--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে অষ্ট্ৰেলিয়াই। যোৱা মাহত পেট কামিন্সে ১৮ জনীয়া প্ৰাৰম্ভিক দল ঘোষণা কৰিছিল। তাৰ পৰা তিনিজন লোকক বাদ দিয়া হৈছে। এই ১৫ গৰাকী খেলুৱৈয়ে বিশ্বকাপৰ পূৰ্বে এদিনীয়া শৃংখলা খেলিবলৈও ভাৰতলৈ আহিব।

অল ৰাউণ্ডাৰ এৰন হাৰ্ডি, পেচাৰ নাথান এলিছ আৰু স্পিনাৰ তনবীৰ চাঙক বাদ দিয়া হৈছে। বিশ্বকাপত অভিজ্ঞতাক অধিক গুৰুত্ব দিছে নিৰ্বাচকসকলে। মাৰ্নাছ লাবুচেনেও দলত সুযোগ নাপালে। ৰেডবল ক্ৰিকেটৰ নিৰ্ভৰযোগ্য বেটছমেনক অষ্ট্ৰেলিয়াই বগা বল ক্ৰিকেটত অন্তৰ্ভুক্ত কৰা নাই।

বিশ্বকাপত অষ্ট্ৰেলিয়াক নেতৃত্ব দিব কামিন্সে। বলিং বিভাগত তেওঁৰ সৈতে আছে মিচেল ষ্টাৰক আৰু জোছ হেজলউড। চতুৰ্থ পেচাৰ হিচাপে লোৱা হৈছে শ্বেন এবটক। এষ্টন আগৰ আৰু এডাম জাম্পা হৈছে স্পিনাৰ।

দলটোৰ বেটিং বিভাগত আছে ডেভিদ ৱাৰ্নাৰ, ষ্টিভ স্মিথ, ট্ৰেভিছ হেড। অষ্ট্ৰেলিয়া দলত অধিক অল-ৰাউণ্ডাৰ আছে। মিচেল মাৰ্ছ, গ্লেন মেক্সৱেল, মাৰ্কাছ ষ্ট’ইনিছ আৰু কেমেৰন গ্ৰীণক দলত স্থান দিছে। দলত লোৱা হৈছে দুই উইকেটকীপাৰ। তেওঁলোক হ’ল এলেক্স কেৰী আৰু জোছ ইংলিছ।

৫ অক্টোবৰৰ পৰা ভাৰতৰ মাটিত আৰম্ভ হ’ব এদিনীয়া বিশ্বকাপ। ৮ অক্টোবৰত অষ্ট্ৰেলিয়াৰ প্ৰথমখন খেল। প্ৰতিদ্বন্দ্বী ভাৰত। পাঁচবাৰৰ বিশ্ব চেম্পিয়ন দলটোৱে আৰু এবাৰ বিশ্বকাপ জয় কৰাৰ লক্ষ্য ৰাখিব।

অষ্ট্ৰেলিয়াৰ ১৫ জনীয়া দল : পেট কামিন্স (অধিনায়ক), ষ্টিভ স্মিথ, এলেক্স কেৰী, জোছ ইংলিছ, শ্বেন এবট, এষ্টন এগাৰ, কেমেৰন গ্ৰীণ, জোছ হেজলউড, ট্ৰেভিছ হেড, মিচেল মাৰ্ছ, গ্লেন মেক্সৱেল, মাৰ্কাছ ষ্ট’ইনিছ, ডেভিদ ৱাৰ্নাৰ, এডাম জাম্পা আৰু মিচেল ষ্টাৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু