--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সৰ্বাধিক চৰ্চাত থকা এবিধ পাচলি হ'ল বিলাহী। সমগ্ৰ দেশজুৰি বাঢ়িছে বিলাহীৰ জুই চাই দাম। প্ৰতিটো ভাৰতীয় পাকঘৰত বিলাহী ব্যৱহাৰ হোৱা দেখা যায়। বিলাহী বিভিন্ন ব্যঞ্জনত ব্যৱহাৰ কৰাৰ উপৰিও আমি চালাড হিচাপেও বিলাহী খাওঁ। তাতে সকলো ঋতুতে বিলাহী সহজতে পোৱা যায়। বিলাহীত স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় পুষ্টি যেনে কেলচিয়াম, ভিটামিন চি, ফছফৰাছ আদি থাকে। 

ইয়াত এণ্টি-অক্সিডেণ্ট, এণ্টি-ইনফ্লেমেটৰী গুণাগুণ আছে যি ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত শৰীৰক শক্তিশালী কৰে। একে সময়তে ইয়াক নিয়মীয়াকৈ সেৱন কৰিলেও চকুৰ উপকাৰ হয়। আপুনি স্বাস্থ্যৰ বাবে দৈনিক বিলাহী খাব পাৰে, কিন্তু সেইবোৰ ভুল ধৰণে সেৱন কৰিলে আপোনাৰ শৰীৰৰ ক্ষতি হ'ব পাৰে। এনে বহুতো ৰোগ আছে যত বিলাহী খালে ক্ষতি হোৱাৰ সম্ভাৱনা আছে। আমি আপোনাক জনাম যে কোনবোৰ লোকে বিলাহী খাব নালাগে।

এই লোকসকলে বিলাহী খাব নালাগে
 

১) বৃক্কৰ পাথৰৰ সমস্যাঃ যদি আপোনাৰ বৃক্ক সম্পৰ্কীয় ৰোগ আছে, তেনেহ'লে বিলাহী একেবাৰে গ্ৰহণ নকৰিব। বহুতো গৱেষণাত দেখা গৈছে যে অধিক বিলাহী খোৱাৰ ফলত বৃক্কৰ পাথৰৰ আশংকা বৃদ্ধি হয়। বিলাহীত কেলচিয়াম অক্সাইড থাকে যি বৃক্কৰ পাথৰৰ আশংকা বজাই ৰাখে। কেলচিয়াম অক্সাইডৰ ফলত ৯০% লোকৰ বৃক্কৰ পাথৰ থাকে। সেয়েহে যদি আপুনি বৃক্কৰ পাথৰৰ লক্ষণ দেখা পায় তেন্তে আপুনি বিলাহী খোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰাটো উচিত।

২) গাঁঠিৰ বিষঃ যদি আপোনাৰ গাঁঠিত বিষ হয় তেন্তে বিলাহী খোৱা ক্ষতিকাৰক হ'ব পাৰে। গাঁঠিৰ বিষ থকা লোকসকলে বিলাহী খোৱা উচিত নহয় কিয়নো ই আপোনাৰ অসুবিধা আৰু বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত গাঁঠিবোৰ ফুলিব আৰু বিষ হ'ব পাৰে।


৩) ডায়েৰিয়াঃ ডায়েৰিয়াৰ সমস্যা হ'লে বিলাহী খাব নালাগে। ডায়েৰিয়া হৈ থাকোতে বিলাহী খালে আপোনাৰ সমস্যা বৃদ্ধি হ'ব পাৰে। আমি আপোনাক কওঁ যে বিলাহীত চালমোনেলা নামৰ বেক্টেৰিয়া থাকে যি ডায়েৰিয়াৰ সমস্যা বৃদ্ধি কৰে। সেইকাৰণে এই ৰোগত বিলাহী খাব নালাগে।

৪) পাচনতন্ত্ৰ ক্ষতিগ্ৰস্ত কৰেঃ বিলাহীৰ ফলত বহুসময়ত হজমৰ সমস্যা হয়। ইয়াৰ এচিডিটি আছে যাৰ বাবে অত্যাধিক বিলাহী খাই আপোনাৰ এচিডিটিৰ সমস্যা হ'ব পাৰে। ইয়াৰ ফলত যদি আপুনি বিলাহী অত্যাধিক খায় তেন্তে আপোনাৰ বুকুজ্বলা আৰু পেটৰ বিষ আৰু গেছৰ সমস্যাও হ'ব পাৰে। নিৰন্তৰ গেছৰ সমস্যাত ভুগি থকা লোকসকলে বিলাহী খোৱা এৰি দিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস