--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিউয়ৰ্কৰ ৰকফেলাৰ বিশ্ববিদ্যালয়ৰ স্নায়ু জীৱ বিজ্ঞানৰ গৱেষক লেছলি ভোশ্বালেৰ নেতৃত্বত শেহতীয়াকৈ কৰা এক অধ্যয়নত পোহৰলৈ আহে যে কিছুমান লোকৰ ছালত এনে কিছুমান পদাৰ্থ থাকে, যিয়ে মহক আকৰ্ষিত কৰিব পাৰে। এই উপাদানবোৰ ছালত পোৱা যায় বাবে তেওঁ মহৰ আকৰ্ষণৰ কাৰণ হৈ পৰে।

 মঙলবাৰে প্ৰকাশিত ‘চেল’ নামৰ বৈজ্ঞানিক আলোচনীত পোহৰলৈ আহিল এই তথ্য। ৬৪জন লোকক গৱেষণা কৰা পাছত গৱেষকসকলে জনোৱা মতে, তেওঁলোকে স্বেচ্ছাসেৱকসকলক বিভিন্ন ধৰণে প্ৰস্তুত কৰি এডিছ এজিপ্টি মহৰ সন্মুখত ৰাখিছিল, ফলত দেখা গ’ল যে কিছুমান বিশেষ ব্যক্তিৰ প্ৰতি মহৰ আকৰ্ষণ এশ গুণ অধিক হয়। কেইবা বছৰ ধৰি পৰীক্ষা কৰাৰ পাছতো ফলাফলত একেই তথ্য পোহৰলৈ আহে। গৱেষকসকলে এই লোকসকলৰ নাম ‘মহৰ চুম্বক’ বুলি আখ্যা দিয়ে।

 কিন্তু কিয় এনে হয়? গৱেষকসকলে দাবী কৰিছে যে যিসকল লোকক মহে বেছিকৈ কামোৰে তেওঁলোকৰ ছালত কিছু বিশেষ পদাৰ্থ নিঃসৰণ হয়। ছালৰ প্ৰাকৃতিক আৰ্দ্ৰতা বজাই ৰখাত এই পদাৰ্থবোৰ অতি গুৰুত্বপূৰ্ণ। বিভিন্ন মানুহৰ শৰীৰে ছালৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন হাৰত এই পদাৰ্থবোৰ নিঃসৰণ কৰে। ছালত থকা কিছুমান বেক্টেৰিয়া জীয়াই থাকিবলৈ এই পদাৰ্থৰ পৰা উৎপন্ন হোৱা ‘স্লিম’ কণাবোৰৰ ওপৰত নিৰ্ভৰশীল। মানুহৰ ছালৰ গোন্ধো কিছু পৰিমাণে এই উপাদানটোৰ ওপৰত নিৰ্ভৰশীল। বিজ্ঞানীসকলৰ মতে এই পদাৰ্থৰ প্ৰতি মহ অধিক আকৰ্ষিত হয়। যিহেতু এই পদাৰ্থবোৰ ছালৰ প্ৰাকৃতিক উপাদান, গতিকে শৰীৰৰ পৰা বাহিৰ হ’লে  ছালৰ ক্ষতি হ’ব পাৰে। ফলত মহৰ কামোৰৰ পৰা হাত সাৰিবলৈ কোনো উপায় নাথাকিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু