--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিউয়ৰ্কৰ ৰকফেলাৰ বিশ্ববিদ্যালয়ৰ স্নায়ু জীৱ বিজ্ঞানৰ গৱেষক লেছলি ভোশ্বালেৰ নেতৃত্বত শেহতীয়াকৈ কৰা এক অধ্যয়নত পোহৰলৈ আহে যে কিছুমান লোকৰ ছালত এনে কিছুমান পদাৰ্থ থাকে, যিয়ে মহক আকৰ্ষিত কৰিব পাৰে। এই উপাদানবোৰ ছালত পোৱা যায় বাবে তেওঁ মহৰ আকৰ্ষণৰ কাৰণ হৈ পৰে।

 মঙলবাৰে প্ৰকাশিত ‘চেল’ নামৰ বৈজ্ঞানিক আলোচনীত পোহৰলৈ আহিল এই তথ্য। ৬৪জন লোকক গৱেষণা কৰা পাছত গৱেষকসকলে জনোৱা মতে, তেওঁলোকে স্বেচ্ছাসেৱকসকলক বিভিন্ন ধৰণে প্ৰস্তুত কৰি এডিছ এজিপ্টি মহৰ সন্মুখত ৰাখিছিল, ফলত দেখা গ’ল যে কিছুমান বিশেষ ব্যক্তিৰ প্ৰতি মহৰ আকৰ্ষণ এশ গুণ অধিক হয়। কেইবা বছৰ ধৰি পৰীক্ষা কৰাৰ পাছতো ফলাফলত একেই তথ্য পোহৰলৈ আহে। গৱেষকসকলে এই লোকসকলৰ নাম ‘মহৰ চুম্বক’ বুলি আখ্যা দিয়ে।

 কিন্তু কিয় এনে হয়? গৱেষকসকলে দাবী কৰিছে যে যিসকল লোকক মহে বেছিকৈ কামোৰে তেওঁলোকৰ ছালত কিছু বিশেষ পদাৰ্থ নিঃসৰণ হয়। ছালৰ প্ৰাকৃতিক আৰ্দ্ৰতা বজাই ৰখাত এই পদাৰ্থবোৰ অতি গুৰুত্বপূৰ্ণ। বিভিন্ন মানুহৰ শৰীৰে ছালৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন হাৰত এই পদাৰ্থবোৰ নিঃসৰণ কৰে। ছালত থকা কিছুমান বেক্টেৰিয়া জীয়াই থাকিবলৈ এই পদাৰ্থৰ পৰা উৎপন্ন হোৱা ‘স্লিম’ কণাবোৰৰ ওপৰত নিৰ্ভৰশীল। মানুহৰ ছালৰ গোন্ধো কিছু পৰিমাণে এই উপাদানটোৰ ওপৰত নিৰ্ভৰশীল। বিজ্ঞানীসকলৰ মতে এই পদাৰ্থৰ প্ৰতি মহ অধিক আকৰ্ষিত হয়। যিহেতু এই পদাৰ্থবোৰ ছালৰ প্ৰাকৃতিক উপাদান, গতিকে শৰীৰৰ পৰা বাহিৰ হ’লে  ছালৰ ক্ষতি হ’ব পাৰে। ফলত মহৰ কামোৰৰ পৰা হাত সাৰিবলৈ কোনো উপায় নাথাকিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক