--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৈনন্দিন জীৱনত সাধাৰণতে সকলোৱে কিছুমান ভুল কৰে, যিটোৱে স্বাস্থ্যত অতি বেয়া প্ৰভাৱ পেলায়। আপুনি জানেনে যে আপোনাৰ বহুতো অভ্যাসে আপোনাৰ দৃষ্টিশক্তি কাঢ়ি নিব পাৰে! আপুনি এই ভুলবোৰ কি জানি লওক আৰু আজিৰ পৰা নিজেই দূৰত্ব বনাওক।

প্ৰতিদিনে আমি এনে বহুতো ভুল কৰোঁ, যিবোৰৰ বিষয়ে আমি সচেতন নহয়। এই ভুলবোৰে শৰীৰত ক্ৰমান্বয়ে প্ৰভাৱ পেলায় আৰু ই পাছত আমাৰ ডাঙৰ ক্ষতি কৰে। 

চকুৰ দৃষ্টিশক্তি কমি যোৱাত প্ৰভাৱ পেলোৱা আমাৰ ভুলবোৰৰ বিষয়ে জানি লওঁ আহক

১) চকুত যদি কিবা সমস্যা হয়, তেন্তে চিকিৎসা লোৱাত পলম নকৰিব। চকুত খজুৱতি, পানী ওলোৱা বা আন সমস্যাবোৰক চকুত সাধাৰণ বুলি গণ্য কৰাৰ ভুল কৰাৰ পৰিৱৰ্তে চিকিৎসা কৰাওক। সেইবোৰক আওকাণ কৰিলে চকুৰ দৃষ্টিশক্তি গুচি যাব পাৰে।

২) মাহৰ পিছত মাহ ধৰি মানুহে নিজৰ চেকআপ নকৰে। বাকী অংগবোৰৰ যিমান যত্ন লোৱা হয়, সিমানেই চকুৰো যত্ন ল’ব লাগে। বেছিভাগ মানুহেই দৈনিক চেকআপ লোৱাৰ বিষয়টো এৰাই চলে নহ’লে ইয়াক আওকাণ কৰাটো ঠিক নহয়।

৩) স্মাৰ্ট ফোন ব্যৱহাৰৰ মাজত অ’টিটি প্লেটফৰ্মৰ ট্ৰেণ্ড বিগত সময়ছোৱাত অধিক বৃদ্ধি পাইছে। কেৱল দিনতে নহয় ৰাতিও ঘণ্টাৰ পিছত ঘণ্টা ধৰি মোবাইলত সময় কটোৱাটো আজিৰ যুৱচামৰ আসক্তি হৈ পৰিছে। চকুৰ ওপৰত পৰা এনে বোজাই চকু দুটাক দুৰ্বল কৰিবলৈ আৰম্ভ কৰে।

৪) চকু কেতিয়াবা খজুৱাব পাৰে..সেয়া কোনো ডাঙৰ কথা নহয়। কিন্তু যদি ই সঘনাই হবলৈ লয় তেন্তে ইয়াৰ চিকিৎসা কৰক। খজুৱতিৰ বাবে চকু ঘঁহিলে চকু দুৰ্বল হৈ পৰে আৰু ইয়াক আওকাণ কৰিলে ডাঙৰ ক্ষতি হ’ব পাৰে।

৫) মোবাইল, কম্পিউটাৰ, টিভিৰ ক্ষতিকাৰক বিকিৰণৰ পৰা চকু যিমান পাৰি আঁতৰত ৰাখক।

৬) চকু দুটা সদায় পৰিষ্কাৰ পানীৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে যাতে চকুৰ ধূলিৰ কণাৰ পৰা ৰক্ষা পৰে।

৭) চেনি, প্ৰচেছড খাদ্য, ট্ৰেন্সফেট (বনস্পতি) আৰু ধূমপান সেৱন কৰাটো পৰিহাৰ কৰিব লাগে।

৮) চকুৰ সমস্যা হ’লে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক।

চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাৰ উপায়

১. চকুৰ দৃষ্টিশক্তি উন্নত কৰাৰ বাবে ভিটামিন এৰ দৰে খাদ্য বিশেষভাৱে গুৰুত্বপূৰ্ণ। মিঠা অমিতা, কঁঠাল, কোমোৰা, সেউজীয়া শাক, লাহী, মিঠা আলু, কণী, সৰু মাছ আদি খাদ্যই দৃষ্টিশক্তি বৃদ্ধি কৰে।

২. ৰাতি এটা বাটিত দুচামুচ ত্ৰিফলা গুড়ি তিয়াই থব লাগে। ৰাতিপুৱা উঠি সেই পানী চেকি লৈ চকু ধুব লাগে। এনে কৰিলে চকুৰ উজ্জ্বলতা বৃদ্ধি হয়। বৃদ্ধ বয়সতো চকু স্পষ্ট আৰু সতেজ হৈ থাকিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ