--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ ৰাখিব পৰাটো অতি গুৰুত্বপূৰ্ণ কথা। মন বেয়া লাগিলে মনটো ভাল লগাবলৈ আপুনি কৰিব পাৰে এই কেইটা কাম-

১. যেতিয়াই আপোনাৰ মন বেয়া লাগে, তেতিয়াই আপুনি নিজৰ পচন্দৰ গান শুনাৰ চেষ্টা কৰক। প্ৰথমতে বিৰক্তি লাগিলেও কিন্তু এই অভ্যাসে আপোনাৰ মগজু ঠাণ্ডা কৰাত সহায় কৰিব। আচলতে গান হৈছে এনে এটা ঔষধ যি আপোনাৰ মন ভাল কৰিবই ।

২. মাতৃয়ে দিব পাৰে মানসিক বল।সেয়ে মন বেয়া লাগিলে মাতৃৰ লগত কিছু সময় পাৰ কৰক। নতুবা গল্প কৰক, কথা পাতক , দেখিব আপোনাৰ মনটো ভাল হৈ গৈছে। যিসকলৰ মাতৃ নাই, তেওঁলোকে বন্ধু-বান্ধৱীৰ লগত কিছু সময় পাৰ কৰক। অৱশ্যে যিসকলৰ লগত আপুনি সময় পাৰ কৰি ভাল পায়, সেইসকলৰ ওচৰলৈ যাব। নতুবা আপোনাৰ ভাল লগা পোহনীয়া প্ৰাণীৰ লগতো সময় পাৰ কৰিব পাৰে। এনে কৰিলেও আপোনাৰ মগজু ঠাণ্ডা হৈ পৰিব ।

৩. মগজু ঠাণ্ডা কৰাৰ আটাইতকৈ ভাল উপায় হৈছে চকলেট খোৱা। যেতিয়াই কাৰোবাৰ ওপৰত খং উঠে বা কিবা কাৰণত মন বেয়া লাগে, তেতিয়াই আপুনি এটুকুৰা চকলেট খাওঁক। দেখিব খুব সহজেই আপোনাৰ মগজু ঠাণ্ডা হৈ পৰিছে।

৪. মন বেয়া লাগিলেই ভাল লগা পুৰণা কিতাপ পঢ়ক। যিখন পঢ়ি আপুনি এটা সময়ত খুব আনন্দ পাইছিল। যিকেইটা লাইন পঢ়িলে আপোনাৰ পুৰণা স্মৃতি মনত পৰে, তেনে লাইন বিচাৰি পঢ়িবলৈ চেষ্টা কৰক। এই পুৰণা স্মৃতিয়ে আপোনাৰ মন-মগজু ঠাণ্ডা কৰাত প্ৰচুৰ সহায় কৰিব।

৫.কাৰোবাৰ কাৰণে ভাল কাম কৰক। দেখিব আপোনাৰ সকলো খং, ক্ষোভ দূৰ হৈ গৈছে আৰু আপুনি প্ৰশান্তি অনুভৱ কৰিছে। অৰ্থাৎ যেতিয়াই আপোনাৰ মন বেয়া লাগিছে, আপুনি যিকোনো মানুহৰ কোনো এটা উপকাৰ কৰক। এনে কৰিলে আপোনাৰ মন-মগজু একেবাৰে ঠাণ্ডা হৈ যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু