--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সোমবাৰৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন। ২০ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈকে পাঁচদিনীয়াকৈ এই অধিৱেশন অনুষ্ঠিত হ’ব। এইবাৰ এই অধিৱেশনত বিৰোধী ঐক্যই শাসকীয় দলক শলঠেকত পেলাবলৈ সাজু হোৱাৰ ইংগিত পোৱা গৈছে। কংগ্ৰেছ তথা অখিল গগৈ নেতৃত্বৰ ৰাইজৰ দলেই এইবাৰ আচল প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰে শাসকীয় দলৰ বাবে। বিগত সময়ছোৱাত খাদ্যসামগ্ৰীৰ পৰা আৰম্ভ কৰি ইন্ধনলৈকে অভূতপূৰ্ব দামবৃদ্ধিৰ বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছিল।

শাসকীয় দলে এইবোৰ অতি গুৰুত্বপূৰ্ণ বিষয়ত নিজৰ গা এৰা দিয়া মনোভাৱ প্ৰকট কৰি আহিছে যদিও বিধানসভাৰ শীতকালীন অধিৱেশনৰ সময়ছোৱাত শাসকীয় দলক কাবু কৰিবলৈ বিৰোধী একত্ৰিত হোৱাৰ সম্ভাৱনা দেখা গৈছে। ইতিমধ্যে কংগ্ৰেছ দলে তেওঁলোকৰ নেতা-কৰ্মীক একত্ৰিক কৰি তুলি কঁকালত টঙালি বন্ধা দেখিবলৈ পোৱা গৈছে। পি চিদাম্বৰম, কে চি বেণুগোপালৰ দৰে নেতাই আহি অসমৰ কংগ্ৰেছ নেতা-কৰ্মীক প্ৰশিক্ষণ দিয়া তথা তেওঁলোকক উজ্জীৱিত কৰি তোলাৰ চেষ্টা কৰাটো লক্ষ্যণীয় বিবেচিত হৈছে।

কেৱল এয়াই নহয়, বিজেপিৰ শাসনৰ বিৰুদ্ধে দলটোৰ কেন্দ্ৰীয় নেতাসকলৰ সৰৱ ভূমিকাও এইক্ষেত্ৰত লক্ষ্যণীয় হৈ পৰিছে। এইবাৰ বিধানসভাৰ শীলকালীন অধিৱেশনৰ সময়ছোৱাত মূলতঃ কংগ্ৰেছ আৰু ৰাইজৰ দলেই মূল প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰে শাসক দলৰ সন্মুখত। বিজেপিৰ শাসনৰ বিৰুদ্ধে কংগ্ৰেছৰ নেতাসকল আৰু ৰাইজৰ দলৰ সভাপতি তথা একমাত্ৰ বিধায়ক অখিল গগৈৰ সৰৱ ভূমিকা বিগত সময়ছোৱাত লক্ষ্যণীয় হৈ পৰিছে। পূৰ্বৰ দৰেই এআইইউডিএফ দলে সুবিধাজনক অৱস্থান গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।


এইবাৰ মূলতঃ দামবৃদ্ধি আৰু দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ প্ৰসংগই বিশেষ প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনা আছে বিধানসভাত। বিভিন্ন অত্যাৱশ্যকী সা-সামগ্ৰীক দাম বৃদ্ধিত শাসকীয় দল চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ তুলি বিৰোধী দলে ঐক্যবদ্ধ ৰূপত প্ৰতিবাদ সাব্যস্ত কৰাৰ সম্ভাৱনা আছে। আনহাতে দুৰ্নীতিৰ প্ৰসংগও এইক্ষেত্ৰত প্ৰভাৱশালী হৈ উঠাটো নিশ্চিত। আনহাতে ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগই পুনৰ গা কৰি উঠিছে।

দেশৰ কৃষক বিদ্ৰোহৰ সফলতা আৰু কেন্দ্ৰই তিনিখন বিতৰ্কিত কৃষি আইন বাতিল কৰিবলৈ বাধ্য হোৱাৰ পাছত ‘কা’বিৰোধকৰ এটা পৃষ্ঠভূমি সমগ্ৰ দেশতে পুনৰ গা কৰি উঠা দেখা গৈছে। বিভিন্ন দল-সংগঠনে পুনৰ ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে আৰু বিৰোধী দলসমূহে এই প্ৰসংগৰে চৰকাৰৰ শলঠেকত পেলোৱাৰ চেষ্টা চলাব পাৰে। অৱশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শাসকীয় দলে বিৰোধীক প্ৰত্যুত্তৰ দিয়াৰ বাবে প্ৰস্তুতি চলোৱাটো নিশ্চিত। শাসক-বিৰোধীৰ এই সমৰসজ্জাই বিধানসভাৰ এই শীতকালীন অধিৱেশন বিশেষভাৱে গুৰুত্বপূৰ্ণ কৰি তোলাৰ সম্ভাৱনা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন