--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কেনেকুৱা আছিল মানুহৰ আদিম প্ৰজাতিসমূহৰ যৌনজীৱন? যৌনতা যিকোনো জীৱৰে সৃষ্টি আৰু আনন্দৰ মূল উৎস। তেনেস্থলত জানিবলৈ মন নাযায়নে আদিম মানুহে কেনেধৰণে যৌনতাৰ বহিঃপ্ৰকাশ কৰিছিল?

মানুহৰ আদিম প্ৰজাতিসমূহৰ এটা হৈছে নিয়েণ্ডাৰথেল। ইউৰোপৰ লোকসকলক এই নিয়েণ্ডাৰথেলৰ বংশধৰ বুলি কোৱা হয়। গৱেষকসকলৰ মতে, খ্ৰীষ্টপূৰ্ব ৪ লাখ ৩০ হাজাৰ বছৰ পূৰ্বতে নিয়েণ্ডাৰথেলসকল আছিল।

এই নিয়েণ্ডাৰথেৰসকলৰ যৌনজীৱনক লৈয়েই ১৯ অক্টোবৰত ‘নেচাৰ’ নামৰ এখন পত্ৰিকাত এক বিস্তৃত গৱেষণা পত্ৰ প্ৰকাশ পাইছে। গৱেষণাপত্ৰখনত ইউৰোপৰ কেইবাখনো আগশাৰীৰ বিশ্ববিদ্যালয়ৰ গৱেষকে তথ্য সন্নিৱিষ্ট কৰিছে।

তাত গৱেষকসকলে দাবী কৰিছে যে গুহাৰ ভিতৰত নিজৰ ঘনিষ্ঠসকলৰ স’তে বাৰে বাৰে যৌনসংগমত লিপ্ত হয় আদিম পুৰুষসকল। পুৰুষসকলে কেৱল নিজৰ গুহাৰ ভিতৰতহে যৌনসংগমত লিপ্ত হৈছিল।

পুৰুষসকলে গুহাৰ ভিতৰতে যৌনসংগম কৰাৰ বিপৰীতে নিজৰ গুহা এৰি আদিম মহিলাসকলে যৌনসংগী বিচাৰি ফুৰিছিল। তেনেদৰেই নিজৰ যৌনসংগী পচন্দ কৰি লৈছিল মহিলাসকলে।

গৱেষকসকলে দাবী কৰিছে যে ৰাছিয়াৰ দক্ষিণ চাইবেৰিয়াৰ পৰা ১৩টা নিয়েণ্ডাৰথেলৰ ডিএনএ উদ্ধাৰ হৈছে। সেই ডিএনএৰ পৰাই এই তথ্য পোৱা গৈছে।

গৱেষণাপত্ৰখনত উল্লেখ কৰা হৈছে নিয়েণ্ডাৰথেলে আন এটা প্ৰজাতি হোমো চেপিয়েন্সৰ স’তেও যৌনসংগমত লিপ্ত হৈছিল।

যৌনজীৱনৰ উপৰিও আদিম নিয়েণ্ডাৰথেলসকলৰ সামাজিক জীৱনৰ বিষয়েও গৱেষণাপত্ৰখনত নতুন তথ্য দিয়া হৈছে।

গৱেষণাপত্ৰখন প্ৰকাশ হোৱাৰ পাছতে ইয়াক লৈ বিজ্ঞানীমহলৰ মাজত তীব্ৰ চৰ্চা চলিছে। বিজ্ঞানীসকলে কয় যে আদিম মানুহৰ এটা উপপ্ৰজাতি হিচাপে নিয়েণ্ডাৰথেলক বুজিবলৈ গৱেষণাপত্ৰখনে সুবিধা কৰি দিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?