--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিচমিচৰ মিঠা সোৱাদ সকলোৱে ভালপায়। কিচমিচ এনেই খাব পৰাৰ উপৰিও মিঠাইৰ পৰা আৰম্ভ কৰি ক্ষীৰ, পায়স আদিত ব্যৱহাৰ কৰা হয়। এই শুকান ফলৰ সকলো উপকাৰৰ কথা আপুনি নিশ্চয় প্ৰায়ে শুনিছে, কিন্তু কিচমিচৰ পানীৰ উপকাৰিতাৰ কথা জানেনে? যদি আপুনি ইয়াৰ উপকাৰিতাৰ বিষয়ে জানে, তেন্তে আপুনি আচৰিত হৈ পৰিব।

কিচমিচ পানী খোৱাৰ উপকাৰিতা

কিচমিচত পুষ্টিকৰ উপাদানৰ অভাৱ নাই। ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ, প্ৰটিন, ফাইবাৰ, ভিটামিন বি ৬, ভিটামিন ই, কেলচিয়াম, পটাছিয়াম আৰু তাম থাকে। বহু ডায়েটচিয়ানে ইয়াক তিয়াই খোৱাৰ পৰামৰ্শ দিয়ে, ইয়াক মানসিক স্বাস্থ্যৰ বাবে সৰ্বোত্তম খাদ্য বুলি গণ্য কৰা হয়, লগতে ই ওজন কমোৱাত সহায় কৰে।

১) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাবঃ কিচমিচৰ পানী খালে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। আজিকালি ভাইৰাছজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ বহুত দেখা গৈছে, গতিকে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয়। কিচমিচৰ পানীয়ে আপোনাক ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে, যাৰ বাবে অসুস্থ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।

২) শৰীৰ পৰিস্কাৰ কৰিবঃ যদি শৰীৰত থকা বিষাক্ত পদাৰ্থবোৰ অত্যধিকভাৱে জমা হয়, তেন্তে বহু ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। নিয়মিতভাৱে কিচমিচৰ পানী খোৱা লোকৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ বাহিৰ হৈ যায়। 

৩) লিভাৰ সুস্থ হয়ঃ কিচমিচৰ পানীয়ে লিভাৰ সুস্থ কৰি ৰখাতো সহায় কৰে। লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি পায়।

কিচমিচৰ পানী কেনেকৈ প্ৰস্তুত কৰিব?

কিচমিচৰ পানী প্ৰস্তুত কৰিবলৈ এগিলাচ পানী উতলাই লওক। এতিয়া তাত কিচমিচ দি ৰাতিটো তিয়াই ৰাখিব। ৰাতিপুৱা টোপনিৰ পৰা সাৰ পোৱাৰ পাছত খালী পেটত খাব লাগে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে