--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এনে বতৰত চৰ্দি, কাহ আৰু পানী লগা জ্বৰ হোৱাটো সাধাৰণ কথা। ৰাতি কাহৰ সমস্যাৰ বাবে টোপনিও কষ্টকৰ হৈ পৰে। ইয়াৰ লগতে কাহৰ বাবে ডিঙি আৰু হাওঁফাওঁত ভাইৰাছৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনাও বাঢ়ি যায়। এনে পৰিস্থিতিত আজি আমি আপোনালোকৰ বাবে কাহৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান সহজ ঘৰুৱা উপায় লৈ আহিছো, যিবোৰ গ্ৰহণ কৰিলে আপুনি মাৰাত্মক কাহৰ পৰা সকাহ পাব পাৰে।

কাহৰ ঘৰুৱা প্ৰতিকাৰ

১) মৌঃ মৌত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, গতিকে ই কাহৰ পৰা পৰিত্ৰাণৰ বাবে ঔষধ হিচাপে প্ৰমাণিত হ’ব পাৰে। ইয়াৰ বাবে মৌ সাধাৰণভাৱে বা আদাৰ সৈতেও খাব পাৰে। ইয়াৰ দ্বাৰা আপুনি কাহৰ পৰা সকাহ পাব। 

২) হালধিঃ হালধিত এণ্টিভাইৰেল, এণ্টি-ইনফ্লেমেটৰী আৰু এণ্টিবেক্টেৰিয়েল আদি গুণ আছে। সেইবাবেই আয়ুৰ্বেদত হালধিক বনৌষধি হিচাপে গণ্য কৰা হয়। ইয়াৰ বাবে আপুনি কমলাৰ ৰস এগিলাচ লওক। তাৰপাছত তাত এক চামুচ হালধি আৰু এচিকুট জালুকৰ গুড়ি দি মিহলাই লওক। এই ৰস খালে কাহৰ পৰা পৰিত্ৰাণ পাব পাৰি।

৩) নহৰুঃ নহৰুৰ এণ্টিবেক্টেৰিয়েল আৰু এণ্টিভাইৰেল গুণ আছে। সেইবাবেই নহৰু পুৰি খালে আপোনাৰ চৰ্দি, কাহ ভাল হয়।

৪) আদাঃ আদা টুকুৰা কৰি পানীত দি উতলাই লওক। তাৰ পিছত ফিল্টাৰ কৰি গৰমে সেৱন কৰক বা কেঁচা আদাও চোবাই খাব পাৰে। কাহৰ পৰা পৰিত্ৰাণ পাবলৈ এইটো অতি ফলপ্ৰসূ উপায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক