--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ ৰাখিব পৰাটো অতি গুৰুত্বপূৰ্ণ কথা। মন বেয়া লাগিলে মনটো ভাল লগাবলৈ আপুনি কৰিব পাৰে এই কেইটা কাম-

১. যেতিয়াই আপোনাৰ মন বেয়া লাগে, তেতিয়াই আপুনি নিজৰ পচন্দৰ গান শুনাৰ চেষ্টা কৰক। প্ৰথমতে বিৰক্তি লাগিলেও কিন্তু এই অভ্যাসে আপোনাৰ মগজু ঠাণ্ডা কৰাত সহায় কৰিব। আচলতে গান হৈছে এনে এটা ঔষধ যি আপোনাৰ মন ভাল কৰিবই ।

২. মাতৃয়ে দিব পাৰে মানসিক বল।সেয়ে মন বেয়া লাগিলে মাতৃৰ লগত কিছু সময় পাৰ কৰক। নতুবা গল্প কৰক, কথা পাতক , দেখিব আপোনাৰ মনটো ভাল হৈ গৈছে। যিসকলৰ মাতৃ নাই, তেওঁলোকে বন্ধু-বান্ধৱীৰ লগত কিছু সময় পাৰ কৰক। অৱশ্যে যিসকলৰ লগত আপুনি সময় পাৰ কৰি ভাল পায়, সেইসকলৰ ওচৰলৈ যাব। নতুবা আপোনাৰ ভাল লগা পোহনীয়া প্ৰাণীৰ লগতো সময় পাৰ কৰিব পাৰে। এনে কৰিলেও আপোনাৰ মগজু ঠাণ্ডা হৈ পৰিব ।

৩. মগজু ঠাণ্ডা কৰাৰ আটাইতকৈ ভাল উপায় হৈছে চকলেট খোৱা। যেতিয়াই কাৰোবাৰ ওপৰত খং উঠে বা কিবা কাৰণত মন বেয়া লাগে, তেতিয়াই আপুনি এটুকুৰা চকলেট খাওঁক। দেখিব খুব সহজেই আপোনাৰ মগজু ঠাণ্ডা হৈ পৰিছে।

৪. মন বেয়া লাগিলেই ভাল লগা পুৰণা কিতাপ পঢ়ক। যিখন পঢ়ি আপুনি এটা সময়ত খুব আনন্দ পাইছিল। যিকেইটা লাইন পঢ়িলে আপোনাৰ পুৰণা স্মৃতি মনত পৰে, তেনে লাইন বিচাৰি পঢ়িবলৈ চেষ্টা কৰক। এই পুৰণা স্মৃতিয়ে আপোনাৰ মন-মগজু ঠাণ্ডা কৰাত প্ৰচুৰ সহায় কৰিব।

৫.কাৰোবাৰ কাৰণে ভাল কাম কৰক। দেখিব আপোনাৰ সকলো খং, ক্ষোভ দূৰ হৈ গৈছে আৰু আপুনি প্ৰশান্তি অনুভৱ কৰিছে। অৰ্থাৎ যেতিয়াই আপোনাৰ মন বেয়া লাগিছে, আপুনি যিকোনো মানুহৰ কোনো এটা উপকাৰ কৰক। এনে কৰিলে আপোনাৰ মন-মগজু একেবাৰে ঠাণ্ডা হৈ যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক