--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাখীৰ খোৱা স্বাস্থ্যৰ বাবে অতি উপকাৰী। গাখীৰত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায় যি আমাৰ হাড়ৰ বাবে উপকাৰী। গাখীৰত ভিটামিন এ, কে, আৰু বি ১২, থাইয়ামিন, আৰু কেইবাটাও ভিটামিন আৰু খনিজ পদাৰ্থ যেনে নিকোটিনিক এচিড, ফছফৰাছ, ছডিয়াম, পটাছিয়াম আদিও থাকে। সেইবাবেই স্বাস্থ্য বিশেষজ্ঞসকলে সদায় সৰু-বৰ সকলো বয়সৰ লোকক গাখীৰ খোৱাৰ পৰামৰ্শ দিয়ে। কিন্তু দিনত গাখীৰ খোৱাটো উপকাৰী হয় নে ৰাতি তাক লৈ মানুহ প্ৰায়েই বিভ্ৰান্ত হৈ পৰে। দিনটোৰ কি সময়ত গাখীৰ খোৱা  সুস্বাস্থ্যৰ বাবে অধিক উপকাৰী হয় ? জানো আহক

১) ৰাতিপুৱা গাখীৰ খোৱাৰ উপকাৰীতাঃ বিশেষজ্ঞসকলৰ মতে যদি আপুনি ৰাতিপুৱা ১০ বজালৈকে গাখীৰ খাই আছে, তেন্তে ‌এই গাখীৰে শৰীৰৰ সকলো অংগ-কোষক পুষ্টি প্ৰদান কৰে।

২)  দুপৰীয়া গাখীৰ খোৱাৰ উপকাৰীতাঃ দুপৰীয়া গাখীৰ খালে পিত্ত আৰু কফ আঁতৰাই পেলায়। কফ আৰু পিত্তৰ সমস্যা থকা সকলৰ বাবে দুপৰীয়া গাখীৰ খোৱাটো অধিক উপকাৰী।

৩) ৰাতি গাখীৰ খোৱাৰ উপকাৰীতাঃ ৰাতি যেতিয়া মানুহে গাখীৰ খায় তেতিয়া ই নিজৰ মাজতে এক সম্পূৰ্ণ খাদ্য হিচাপে কাম কৰে। চকুৰ স্বাস্থ্যৰ বাবে ই অতি উপকাৰী। লগতে টোপনিৰ সমস্যাত ভুগি থকা সকলৰ বাবে ৰাতি গাখীৰ খোৱাটো অতি উপকাৰী। টোপনিৰ সমস্যা থকা লোকে যদি ৰাতি ম’হৰ গাখীৰ খায় তেন্তে ই তেওঁলোকৰ টোপনি ভাল হোৱাত সহায় কৰে। লগতে ৰাতি গাখীৰ  সেইসকল লোকে খোৱা উচিত যিসকল লোকে দিনত অতি টেঙাযুক্ত খাদ্য বা টেঙা খায়। লগতে কোষ্ঠকাঠিন্যত ভুগি থকা লোকসকলে ৰাতি গাখীৰ খাব লাগে।

বিশেষজ্ঞসকলৰ মতে কেতিয়া গাখীৰ খাব লাগে সেয়া শৰীৰৰ প্ৰকৃতি আৰু স্বাস্থ্যজনিত সমস্যাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে আপুনি প্ৰয়োজন অনুসৰি গাখীৰ খাব পাৰে আৰু যিকোনো সময়তে গাখীৰ খোৱাবও পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক