--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভেলেণ্টাইন দে'ৰ দিনাই ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই উৎক্ষেপণ কৰিব এখন বিশেষ ৰকেট৷ আটাইতকৈ বিশ্বাসযোগ্য ৰকেট পিএছএলভি-চি৫২ ইছৰো ৱে উৎক্ষেপণ কৰিব ১৪ ফেব্ৰুৱাৰীৰ পুৱা ৫.৫৯ বজাত৷ এই বছৰৰ প্ৰথমখন ৰকেট উৎক্ষেপণ কৰিবলৈ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা। ৰকেটখন শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ উৎক্ষেপণ পেডত একত্ৰিত কৰা হৈছে। ইতিমধ্যেই সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে৷ ২৫ৰ পৰা ৩০ মিনিট আগৰে পৰাই উৎক্ষেপণৰ কাউণ্টডাউন আৰম্ভ হ'ব বুলি জানিবলৈ পোৱা গৈছে৷ উল্লেখ্য যে, উৎক্ষেপণ প্ৰক্ৰিয়া পুৱা ৪.২৯ বজাৰ পৰা আৰম্ভ কৰা হ'ব৷ EOS-4/RISAT-1A উপগ্ৰহৰ সৈতে আৰু দুটা উপগ্ৰহ থাকিব বুলি সন্থাটোৱে সদৰী কৰে৷ প্ৰথমটো হ'ল ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীসকলে নিৰ্মাণ কৰা ইনস্পিৰেছেট-১ আৰু দ্বিতীয়টো হ'ব ভাৰত-ভূটান যুটীয়া উপগ্ৰহ আইএনএছ-২বি ৷ ইছৰোৰ মতে, মহাকাশ সংস্থাটোৱে পৃথিৱীৰ নিম্ন কক্ষপথত পৰ্যৱেক্ষণৰ বাবে উপগ্ৰহ EOS-4/RISAT-1A স্থাপন কৰিব পাৰে। ইয়াৰ পূৰ্বে, আইএনএছ-২বি মুকলি কৰাৰ সময় নিৰ্ধাৰণ কৰা হৈছিল এই বৰ্ষৰ মাৰ্চ মাহত৷ কিন্তু এতিয়া ইয়াক EOS-4ৰ সৈতে মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে। EOS-4 উপগ্ৰহটো ১৭১০ কিলোগ্ৰামৰ আৰু পৃথিৱীৰ পৰা ৫২৯ কিলোমিটাৰ দূৰত থকা প'লাৰ অৰ্বিটত ইয়াক স্থাপন কৰা হ'ব। দৰাচলতে, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) বিগত বৰ্ষৰ জুলাইত PSLV-C52 ৰকেটৰ পৰা EOS-4/RISAT-1A উপগ্ৰহ উৎক্ষেপণ কৰাৰ কথা আছিল৷ এই উপগ্ৰহটো আছিল এটা মাইক্ৰ'ৱেভ দূৰৱৰ্তী উপগ্ৰহ। কৰ'নাৰ বাবে এই উৎক্ষেপণ পিছুৱাই দিয়া হৈছিল কিন্তু এই বৰ্ষত ইয়াৰ উৎক্ষেপণৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান