--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰঙাগ্ৰহ মঙলত মানুহে বসতি স্থাপন কৰাৰ পৰিকল্পনা চলি থকাৰ সময়তে মঙল গ্ৰহণৰ পৰিবেশত চাৰিজনকৈ লোকে বা,স কৰি থকাৰ খবৰে এতিয়া সকলোকে আচৰিত কৰি তুলিছে। হয়, সেই  চাৰিজন লোকে মঙলৰ জনপ্ৰাণীহীন, পানী হীন, উদ্ভিদহীন পৰিবেশৰ মাজত বাস কৰি আছে। 

এয়া কোনো  কল্পবিজ্ঞানৰ কাহিনীৰ নহয়। তেওঁলোকে সঁচাকৈয়ে মঙল গ্ৰহণৰ অভিযানত জড়িত হৈ আছে  কিন্তু ইয়াতো এটা "কিন্তু" আছে। দৰাচলতে সেই চাৰিজন  লোকে বাস কৰা মঙল গ্ৰহটো পৃথিৱীতে অৱস্থিত।মানুহে  চন্দ্ৰত ভৰি থোৱাৰ পিছত  পাঁচ দশকৰো অধিক সময় অতিবাহিত হৈছে। নাছাই চন্দ্ৰলৈ পুনৰ  মানুহ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰি আছে। 

একে সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থাটোৱে  মঙল গ্ৰহতো  মানুহে  ভৰি থব পৰাকৈ পৰিকল্পনা কৰিছে। এনে পৰিস্থিতিত মঙল অভিযানৰ বাবে চাৰিজন লোকক প্ৰস্তুত কৰি তোলা  হৈছে। তেওঁলোকক মঙল গ্ৰহণৰ পৰিবেশত খাপ খুৱাই ল’বলৈ প.থিৱীতে মঙল গ্ৰহণৰ দৰে পৰিবেশ ৰচনা কৰা হৈছে।  হিউষ্টনৰ জনছন স্পেচ চেণ্টাৰত ১,৭০০  বৰ্গফুটৰ ত্ৰিমাত্ৰিক পদ্ধতিৰে  "মঙল গ্ৰহ" নিৰ্মাণ কৰি উলিওৱা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাৰ উদ্যোগত পৃথিৱীতে সৃষ্টি কৰা হৈছে মঙল গ্ৰহৰ পৰিবেশ।

পৃথিৱীত সৃষ্টি কৰা মঙল গ্ৰহটোতে বাস কৰিছে মঙল অভিযানত ভাগ ল’বলগীয়া  ফ্লাইট ইঞ্জিনিয়াৰ ৰছ ব্ৰকৱেল, চিকিৎসা বিষয়া নাথান জোনছ, বৈজ্ঞানিক বিষয়া আনকা চেলাৰিউ আৰু দলৰ নেতা কেলি হাষ্টনে। তেওঁলোকে মঙল গ্ৰহত উদ্ভৱ হ'ব পৰা প্ৰত্যাহ্বান আৰু সমস্যাৰ সন্মুখীন হৈছে আৰু সেইবোৰৰ মোকাবিলা কৰি গৈছে।

তেওঁলোকে মঙল গ্ৰহৰ পৰিবেশত বিভিন্ন কাৰ্য  যেনে শস্য উৎপাদন, খাদ্য প্ৰস্তুত কৰা, যন্ত্ৰ মেৰামতি, ব্যায়াম, বিজ্ঞানৰ কাম আৰু টোপনি আদি কিদৰে মাৰিব পাৰি সেই বিষয়ত প্ৰশিক্ষণ লৈ আছে।  তেওঁলোকে মঙল অভিযানৰ সময়ত  হেলিকপ্টাৰৰ দৰে ড্ৰোন আৰু উৰিব পৰা ৰবট উৰুৱাব লাগিব।
মহাকাশচাৰীসকলক এনেদৰে  মঙ্গল গ্ৰহত সন্মুখীন হ'বলগীয়া শাৰীৰিক আৰু মানসিক প্ৰতিকূলতাৰ সৈতে খাপ খুৱাবলৈ প্ৰচেষ্টা চলি আছে। 

গোটেই বিষয়টো পৰীক্ষা কৰাৰ পিছত প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰা হৈছে। নাছাই চলিত বৰ্ষতে মঙ্গল গ্ৰহত  অভিযান আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে। অভিযান ২০২৫ আৰু ২০২৬ চনতো চলি থাকিব। কিন্তু মানুহক প্ৰথমে মঙল গ্ৰহলৈ  পঠোৱা নহ’ব।  অদূৰ ভৱিষ্যতে সকলো দিশ চালি-জাৰি চাই  সিদ্ধান্ত লোৱা হ'ব । তাৰ আগতে নাছাই মঙল গ্ৰহৰ পৰিবেশত মিব পৰাকৈ  মহাকাশচাৰীক সাজু কৰি আছে।  










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু