--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিঁয়াজৰ বাকলি একো কামত নাহে বুলি সকলোৱে ডাষ্টবিনত পেলাই দিয়ে। কিন্তু আপুনি জানেনে যে পিঁয়াজৰ বাকলি আপোনাৰ চুলিৰ যত্নৰ বাবেও অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। পিঁয়াজৰ বাকলিত প্ৰচুৰ পৰিমাণে শক্তিশালী এণ্টিঅক্সিডেণ্ট, ফাইবাৰ, ভিটামিন এ, ভিটামিন চি আৰু ভিটামিন ই থাকে। যিয়ে চুলিৰ লগত জড়িত সমস্যা দূৰ কৰি চুলিৰ বৃদ্ধিত সহায় কৰে। চুলি দীঘল আৰু চিকচিকিয়া কৰি ৰাখিবলৈ পিঁয়াজৰ বাকলি ব্যৱহাৰ কৰক।

চুলিৰ যত্নত পিঁয়াজৰ বাকলি বৰ উপকাৰী-

১) চুলিৰ টোনাৰঃ যদি আপুনি আপোনাৰ শুকান আৰু নিৰ্জীৱ চুলিৰ বাবে অসুবিধা পাইছে, তেন্তে আপুনি পিঁয়াজৰ বাকলি চুলিৰ টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। এই পিঁয়াজৰ টোনাৰ বনাবলৈ পিঁয়াজৰ বাকলি পানীত উতলাই লওক যেতিয়ালৈকে ইয়াৰ ৰং বাদামী নহয়।

২) চুলিৰ বৃদ্ধিঃ পিঁয়াজৰ বাকলি উতলাই তাৰে চুলি ধুই লওক। পিঁয়াজৰ বাকলিয়ে চুলিত ফলপ্ৰসূভাৱে কাম কৰে। ইয়াত অতি বেছি পৰিমাণৰ চালফাৰ থাকে। যিয়ে কলাজেন গঠনত সহায় কৰে।যিটোৱে চুলিৰ বৃদ্ধিত সহায় কৰিব পাৰে।

৩) চুলিৰ ৰংঃ যদি সময়ৰ আগতেই আপোনাৰ চুলি ধূসৰ হ’বলৈ আৰম্ভ কৰিছে, তেন্তে পিঁয়াজৰ বাকলিত তাৰ বাবেও সমাধান আছে। পিঁয়াজৰ বাকলিয়ে চুলিৰ বৃদ্ধি কৰাই নহয় ই এটা ভাল প্ৰাকৃতিক চুলিৰ ৰং হিচাপেও কাম কৰে। যাৰ বাবে চুলিৰ ৰং সোণালী বাদামী হয়। এইটো বনাবলৈ পানীৰ এভাগত পিয়াঁজৰ বাকলি দি প্ৰায় এঘণ্টা উতলাব। ইয়াৰ পিছত ৰাতিটো ঠাণ্ডা হ’বলৈ দিব। পিছদিনা এই পানী ফিল্টাৰ কৰি চুলিত লগাব। চুলি ধোৱাৰ আগতে ৩০ মিনিট শুকুৱাই লওক।

৪) উফি দূৰ কৰাঃ বতৰ পৰিৱৰ্তিত সময়ত মানুহৰ প্ৰায়ে উফিৰ সমস্যা হ’বলৈ আৰম্ভ কৰে। যাৰ বাবে চুলি দ্ৰুতগতিত সৰিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ পিঁয়াজৰ বাকলিৰ সহায় ল’ব পাৰে। এই প্ৰতিকাৰ কৰিবলৈ পিয়াঁজৰ বাকলিবোৰ ভালদৰে পানীত উতলাই ফিল্টাৰ কৰি ঠাণ্ডা কৰিব লাগে। পানী ঠাণ্ডা হ’লে এই পানীৰে মূৰৰ ছাল মালিচ কৰি চুলি ধুব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ