--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভেলেণ্টাইন দে'ৰ দিনাই ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই উৎক্ষেপণ কৰিব এখন বিশেষ ৰকেট৷ আটাইতকৈ বিশ্বাসযোগ্য ৰকেট পিএছএলভি-চি৫২ ইছৰো ৱে উৎক্ষেপণ কৰিব ১৪ ফেব্ৰুৱাৰীৰ পুৱা ৫.৫৯ বজাত৷ এই বছৰৰ প্ৰথমখন ৰকেট উৎক্ষেপণ কৰিবলৈ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা। ৰকেটখন শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ উৎক্ষেপণ পেডত একত্ৰিত কৰা হৈছে। ইতিমধ্যেই সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে৷ ২৫ৰ পৰা ৩০ মিনিট আগৰে পৰাই উৎক্ষেপণৰ কাউণ্টডাউন আৰম্ভ হ'ব বুলি জানিবলৈ পোৱা গৈছে৷ উল্লেখ্য যে, উৎক্ষেপণ প্ৰক্ৰিয়া পুৱা ৪.২৯ বজাৰ পৰা আৰম্ভ কৰা হ'ব৷ EOS-4/RISAT-1A উপগ্ৰহৰ সৈতে আৰু দুটা উপগ্ৰহ থাকিব বুলি সন্থাটোৱে সদৰী কৰে৷ প্ৰথমটো হ'ল ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলে নিৰ্মাণ কৰা ইনস্পিৰেছেট-১ আৰু দ্বিতীয়টো হ'ব ভাৰত-ভূটান যুটীয়া উপগ্ৰহ আইএনএছ-২বি ৷ ইছৰোৰ মতে, মহাকাশ সংস্থাটোৱে পৃথিৱীৰ নিম্ন কক্ষপথত পৰ্যৱেক্ষণৰ বাবে উপগ্ৰহ EOS-4/RISAT-1A স্থাপন কৰিব পাৰে। ইয়াৰ পূৰ্বে, আইএনএছ-২বি মুকলি কৰাৰ সময় নিৰ্ধাৰণ কৰা হৈছিল এই বৰ্ষৰ মাৰ্চ মাহত৷ কিন্তু এতিয়া ইয়াক EOS-4ৰ সৈতে মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে। EOS-4 উপগ্ৰহটো ১৭১০ কিলোগ্ৰামৰ আৰু পৃথিৱীৰ পৰা ৫২৯ কিলোমিটাৰ দূৰত থকা প'লাৰ অৰ্বিটত ইয়াক স্থাপন কৰা হ'ব। দৰাচলতে, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) বিগত বৰ্ষৰ জুলাইত PSLV-C52 ৰকেটৰ পৰা EOS-4/RISAT-1A উপগ্ৰহ উৎক্ষেপণ কৰাৰ কথা আছিল৷ এই উপগ্ৰহটো আছিল এটা মাইক্ৰ'ৱেভ দূৰৱৰ্তী উপগ্ৰহ। কৰ'নাৰ বাবে এই উৎক্ষেপণ পিছুৱাই দিয়া হৈছিল কিন্তু এই বৰ্ষত ইয়াৰ উৎক্ষেপণৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক