--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
আমি সকলোৱে গছ ৰোপণ কৰিবলৈ ভাল পাওঁ। পৰিৱেশৰ সাম্প্ৰতিক অৱস্থা দেখি, বহুলোকে কয় যে ঘৰত পৰিৱেশ-অনুকূল উদ্ভিদ ৰোপণ কৰিব লাগে।কিন্তু কংক্ৰিটৰে ভৰি থকা ঠাইসমূহত  ডাঙৰ উদ্ভিদ ৰোপণ কৰি পৰিৱেশলৈ অক্সিজেন ঘূৰাই অনাৰ কোনো সুবিধা নাই। ঘৰৰ ভিতৰত বা বাহিৰত বহু সৰু সৰু উদ্ভিদো ৰোপণ কৰিব পাৰো৷ 

নাছাই কেইবাবিধো উপকাৰী গছ তালিকাভুক্ত কৰিছে য'ত এলোভেৰাও  অন্তৰ্ভুক্ত আছে। অৱশ্যে, বাস্তু বিশেষজ্ঞসকলে কয় যে এলোভেৰাই  কেৱল ঘৰখনলৈকে অক্সিজেন কঢ়িয়াই নানে, ই ঘৰখনলৈ এক নতুন সজীৱতা কঢ়িয়াই আনিব পাৰে৷ কিন্তু বাস্তু বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি এলোভেৰা ৰোপণৰো নিৰ্দিষ্ট ঠাই আৰু নিয়ম  থাকে৷ অনুচিত ঠাইত এলোভেৰা ৰোপণ কৰিলে হিতে বিপৰীতে হোৱাৰহে সম্ভাৱনা থাকে৷  

গতিকে এই লেখাৰ জৰিয়তে জানি লওঁক এলোভেৰা ৰোপণৰ প্ৰকৃত নিয়ম৷বাস্তু বিশেষজ্ঞসকলৰ মতে, এই গছ ৰোপণৰ নিয়মসমূহ হৈছে -

১) বাস্তু বিশেষজ্ঞসকলে কয় যে আপুনি সদায় এই গছ পৰিষ্কাৰ ঠাইত ৰোপণ কৰিব লাগিব। এই গছজোপা লেতেৰা, অপৰিষ্কাৰ ঠাইত ৰোপণ কৰিলে  এক ডাঙৰ বিপদ হ'ব পাৰে।

২) ঘৰৰ ভিতৰতো এলোভেৰা ৰোপণ কৰিব পাৰি। ঘৰত এলোভেৰা গছ এটা পাত্ৰত সজালে আপোনাৰ মন ভাল হৈ থাকিব। ঘৰৰ ভিতৰলৈ অক্সিজেনৰ চলাচল হ’ব৷  যি ঘৰত এক অতি  ইতিবাচক শক্তি সৃষ্টি কৰিব।

৩) বাস্তু বিশেষজ্ঞসকলে বিশ্বাস কৰে যে যদি আপুনি প্ৰৱেশদ্বাৰৰ সন্মুখত এলোভেৰা গছ ৰোপণ কৰিব পাৰে, তেন্তে সকলো ধনাত্মক শক্তি আপোনাৰ ঘৰত প্ৰৱেশ কৰিব। নেতিবাচক শক্তি ঘৰৰ বাহিৰলৈ যাব।

৪) বাস্তু বিশেষজ্ঞসকলৰ মতে, আৰু যদি আপুনি আপোনাৰ ঘৰৰ উত্তৰ-পূবত এলো ভেৰা গছ ৰোপণ কৰিব পাৰে, তেন্তে খুউব কম দিনৰ ভিতৰতেই  আপোনাৰ জীৱনলৈ বহু যোগাত্মক  পৰিৱৰ্তন আহিব৷ 

এতিয়া জানক  এই গছ ৰোপণৰ দ্বাৰা আপুনি কেনেকৈ  লাভান্বিত হ'ব 

১) এলোভেৰা ৰোপণ কৰিলে ঘৰটোলৈ ইতিবাচক শক্তি আহিব, সকলো ঋণাত্মক শক্তি নাইকিয়া হ'ব।

২) এলোভেৰা গছ ৰোপণ কৰিলে ঘৰত অক্সিজেনৰ স্তৰ যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব, যি শৰীৰ আৰু মন অধিক উন্নত ৰখাত সহায় কৰিব।

৩) বাস্তু বিশেষজ্ঞসকলে কয় যে যদি আপুনি আপোনাৰ ঘৰত এলোভেৰা গছ ৰোপণ কৰে, তেন্তে আপুনি মানসিক শান্তিও লাভ  কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু