--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অভিযুক্তৰ সৈতে সম্পৰ্ক থকাৰ বাবে জেললৈও গৈছিল এগৰাকী নাৰ্ছ। এই ঘটনা ব্ৰিটেইনৰ এইচ এম পি পাৰ্ক নামৰ কাৰাগাৰৰ। অভিযুক্ত নাৰ্ছগৰাকীৰ নাম এলিছ হিবছ। কাৰাগাৰত বন্দী অভিযুক্তৰ সৈতে ‘অবৈধ’ সম্পৰ্ক স্থাপন কৰি ৬ মাহৰ বাবে শাস্তিৰ সন্মুখীন হৈছিল নাৰ্ছগৰাকী। কেৱল নাৰ্ছগৰাকীয়েই নহয়, অভিযুক্তৰ একেখন কাৰাগাৰৰ আন এজন কৰ্মচাৰীৰ সৈতেও আছিল ‘অবৈধ’ সম্পৰ্ক, যাৰ ফলত তেওঁক মানচেষ্টাৰৰ এখন জেললৈ বদলি কৰা হয়। এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰখাৰ সময়তে এলিছৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা পোহৰলৈ আহে।

 আৰক্ষীয়ে জনোৱা মতে, কৰ্মৰত অৱস্থাত অভিযুক্তৰ পৰিয়ালৰে দুয়ো বহুবাৰ সংস্পৰ্শলৈ আহিছিল। ২০২১ চনৰ জুলাই মাহত এলিছে চাকৰিও ত্যাগ কৰিছিল, কিন্তু পাছৰ সপ্তাহত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তেওঁ নিজৰ দোষ স্বীকাৰ কৰিছিল। কিন্তু নাৰ্ছগৰাকীয়ে আদালতত দাবী কৰে যে প্ৰাৰম্ভিক প্ৰেমৰ সম্পৰ্ক থকাৰ পাছত তেওঁ কিছুদিনৰ পাছতহে নিজৰ ভুলটো উপলব্ধি কৰিব পাৰিছিল। তেওঁ লগতে দাবী কৰে যে কিছুদিনৰ পাছত অভিযুক্তই বলপূৰ্বকভাৱে তেওঁৰ সৈতে যোগাযোগ স্থাপন কৰে যদিও আদালতে তেওঁৰ যুক্তি মানি ল’ব বিচৰা নাছিল। মঙলবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে কয় যে তেওঁ নাৰ্ছিং বিষয়ত প্ৰশিক্ষণ লাভ কৰিছে। ইয়াৰ পাছতো তেওঁ কাৰাগাৰ কৰ্তৃপক্ষক তেওঁৰ সৈতে হোৱা যোগাযোগৰ বিষয়ে অৱগত নকৰিলে আৰু অভিযুক্তৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল। এজন সহকৰ্মীয়ে তেওঁক সকীয়াই দিছিল যদিও তেওঁ সম্পূৰ্ণভাৱে আওকাণ কৰিছিল। আদালতে তেওঁক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক