--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আমি সকলোৱে গছ ৰোপণ কৰিবলৈ ভাল পাওঁ। পৰিৱেশৰ সাম্প্ৰতিক অৱস্থা দেখি, বহুলোকে কয় যে ঘৰত পৰিৱেশ-অনুকূল উদ্ভিদ ৰোপণ কৰিব লাগে।কিন্তু কংক্ৰিটৰে ভৰি থকা ঠাইসমূহত  ডাঙৰ উদ্ভিদ ৰোপণ কৰি পৰিৱেশলৈ অক্সিজেন ঘূৰাই অনাৰ কোনো সুবিধা নাই। ঘৰৰ ভিতৰত বা বাহিৰত বহু সৰু সৰু উদ্ভিদো ৰোপণ কৰিব পাৰো৷ 

নাছাই কেইবাবিধো উপকাৰী গছ তালিকাভুক্ত কৰিছে য'ত এলোভেৰাও  অন্তৰ্ভুক্ত আছে। অৱশ্যে, বাস্তু বিশেষজ্ঞসকলে কয় যে এলোভেৰাই  কেৱল ঘৰখনলৈকে অক্সিজেন কঢ়িয়াই নানে, ই ঘৰখনলৈ এক নতুন সজীৱতা কঢ়িয়াই আনিব পাৰে৷ কিন্তু বাস্তু বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি এলোভেৰা ৰোপণৰো নিৰ্দিষ্ট ঠাই আৰু নিয়ম  থাকে৷ অনুচিত ঠাইত এলোভেৰা ৰোপণ কৰিলে হিতে বিপৰীতে হোৱাৰহে সম্ভাৱনা থাকে৷  

গতিকে এই লেখাৰ জৰিয়তে জানি লওঁক এলোভেৰা ৰোপণৰ প্ৰকৃত নিয়ম৷বাস্তু বিশেষজ্ঞসকলৰ মতে, এই গছ ৰোপণৰ নিয়মসমূহ হৈছে -

১) বাস্তু বিশেষজ্ঞসকলে কয় যে আপুনি সদায় এই গছ পৰিষ্কাৰ ঠাইত ৰোপণ কৰিব লাগিব। এই গছজোপা লেতেৰা, অপৰিষ্কাৰ ঠাইত ৰোপণ কৰিলে  এক ডাঙৰ বিপদ হ'ব পাৰে।

২) ঘৰৰ ভিতৰতো এলোভেৰা ৰোপণ কৰিব পাৰি। ঘৰত এলোভেৰা গছ এটা পাত্ৰত সজালে আপোনাৰ মন ভাল হৈ থাকিব। ঘৰৰ ভিতৰলৈ অক্সিজেনৰ চলাচল হ’ব৷  যি ঘৰত এক অতি  ইতিবাচক শক্তি সৃষ্টি কৰিব।

৩) বাস্তু বিশেষজ্ঞসকলে বিশ্বাস কৰে যে যদি আপুনি প্ৰৱেশদ্বাৰৰ সন্মুখত এলোভেৰা গছ ৰোপণ কৰিব পাৰে, তেন্তে সকলো ধনাত্মক শক্তি আপোনাৰ ঘৰত প্ৰৱেশ কৰিব। নেতিবাচক শক্তি ঘৰৰ বাহিৰলৈ যাব।

৪) বাস্তু বিশেষজ্ঞসকলৰ মতে, আৰু যদি আপুনি আপোনাৰ ঘৰৰ উত্তৰ-পূবত এলো ভেৰা গছ ৰোপণ কৰিব পাৰে, তেন্তে খুউব কম দিনৰ ভিতৰতেই  আপোনাৰ জীৱনলৈ বহু যোগাত্মক  পৰিৱৰ্তন আহিব৷ 

এতিয়া জানক  এই গছ ৰোপণৰ দ্বাৰা আপুনি কেনেকৈ  লাভান্বিত হ'ব 

১) এলোভেৰা ৰোপণ কৰিলে ঘৰটোলৈ ইতিবাচক শক্তি আহিব, সকলো ঋণাত্মক শক্তি নাইকিয়া হ'ব।

২) এলোভেৰা গছ ৰোপণ কৰিলে ঘৰত অক্সিজেনৰ স্তৰ যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব, যি শৰীৰ আৰু মন অধিক উন্নত ৰখাত সহায় কৰিব।

৩) বাস্তু বিশেষজ্ঞসকলে কয় যে যদি আপুনি আপোনাৰ ঘৰত এলোভেৰা গছ ৰোপণ কৰে, তেন্তে আপুনি মানসিক শান্তিও লাভ  কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ