--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কি হ’ব? এয়াই এতিয়া প্ৰশ্ন বহুতৰে। ধাৰাসাৰ বৰষুণৰ বাবে  দেওবাৰে বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ আইপিএলৰ মেচ শেষ মুহূৰ্তত বাতিল কৰিবলগীয়া হ’ল। এনে পৰিস্থিতিত হাজাৰ হাজাৰ টকা খৰচ কৰি আইপিএল মেচৰ টিকট ক্ৰয় কৰাসকলে টিকটৰ ধন ঘূৰাই পাবনে? দেওবাৰে  নিৰ্ধাৰিত সময় অনুসৰি, সন্ধিয়া ৭.৩০ বজাৰ পৰা খেল অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কেইবাঘণ্টা অপেক্ষাৰ পিছতো বৰষুণ শাম নকটাত কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে  খেল বাতিল হোৱাৰ কথা ঘোষণা কৰিলে ।

 নিশা ১০:৩০ বজাত বতৰ কিছু ভাল দেখি টছ অনুষ্ঠিত হৈছিল আৰু কলকাতা নাইট ৰাইডাৰ্ছে বলিং কৰাৰ সিদ্ধান্ত লৈছিল । কিন্তু  পুনৰ বৰষুণ আৰম্ভ হোৱাৰ বাবে বাতিল কৰা হয় মেচ। ফলত আশাহত হৈ বিমৰ্ষ মনেৰে ঘৰমুৱা হ’ল হাজাৰ হাজাৰ দৰ্শক। আইপিএলৰ খেল  উপভোগ কৰিবলৈ দেওবাৰে কেৱল গুৱাহাটী বা অসমৰ আন ঠাইৰ পৰাই দৰ্শকৰ আগমন ঘটা নাছিল, দেশৰ বিভিন্ন ৰাজ্যৰ পৰাও দৰ্শকৰ আগমন ঘটিছিল। বিমানত টিকটৰ অভাৱ হৈছিল। গুৱাহাটীৰ হোটেলত কোঠা  নোপোৱা হৈছিল। এতিয়া খেল বাতিল হোৱাত দৰ্শকৰ মনত প্ৰশ্ন উদয় হৈছে টিকটৰ মূল্য ঘূৰাই পাবনে? জানিব পৰা মতে, বীমা কোম্পানীয়ে শেষ মুহূৰ্তলৈকে খেলখন অনুষ্ঠিত কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। 

কিয়নো খেলপথাৰত মাত্ৰ এটা বল পৰিলেও বীমাৰ নিয়ম অনুসৰি বীমা কোম্পানীয়ে ভৰিব নালাগে ধন। কিন্তু প্ৰতিকূল বতৰৰ বাবে কৰ্তৃপক্ষ আৰু খেলুৱৈসকলে কোনোপধ্যে খেল আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিলে।  নিয়ম অনুসৰি যদি খেলখন হঠাতে বাতিল কৰা হয় বা সেইদিনা ষ্টেডিয়ামত এটাও বল নেখেলাকৈ খেল খন বাতিল কৰা হয় তেন্তে দৰ্শকক ধন ঘূৰাই দিব লাগিব। সেই হিচাবত দেওবাৰৰ খেলখনৰ বৈধভাৱে টিকট ক্ৰয় কৰাসকলে টিকটৰ ধনক লৈ কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি ধাৰণা কৰিব পাৰি। যিসকল দৰ্শকে BookMyShowৰ জৰিয়তে অনলাইন বা অফলাইনত টিকট ক্ৰয় কৰিছিল  সেইসকল দৰ্শকে নিয়ম অনুসৰিয়েই টিকটৰ মূল্য ঘূৰাই পাব লাগে।  অৱশ্যে এতিয়ালৈকে আনুষ্ঠানিকভাবে এই বিষয়ত কৰ্তৃপক্ষই কৰা নাই কোনো ঘোষণা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
ৰে'ল যাত্ৰীসকলৰ বাবে সুখবৰ! এতিয়াৰে পৰা ৰে'লৰ ভিতৰতো ATM ৰ পৰা উলিয়াব পাৰিব নগদ ধন
৩খন কাকতৰ পৰীক্ষা অনুষ্ঠিত কৰি বাকী বিষয়সমূহ ডেৰ মাহৰ পাছত পতাৰ আজব সিদ্ধান্ত
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক