--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কি হ’ব? এয়াই এতিয়া প্ৰশ্ন বহুতৰে। ধাৰাসাৰ বৰষুণৰ বাবে  দেওবাৰে বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছৰ আইপিএলৰ মেচ শেষ মুহূৰ্তত বাতিল কৰিবলগীয়া হ’ল। এনে পৰিস্থিতিত হাজাৰ হাজাৰ টকা খৰচ কৰি আইপিএল মেচৰ টিকট ক্ৰয় কৰাসকলে টিকটৰ ধন ঘূৰাই পাবনে? দেওবাৰে  নিৰ্ধাৰিত সময় অনুসৰি, সন্ধিয়া ৭.৩০ বজাৰ পৰা খেল অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কেইবাঘণ্টা অপেক্ষাৰ পিছতো বৰষুণ শাম নকটাত কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে  খেল বাতিল হোৱাৰ কথা ঘোষণা কৰিলে ।

 নিশা ১০:৩০ বজাত বতৰ কিছু ভাল দেখি টছ অনুষ্ঠিত হৈছিল আৰু কলকাতা নাইট ৰাইডাৰ্ছে বলিং কৰাৰ সিদ্ধান্ত লৈছিল । কিন্তু  পুনৰ বৰষুণ আৰম্ভ হোৱাৰ বাবে বাতিল কৰা হয় মেচ। ফলত আশাহত হৈ বিমৰ্ষ মনেৰে ঘৰমুৱা হ’ল হাজাৰ হাজাৰ দৰ্শক। আইপিএলৰ খেল  উপভোগ কৰিবলৈ দেওবাৰে কেৱল গুৱাহাটী বা অসমৰ আন ঠাইৰ পৰাই দৰ্শকৰ আগমন ঘটা নাছিল, দেশৰ বিভিন্ন ৰাজ্যৰ পৰাও দৰ্শকৰ আগমন ঘটিছিল। বিমানত টিকটৰ অভাৱ হৈছিল। গুৱাহাটীৰ হোটেলত কোঠা  নোপোৱা হৈছিল। এতিয়া খেল বাতিল হোৱাত দৰ্শকৰ মনত প্ৰশ্ন উদয় হৈছে টিকটৰ মূল্য ঘূৰাই পাবনে? জানিব পৰা মতে, বীমা কোম্পানীয়ে শেষ মুহূৰ্তলৈকে খেলখন অনুষ্ঠিত কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। 

কিয়নো খেলপথাৰত মাত্ৰ এটা বল পৰিলেও বীমাৰ নিয়ম অনুসৰি বীমা কোম্পানীয়ে ভৰিব নালাগে ধন। কিন্তু প্ৰতিকূল বতৰৰ বাবে কৰ্তৃপক্ষ আৰু খেলুৱৈসকলে কোনোপধ্যে খেল আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিলে।  নিয়ম অনুসৰি যদি খেলখন হঠাতে বাতিল কৰা হয় বা সেইদিনা ষ্টেডিয়ামত এটাও বল নেখেলাকৈ খেল খন বাতিল কৰা হয় তেন্তে দৰ্শকক ধন ঘূৰাই দিব লাগিব। সেই হিচাবত দেওবাৰৰ খেলখনৰ বৈধভাৱে টিকট ক্ৰয় কৰাসকলে টিকটৰ ধনক লৈ কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি ধাৰণা কৰিব পাৰি। যিসকল দৰ্শকে BookMyShowৰ জৰিয়তে অনলাইন বা অফলাইনত টিকট ক্ৰয় কৰিছিল  সেইসকল দৰ্শকে নিয়ম অনুসৰিয়েই টিকটৰ মূল্য ঘূৰাই পাব লাগে।  অৱশ্যে এতিয়ালৈকে আনুষ্ঠানিকভাবে এই বিষয়ত কৰ্তৃপক্ষই কৰা নাই কোনো ঘোষণা। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ