--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ শৰীৰত থকা দুয়োটা কিডনীৰ গুৰুত্ব অতি বেছি। গতিকে ইয়াৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়, বয়সৰ যিকোনো পৰ্যায়ত যদি ইয়াৰ ক্ষতি হয়, তেন্তে জীৱন সংকটজনক হৈ পৰে। সাধাৰণতে ডায়েবেটিছ, হৃদৰোগ আৰু উচ্চ ৰক্তচাপৰ বাবে আমাৰ কিডনীৰ বহুত ক্ষতিগ্ৰস্ত হয়। আমাৰ কিডনীৰ স্বাস্থ্যৰ বাবে তেজ আৰু প্ৰস্ৰাৱ পৰীক্ষা কৰা হয়, যাৰ সহায়ত এলবুমিন নামৰ প্ৰটিন ধৰা পৰে, যিটো সুস্থ কিডনীত নাথাকে। কিডনীৰ কাম হ’ল আমাৰ শৰীৰৰ তৰল পদাৰ্থবোৰ ফিল্টাৰ কৰা।

কিডনী শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংশ

যদি আপুনি কিডনীৰ সুস্বাস্থ্য বজাই ৰখাটো বিচাৰে তেন্তে শৰীৰত সঠিক পৰিমাণৰ পানী ৰখাটো প্ৰয়োজনীয়। ইয়াৰ ফলত কিডনী সম্পৰ্কীয় ৰোগৰ সম্ভাৱনা হ্ৰাস পায়। কিডনী বিকল হোৱাৰ পৰা কেনেকৈ বচাব পাৰি জানো আহক।

কিডনী বিকল হোৱা ৰোধৰ উপায়

১) নিজকে সুস্থ কৰি ৰাখক আৰু শাৰীৰিক ক্ৰিয়া-কলাপৰ অভাৱ হ’বলৈ নিদিব।

২) ৰক্তচাপ বজাই ৰাখক কিয়নো ই কিডনীৰ স্বাস্থ্যৰ প্ৰথম পদক্ষেপ।

৩) ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখক কাৰণ ডায়েবেটিছ ৰোগীৰ বিপদ বেছি।

৪) দৈনন্দিন খাদ্যত কেৱল স্বাস্থ্যসন্মত খাদ্য অন্তৰ্ভুক্ত কৰক, এইটোৱেই হৈছে স্বাস্থ্যৰ মৌলিক মন্ত্ৰ।

৫) পানী বেছি কম বা অত্যধিক হ’বলৈ নিদিব, ইয়াৰ ফলত কিডনীৰ ফিল্টাৰ কৰাত অসুবিধাৰ সৃষ্টি হয়।

৬) স্বাস্থ্য বিশেষজ্ঞৰ মতে প্ৰতিদিনে ২ৰ পৰা ৩ লিটাৰ পানী খাব লাগিব।

৭) আপোনাৰ ওজন বৃদ্ধি হ’বলৈ নিদিব, যিমান পাৰি পেটৰ চৰ্বি কম কৰিবলৈ চেষ্টা কৰক।

৮) নিমখ সেৱন নিয়ন্ত্ৰণ কৰক, কাৰণ ই বিপি বৃদ্ধি কৰে।

৯) অৱনতি ঘটা জীৱনশৈলী সলনি কৰক, আৰু সঠিক ৰুটিন অনুসৰণ কৰক।

১০) কেৱল সতেজ খাদ্য খাবলৈ চেষ্টা কৰক, বাসি খালে বৃক্কৰ ক্ষতি হ’ব।

১১) চিগাৰেট, বিড়ি, হুকা বা আন কোনো ধৰণৰ ধূমপান নকৰিব।

১২) কিছুমান ঔষধে কিডনীৰ ক্ষতি কৰিব পাৰে, গতিকে চিকিৎসকৰ পৰামৰ্শ লওক।

১৩) মদ্যপান কৰাটো বৃক্কৰ ক্ষতিৰ এটা প্ৰধান কাৰণ, এই নিচা এৰি দিয়ক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
অহা বছৰ ভাৰতলৈ আহিব ড'নাল্ড ট্রাম্প, সাংবাদিকৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ