--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাখীৰ খোৱা স্বাস্থ্যৰ বাবে অতি উপকাৰী। গাখীৰত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায় যি আমাৰ হাড়ৰ বাবে উপকাৰী। গাখীৰত ভিটামিন এ, কে, আৰু বি ১২, থাইয়ামিন, আৰু কেইবাটাও ভিটামিন আৰু খনিজ পদাৰ্থ যেনে নিকোটিনিক এচিড, ফছফৰাছ, ছডিয়াম, পটাছিয়াম আদিও থাকে। সেইবাবেই স্বাস্থ্য বিশেষজ্ঞসকলে সদায় সৰু-বৰ সকলো বয়সৰ লোকক গাখীৰ খোৱাৰ পৰামৰ্শ দিয়ে। কিন্তু দিনত গাখীৰ খোৱাটো উপকাৰী হয় নে ৰাতি তাক লৈ মানুহ প্ৰায়েই বিভ্ৰান্ত হৈ পৰে। দিনটোৰ কি সময়ত গাখীৰ খোৱা  সুস্বাস্থ্যৰ বাবে অধিক উপকাৰী হয় ? জানো আহক

১) ৰাতিপুৱা গাখীৰ খোৱাৰ উপকাৰীতাঃ বিশেষজ্ঞসকলৰ মতে যদি আপুনি ৰাতিপুৱা ১০ বজালৈকে গাখীৰ খাই আছে, তেন্তে ‌এই গাখীৰে শৰীৰৰ সকলো অংগ-কোষক পুষ্টি প্ৰদান কৰে।

২)  দুপৰীয়া গাখীৰ খোৱাৰ উপকাৰীতাঃ দুপৰীয়া গাখীৰ খালে পিত্ত আৰু কফ আঁতৰাই পেলায়। কফ আৰু পিত্তৰ সমস্যা থকা সকলৰ বাবে দুপৰীয়া গাখীৰ খোৱাটো অধিক উপকাৰী।

৩) ৰাতি গাখীৰ খোৱাৰ উপকাৰীতাঃ ৰাতি যেতিয়া মানুহে গাখীৰ খায় তেতিয়া ই নিজৰ মাজতে এক সম্পূৰ্ণ খাদ্য হিচাপে কাম কৰে। চকুৰ স্বাস্থ্যৰ বাবে ই অতি উপকাৰী। লগতে টোপনিৰ সমস্যাত ভুগি থকা সকলৰ বাবে ৰাতি গাখীৰ খোৱাটো অতি উপকাৰী। টোপনিৰ সমস্যা থকা লোকে যদি ৰাতি ম’হৰ গাখীৰ খায় তেন্তে ই তেওঁলোকৰ টোপনি ভাল হোৱাত সহায় কৰে। লগতে ৰাতি গাখীৰ  সেইসকল লোকে খোৱা উচিত যিসকল লোকে দিনত অতি টেঙাযুক্ত খাদ্য বা টেঙা খায়। লগতে কোষ্ঠকাঠিন্যত ভুগি থকা লোকসকলে ৰাতি গাখীৰ খাব লাগে।

বিশেষজ্ঞসকলৰ মতে কেতিয়া গাখীৰ খাব লাগে সেয়া শৰীৰৰ প্ৰকৃতি আৰু স্বাস্থ্যজনিত সমস্যাৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে আপুনি প্ৰয়োজন অনুসৰি গাখীৰ খাব পাৰে আৰু যিকোনো সময়তে গাখীৰ খোৱাবও পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ