--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে প্ৰায়বোৰ মানুহৰ শৰীৰত তেজৰ অভাৱ দেখা যায়। এনে অৱস্থাত যদি আপুনি সঠিক সময়ত নিজৰ প্ৰতি গুৰুত্ব নিদিয়ে তেন্তে পিছলৈ শৰীৰৰ অৱস্থা অধিক বেয়া হ’ব পাৰে। স্বাস্থ্যৰ অৱনতি ঘটাৰ আগতে এনেধৰণৰ বস্তু সেৱন কৰা উচিত, যাতে শৰীৰত তেজৰ অভাৱ নহয়। আপুনি জানেনে যে কিছমিছ খালেও ৰক্তহীনতা নহয়, কিন্তু ইয়াৰ লগত মৌ মিহলাই খালে অধিক সুফল পাব। গতিকে এই দুটা কেনেকৈ গ্ৰহণ কৰিব লাগে আৰু তেজ বৃদ্ধি কৰাৰ বাহিৰেও ইয়াৰ আন কি কি উপকাৰিতা আছে জানো আহক।

কিছমিছ আৰু মৌত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। ইয়াক একেলগে সেৱন কৰিলে শৰীৰে পৰ্যাপ্ত পুষ্টি লাভ কৰাই নহয় ৰোগবোৰো আঁতৰত থাকে। চৰ্দি, কাহ, কফ আদি সমস্যাৰ পৰা মুক্তি পাবলৈ ইয়াক ঔষধ হিচাপে গ্ৰহণ কৰা হয়। এই দুয়োটা উপাদানতে কেলচিয়াম, আইৰণৰ লগতে প্ৰয়োজনীয় পুষ্টিকৰ গুণ আছে। ইয়াক খাবলৈ প্ৰথমে ৬-৭টা কিচমিচ ৰাতিটো তিয়াই ৰাখিব লাগে। পিছদিনা ৰাতিপুৱা কিছমিছৰ লগত মৌ মিহলাই খাব লাগে।

শৰীৰত তেজৰ অভাৱ দূৰ কৰাৰ উপৰিও কিছমিছ আৰু মৌ ৰক্তচাপ নিয়ন্ত্ৰণত অতি উপযোগী। অৰ্থাৎ যিসকল লোকৰ ৰক্তচাপ নিয়ন্ত্ৰণত নাথাকে, তেওঁলোকে এয়া গ্ৰহণ কৰিলে সুফল পাব। 

পাচনতন্ত্ৰক শক্তিশালী কৰি তোলাতো এই দুয়োটা অতি উপযোগী। যিসকল লোকৰ পেটত প্ৰতিদিনে বিষ হয়, তেওঁলোকেও ইয়াক গ্ৰহণ কৰিব পাৰে।

তেজ চলাচল উন্নত কৰাৰ লগতে ই আপোনাৰ ছালৰ বাবেও অতি উপযোগী। গতিকে নিজক সুস্বাস্থ্যৱান কৰি ৰাখিবলৈ কিছমিছৰ লগত মৌ মিহলাই খাওক নিশ্চয়কৈ সুফল পাব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ