকটোৱে সেই অঞ্চলটোৰ কুকুৰবোৰক আক্ৰমণৰ লক্ষ্য কৰি তুলিছিল আৰু এটা-এটাকৈ কুকুৰবোৰক হত্যাৰ কৰিবলৈ ললে৷
বান্দৰবোৰে কুকুৰৰ সন্তানক এটা ওখ অট্টালিকালৈ লৈ যায় আৰু তাৰ পৰা তললৈ পেলাই দিয়ে। কুকুৰৰ সন্তানবোৰ তললৈ পৰি যোৱাৰ লগে লগে মৰি যায়। এতিয়ালৈকে বান্দৰৰ জাকে প্ৰায় ২৫০ টা কুকুৰ পোৱালী হত্যা কৰে৷ অঞ্চলৰ বান্দৰজাকে এতিয়া মানুহকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ মানুহে যেতিয়া এই পোৱালি কুকুৰবোৰক বচাবলৈ চেষ্টা কৰিছিল, বান্দৰবোৰে তেতিয়া মানুহকো আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল। বান্দৰৰ আক্ৰমণৰ ভুক্তভোগীসকলৰ ভিতৰত মানুহৰ আছে।গাওঁখনত এতিয়া কোনো শিশু কুকুৰ মানুহে দেখা নোপোৱা হ’ল৷
বান্দৰজাকে এতিয়া গাঁওখনৰ সৰু ল'ৰা ছোৱালীকো আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। গাঁওবাসীয়ে এই ঘটনাক লৈ বন বিভাগক অৱগত কৰাৰ পাছতো বৰ্তমানলৈকে এটা বান্দৰকো বন্দী কৰিব পৰা নাই বন বিভাগে৷ গাওঁবাসীয়ে কয় যে বান্দৰবোৰে প্ৰতিশোধ ল'বলৈ এনে কৰিছে। বিশেষকৈ বিদ্যালয়লৈ যোৱা শিশুসকলৰ ওপৰত আক্ৰমণৰ লক্ষ্য কৰি লৈছে বান্দৰজাকে। এই ঘটনাটোৱে বৰ্তমান সমগ্ৰ গাওঁখনতে আতংকৰ সৃষ্টি কৰিছে।