--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সুৰাৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন। সুৰাৰ ব্যৱহাৰ কোনোপ্ৰকাৰে নচলিব। পিছে তালাচীৰ নামত সকলো সীমা চেৰাই গ'ল আৰক্ষী! মদৰ বটল বিচাৰি এগৰাকী ন-কইনাৰ কোঠালীত সোমাই লণ্ড-ভণ্ড কৰিলে সকলো। আৰক্ষীৰ এনে আচৰণত হতবাক সকলো।

ঘটনা বিহাৰৰ। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মহিলাসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ২০১৬ চনতেই ৰাজ্যখনত সুৰা নিবাৰণ কৰাৰ কথা ঘোষণা কৰিছিল। কিন্তু তাৰ পাছতো ৰাজ্যখনৰ আৰক্ষীয়ে সুৰাৰ বিৰুদ্ধে অভিযান চলাই ন-কইনাৰ কোঠালী পাইছেগৈ। হাজিপুৰ চহৰৰ হঠছৰগঞ্জ অঞ্চলৰ শীলা দেৱী নামৰ এগৰাকী মহিলাৰ ঘৰত বৈশালী জিলা আৰক্ষীৰ লোকে বৃহস্পতিবাৰে নিশা এক অভিযান চলায়। তালাচীৰ নামত আৰক্ষীৰ দলটোৱে ঘৰখনৰ সদ্য বিবাহিতা বোৱাৰীৰ কোঠালৈ সোমাই গৈ লণ্ডভণ্ড কৰে। কোনো মহিলা আৰক্ষী অবিহনে যোৱা দলটো প্ৰৱেশ কৰা অৱস্থাত পূজা কুমাৰী নামৰ ন-কইনাজনী অকলে আছিল। আৰক্ষীৰ দলটোৱে বিছনা, ছ্যুটকেছ আদি সকলোতে বিচাৰ-খোচাৰ চলায়। কি বিচাৰিছে বুলি সোধাত আৰক্ষীয়ে তেওঁক মনে মনে থাকিবলৈ ধমক দিয়ে বুলি পূজাই কয়। তাৰ পাছত তেওঁলোকে কোঠালীটোত থকা মদৰ বটলৰ সন্ধান কৰা বুলি কয়।

আৰক্ষীৰ নাভুত-নাশ্ৰুত কাণ্ড দেখি ইতিমধ্যে বোৱাৰীগৰাকীৰ শাহুৱেক মূৰ্ছা যায়। আশ্চৰ্যজনকভাৱে মহিলাগৰাকী মূৰ্ছা যোৱাৰ পাছতো আৰক্ষী থমকি ৰোৱা নাছিল। তদন্ত প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত পৰিয়ালটো সমাজৰ আগত এক লজ্জাজনক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়। কিয়নো তেওঁলোকৰ পৰিয়ালৰ কোনোৱে সুৰাপান কৰাৰ নজিৰ নাই বুলি শীলা দেৱীয়ে জনায়।

লক্ষ্যণীয়ভাবে ঘটনা সন্দৰ্ভত আৰক্ষীৰ লোকে কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও সুৰাৰ সন্ধানত বিহাৰ আৰক্ষীয়ে পাটনাৰ এগৰাকী কইনাৰ কোঠালীত প্ৰৱেশ কৰিছিল। এতিয়া প্ৰশ্ন উঠিছে নীতিশ কুমাৰে সুৰা নিবাৰণৰ দাবী কৰা বিহাৰত সঁচাকৈয়ে সুৰা নিবাৰণ হৈছেনে? সুৰা নিবাৰণৰ নামত আৰক্ষীৰ এই আচৰণেই বা কিমান গ্ৰহণযোগ্য?


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন