--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কেনেকুৱা আছিল মানুহৰ আদিম প্ৰজাতিসমূহৰ যৌনজীৱন? যৌনতা যিকোনো জীৱৰে সৃষ্টি আৰু আনন্দৰ মূল উৎস। তেনেস্থলত জানিবলৈ মন নাযায়নে আদিম মানুহে কেনেধৰণে যৌনতাৰ বহিঃপ্ৰকাশ কৰিছিল?

মানুহৰ আদিম প্ৰজাতিসমূহৰ এটা হৈছে নিয়েণ্ডাৰথেল। ইউৰোপৰ লোকসকলক এই নিয়েণ্ডাৰথেলৰ বংশধৰ বুলি কোৱা হয়। গৱেষকসকলৰ মতে, খ্ৰীষ্টপূৰ্ব ৪ লাখ ৩০ হাজাৰ বছৰ পূৰ্বতে নিয়েণ্ডাৰথেলসকল আছিল।

এই নিয়েণ্ডাৰথেৰসকলৰ যৌনজীৱনক লৈয়েই ১৯ অক্টোবৰত ‘নেচাৰ’ নামৰ এখন পত্ৰিকাত এক বিস্তৃত গৱেষণা পত্ৰ প্ৰকাশ পাইছে। গৱেষণাপত্ৰখনত ইউৰোপৰ কেইবাখনো আগশাৰীৰ বিশ্ববিদ্যালয়ৰ গৱেষকে তথ্য সন্নিৱিষ্ট কৰিছে।

তাত গৱেষকসকলে দাবী কৰিছে যে গুহাৰ ভিতৰত নিজৰ ঘনিষ্ঠসকলৰ স’তে বাৰে বাৰে যৌনসংগমত লিপ্ত হয় আদিম পুৰুষসকল। পুৰুষসকলে কেৱল নিজৰ গুহাৰ ভিতৰতহে যৌনসংগমত লিপ্ত হৈছিল।

পুৰুষসকলে গুহাৰ ভিতৰতে যৌনসংগম কৰাৰ বিপৰীতে নিজৰ গুহা এৰি আদিম মহিলাসকলে যৌনসংগী বিচাৰি ফুৰিছিল। তেনেদৰেই নিজৰ যৌনসংগী পচন্দ কৰি লৈছিল মহিলাসকলে।

গৱেষকসকলে দাবী কৰিছে যে ৰাছিয়াৰ দক্ষিণ চাইবেৰিয়াৰ পৰা ১৩টা নিয়েণ্ডাৰথেলৰ ডিএনএ উদ্ধাৰ হৈছে। সেই ডিএনএৰ পৰাই এই তথ্য পোৱা গৈছে।

গৱেষণাপত্ৰখনত উল্লেখ কৰা হৈছে নিয়েণ্ডাৰথেলে আন এটা প্ৰজাতি হোমো চেপিয়েন্সৰ স’তেও যৌনসংগমত লিপ্ত হৈছিল।

যৌনজীৱনৰ উপৰিও আদিম নিয়েণ্ডাৰথেলসকলৰ সামাজিক জীৱনৰ বিষয়েও গৱেষণাপত্ৰখনত নতুন তথ্য দিয়া হৈছে।

গৱেষণাপত্ৰখন প্ৰকাশ হোৱাৰ পাছতে ইয়াক লৈ বিজ্ঞানীমহলৰ মাজত তীব্ৰ চৰ্চা চলিছে। বিজ্ঞানীসকলে কয় যে আদিম মানুহৰ এটা উপপ্ৰজাতি হিচাপে নিয়েণ্ডাৰথেলক বুজিবলৈ গৱেষণাপত্ৰখনে সুবিধা কৰি দিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু