--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অভিযুক্তৰ সৈতে সম্পৰ্ক থকাৰ বাবে জেললৈও গৈছিল এগৰাকী নাৰ্ছ। এই ঘটনা ব্ৰিটেইনৰ এইচ এম পি পাৰ্ক নামৰ কাৰাগাৰৰ। অভিযুক্ত নাৰ্ছগৰাকীৰ নাম এলিছ হিবছ। কাৰাগাৰত বন্দী অভিযুক্তৰ সৈতে ‘অবৈধ’ সম্পৰ্ক স্থাপন কৰি ৬ মাহৰ বাবে শাস্তিৰ সন্মুখীন হৈছিল নাৰ্ছগৰাকী। কেৱল নাৰ্ছগৰাকীয়েই নহয়, অভিযুক্তৰ একেখন কাৰাগাৰৰ আন এজন কৰ্মচাৰীৰ সৈতেও আছিল ‘অবৈধ’ সম্পৰ্ক, যাৰ ফলত তেওঁক মানচেষ্টাৰৰ এখন জেললৈ বদলি কৰা হয়। এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰখাৰ সময়তে এলিছৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথা পোহৰলৈ আহে।

 আৰক্ষীয়ে জনোৱা মতে, কৰ্মৰত অৱস্থাত অভিযুক্তৰ পৰিয়ালৰে দুয়ো বহুবাৰ সংস্পৰ্শলৈ আহিছিল। ২০২১ চনৰ জুলাই মাহত এলিছে চাকৰিও ত্যাগ কৰিছিল, কিন্তু পাছৰ সপ্তাহত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। তেওঁ নিজৰ দোষ স্বীকাৰ কৰিছিল। কিন্তু নাৰ্ছগৰাকীয়ে আদালতত দাবী কৰে যে প্ৰাৰম্ভিক প্ৰেমৰ সম্পৰ্ক থকাৰ পাছত তেওঁ কিছুদিনৰ পাছতহে নিজৰ ভুলটো উপলব্ধি কৰিব পাৰিছিল। তেওঁ লগতে দাবী কৰে যে কিছুদিনৰ পাছত অভিযুক্তই বলপূৰ্বকভাৱে তেওঁৰ সৈতে যোগাযোগ স্থাপন কৰে যদিও আদালতে তেওঁৰ যুক্তি মানি ল’ব বিচৰা নাছিল। মঙলবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে কয় যে তেওঁ নাৰ্ছিং বিষয়ত প্ৰশিক্ষণ লাভ কৰিছে। ইয়াৰ পাছতো তেওঁ কাৰাগাৰ কৰ্তৃপক্ষক তেওঁৰ সৈতে হোৱা যোগাযোগৰ বিষয়ে অৱগত নকৰিলে আৰু অভিযুক্তৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল। এজন সহকৰ্মীয়ে তেওঁক সকীয়াই দিছিল যদিও তেওঁ সম্পূৰ্ণভাৱে আওকাণ কৰিছিল। আদালতে তেওঁক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ