--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰঙাগ্ৰহ মঙলত মানুহে বসতি স্থাপন কৰাৰ পৰিকল্পনা চলি থকাৰ সময়তে মঙল গ্ৰহণৰ পৰিবেশত চাৰিজনকৈ লোকে বা,স কৰি থকাৰ খবৰে এতিয়া সকলোকে আচৰিত কৰি তুলিছে। হয়, সেই  চাৰিজন লোকে মঙলৰ জনপ্ৰাণীহীন, পানী হীন, উদ্ভিদহীন পৰিবেশৰ মাজত বাস কৰি আছে। 

এয়া কোনো  কল্পবিজ্ঞানৰ কাহিনীৰ নহয়। তেওঁলোকে সঁচাকৈয়ে মঙল গ্ৰহণৰ অভিযানত জড়িত হৈ আছে  কিন্তু ইয়াতো এটা "কিন্তু" আছে। দৰাচলতে সেই চাৰিজন  লোকে বাস কৰা মঙল গ্ৰহটো পৃথিৱীতে অৱস্থিত।মানুহে  চন্দ্ৰত ভৰি থোৱাৰ পিছত  পাঁচ দশকৰো অধিক সময় অতিবাহিত হৈছে। নাছাই চন্দ্ৰলৈ পুনৰ  মানুহ প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰি আছে। 

একে সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থাটোৱে  মঙল গ্ৰহতো  মানুহে  ভৰি থব পৰাকৈ পৰিকল্পনা কৰিছে। এনে পৰিস্থিতিত মঙল অভিযানৰ বাবে চাৰিজন লোকক প্ৰস্তুত কৰি তোলা  হৈছে। তেওঁলোকক মঙল গ্ৰহণৰ পৰিবেশত খাপ খুৱাই ল’বলৈ প.থিৱীতে মঙল গ্ৰহণৰ দৰে পৰিবেশ ৰচনা কৰা হৈছে।  হিউষ্টনৰ জনছন স্পেচ চেণ্টাৰত ১,৭০০  বৰ্গফুটৰ ত্ৰিমাত্ৰিক পদ্ধতিৰে  "মঙল গ্ৰহ" নিৰ্মাণ কৰি উলিওৱা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাৰ উদ্যোগত পৃথিৱীতে সৃষ্টি কৰা হৈছে মঙল গ্ৰহৰ পৰিবেশ।

পৃথিৱীত সৃষ্টি কৰা মঙল গ্ৰহটোতে বাস কৰিছে মঙল অভিযানত ভাগ ল’বলগীয়া  ফ্লাইট ইঞ্জিনিয়াৰ ৰছ ব্ৰকৱেল, চিকিৎসা বিষয়া নাথান জোনছ, বৈজ্ঞানিক বিষয়া আনকা চেলাৰিউ আৰু দলৰ নেতা কেলি হাষ্টনে। তেওঁলোকে মঙল গ্ৰহত উদ্ভৱ হ'ব পৰা প্ৰত্যাহ্বান আৰু সমস্যাৰ সন্মুখীন হৈছে আৰু সেইবোৰৰ মোকাবিলা কৰি গৈছে।

তেওঁলোকে মঙল গ্ৰহৰ পৰিবেশত বিভিন্ন কাৰ্য  যেনে শস্য উৎপাদন, খাদ্য প্ৰস্তুত কৰা, যন্ত্ৰ মেৰামতি, ব্যায়াম, বিজ্ঞানৰ কাম আৰু টোপনি আদি কিদৰে মাৰিব পাৰি সেই বিষয়ত প্ৰশিক্ষণ লৈ আছে।  তেওঁলোকে মঙল অভিযানৰ সময়ত  হেলিকপ্টাৰৰ দৰে ড্ৰোন আৰু উৰিব পৰা ৰবট উৰুৱাব লাগিব।
মহাকাশচাৰীসকলক এনেদৰে  মঙ্গল গ্ৰহত সন্মুখীন হ'বলগীয়া শাৰীৰিক আৰু মানসিক প্ৰতিকূলতাৰ সৈতে খাপ খুৱাবলৈ প্ৰচেষ্টা চলি আছে। 

গোটেই বিষয়টো পৰীক্ষা কৰাৰ পিছত প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰা হৈছে। নাছাই চলিত বৰ্ষতে মঙ্গল গ্ৰহত  অভিযান আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে। অভিযান ২০২৫ আৰু ২০২৬ চনতো চলি থাকিব। কিন্তু মানুহক প্ৰথমে মঙল গ্ৰহলৈ  পঠোৱা নহ’ব।  অদূৰ ভৱিষ্যতে সকলো দিশ চালি-জাৰি চাই  সিদ্ধান্ত লোৱা হ'ব । তাৰ আগতে নাছাই মঙল গ্ৰহৰ পৰিবেশত মিব পৰাকৈ  মহাকাশচাৰীক সাজু কৰি আছে।  










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে