--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৈনন্দিন জীৱনত সাধাৰণতে সকলোৱে কিছুমান ভুল কৰে, যিটোৱে স্বাস্থ্যত অতি বেয়া প্ৰভাৱ পেলায়। আপুনি জানেনে যে আপোনাৰ বহুতো অভ্যাসে আপোনাৰ দৃষ্টিশক্তি কাঢ়ি নিব পাৰে! আপুনি এই ভুলবোৰ কি জানি লওক আৰু আজিৰ পৰা নিজেই দূৰত্ব বনাওক।

প্ৰতিদিনে আমি এনে বহুতো ভুল কৰোঁ, যিবোৰৰ বিষয়ে আমি সচেতন নহয়। এই ভুলবোৰে শৰীৰত ক্ৰমান্বয়ে প্ৰভাৱ পেলায় আৰু ই পাছত আমাৰ ডাঙৰ ক্ষতি কৰে। 

চকুৰ দৃষ্টিশক্তি কমি যোৱাত প্ৰভাৱ পেলোৱা আমাৰ ভুলবোৰৰ বিষয়ে জানি লওঁ আহক

১) চকুত যদি কিবা সমস্যা হয়, তেন্তে চিকিৎসা লোৱাত পলম নকৰিব। চকুত খজুৱতি, পানী ওলোৱা বা আন সমস্যাবোৰক চকুত সাধাৰণ বুলি গণ্য কৰাৰ ভুল কৰাৰ পৰিৱৰ্তে চিকিৎসা কৰাওক। সেইবোৰক আওকাণ কৰিলে চকুৰ দৃষ্টিশক্তি গুচি যাব পাৰে।

২) মাহৰ পিছত মাহ ধৰি মানুহে নিজৰ চেকআপ নকৰে। বাকী অংগবোৰৰ যিমান যত্ন লোৱা হয়, সিমানেই চকুৰো যত্ন ল’ব লাগে। বেছিভাগ মানুহেই দৈনিক চেকআপ লোৱাৰ বিষয়টো এৰাই চলে নহ’লে ইয়াক আওকাণ কৰাটো ঠিক নহয়।

৩) স্মাৰ্ট ফোন ব্যৱহাৰৰ মাজত অ’টিটি প্লেটফৰ্মৰ ট্ৰেণ্ড বিগত সময়ছোৱাত অধিক বৃদ্ধি পাইছে। কেৱল দিনতে নহয় ৰাতিও ঘণ্টাৰ পিছত ঘণ্টা ধৰি মোবাইলত সময় কটোৱাটো আজিৰ যুৱচামৰ আসক্তি হৈ পৰিছে। চকুৰ ওপৰত পৰা এনে বোজাই চকু দুটাক দুৰ্বল কৰিবলৈ আৰম্ভ কৰে।

৪) চকু কেতিয়াবা খজুৱাব পাৰে..সেয়া কোনো ডাঙৰ কথা নহয়। কিন্তু যদি ই সঘনাই হবলৈ লয় তেন্তে ইয়াৰ চিকিৎসা কৰক। খজুৱতিৰ বাবে চকু ঘঁহিলে চকু দুৰ্বল হৈ পৰে আৰু ইয়াক আওকাণ কৰিলে ডাঙৰ ক্ষতি হ’ব পাৰে।

৫) মোবাইল, কম্পিউটাৰ, টিভিৰ ক্ষতিকাৰক বিকিৰণৰ পৰা চকু যিমান পাৰি আঁতৰত ৰাখক।

৬) চকু দুটা সদায় পৰিষ্কাৰ পানীৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে যাতে চকুৰ ধূলিৰ কণাৰ পৰা ৰক্ষা পৰে।

৭) চেনি, প্ৰচেছড খাদ্য, ট্ৰেন্সফেট (বনস্পতি) আৰু ধূমপান সেৱন কৰাটো পৰিহাৰ কৰিব লাগে।

৮) চকুৰ সমস্যা হ’লে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক।

চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাৰ উপায়

১. চকুৰ দৃষ্টিশক্তি উন্নত কৰাৰ বাবে ভিটামিন এৰ দৰে খাদ্য বিশেষভাৱে গুৰুত্বপূৰ্ণ। মিঠা অমিতা, কঁঠাল, কোমোৰা, সেউজীয়া শাক, লাহী, মিঠা আলু, কণী, সৰু মাছ আদি খাদ্যই দৃষ্টিশক্তি বৃদ্ধি কৰে।

২. ৰাতি এটা বাটিত দুচামুচ ত্ৰিফলা গুড়ি তিয়াই থব লাগে। ৰাতিপুৱা উঠি সেই পানী চেকি লৈ চকু ধুব লাগে। এনে কৰিলে চকুৰ উজ্জ্বলতা বৃদ্ধি হয়। বৃদ্ধ বয়সতো চকু স্পষ্ট আৰু সতেজ হৈ থাকিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু