--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সুৰাৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন। সুৰাৰ ব্যৱহাৰ কোনোপ্ৰকাৰে নচলিব। পিছে তালাচীৰ নামত সকলো সীমা চেৰাই গ'ল আৰক্ষী! মদৰ বটল বিচাৰি এগৰাকী ন-কইনাৰ কোঠালীত সোমাই লণ্ড-ভণ্ড কৰিলে সকলো। আৰক্ষীৰ এনে আচৰণত হতবাক সকলো।

ঘটনা বিহাৰৰ। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মহিলাসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ২০১৬ চনতেই ৰাজ্যখনত সুৰা নিবাৰণ কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু তাৰ পাছতো ৰাজ্যখনৰ আৰক্ষীয়ে সুৰাৰ বিৰুদ্ধে অভিযান চলাই ন-কইনাৰ কোঠালী পাইছেগৈ। হাজিপুৰ চহৰৰ হঠছৰগঞ্জ অঞ্চলৰ শীলা দেৱী নামৰ এগৰাকী মহিলাৰ ঘৰত বৈশালী জিলা আৰক্ষীৰ লোকে বৃহস্পতিবাৰে নিশা এক অভিযান চলায়। তালাচীৰ নামত আৰক্ষীৰ দলটোৱে ঘৰখনৰ সদ্য বিবাহিতা বোৱাৰীৰ কোঠালৈ সোমাই গৈ লণ্ডভণ্ড কৰে। কোনো মহিলা আৰক্ষী অবিহনে যোৱা দলটো প্ৰৱেশ কৰা অৱস্থাত পূজা কুমাৰী নামৰ ন-কইনাজনী অকলে আছিল। আৰক্ষীৰ দলটোৱে বিছনা, ছ্যুটকেছ আদি সকলোতে বিচাৰ-খোচাৰ চলায়। কি বিচাৰিছে বুলি সোধাত আৰক্ষীয়ে তেওঁক মনে মনে থাকিবলৈ ধমক দিয়ে বুলি পূজাই কয়। তাৰ পাছত তেওঁলোকে কোঠালীটোত থকা মদৰ বটলৰ সন্ধান কৰা বুলি কয়।

আৰক্ষীৰ নাভুত-নাশ্ৰুত কাণ্ড দেখি ইতিমধ্যে বোৱাৰীগৰাকীৰ শাহুৱেক মূৰ্ছা যায়। আশ্চৰ্যজনকভাৱে মহিলাগৰাকী মূৰ্ছা যোৱাৰ পাছতো আৰক্ষী থমকি ৰোৱা নাছিল। তদন্ত প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত পৰিয়ালটো সমাজৰ আগত এক লজ্জাজনক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। কিয়নো তেওঁলোকৰ পৰিয়ালৰ কোনোৱে সুৰাপান কৰাৰ নজিৰ নাই বুলি শীলা দেৱীয়ে জনায়।

লক্ষ্যণীয়ভাবে ঘটনা সন্দৰ্ভত আৰক্ষীৰ লোকে কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও সুৰাৰ সন্ধানত বিহাৰ আৰক্ষীয়ে পাটনাৰ এগৰাকী কইনাৰ কোঠালীত প্ৰৱেশ কৰিছিল। এতিয়া প্ৰশ্ন উঠিছে নীতিশ কুমাৰে সুৰা নিবাৰণৰ দাবী কৰা বিহাৰত সঁচাকৈয়ে সুৰা নিবাৰণ হৈছেনে? সুৰা নিবাৰণৰ নামত আৰক্ষীৰ এই আচৰণেই বা কিমান গ্ৰহণযোগ্য?


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ