--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে অষ্ট্ৰেলিয়াই। যোৱা মাহত পেট কামিন্সে ১৮ জনীয়া প্ৰাৰম্ভিক দল ঘোষণা কৰিছিল। তাৰ পৰা তিনিজন লোকক বাদ দিয়া হৈছে। এই ১৫ গৰাকী খেলুৱৈয়ে বিশ্বকাপৰ পূৰ্বে এদিনীয়া শৃংখলা খেলিবলৈও ভাৰতলৈ আহিব।

অল ৰাউণ্ডাৰ এৰন হাৰ্ডি, পেচাৰ নাথান এলিছ আৰু স্পিনাৰ তনবীৰ চাঙক বাদ দিয়া হৈছে। বিশ্বকাপত অভিজ্ঞতাক অধিক গুৰুত্ব দিছে নিৰ্বাচকসকলে। মাৰ্নাছ লাবুচেনেও দলত সুযোগ নাপালে। ৰেডবল ক্ৰিকেটৰ নিৰ্ভৰযোগ্য বেটছমেনক অষ্ট্ৰেলিয়াই বগা বল ক্ৰিকেটত অন্তৰ্ভুক্ত কৰা নাই।

বিশ্বকাপত অষ্ট্ৰেলিয়াক নেতৃত্ব দিব কামিন্সে। বলিং বিভাগত তেওঁৰ সৈতে আছে মিচেল ষ্টাৰক আৰু জোছ হেজলউড। চতুৰ্থ পেচাৰ হিচাপে লোৱা হৈছে শ্বেন এবটক। এষ্টন আগৰ আৰু এডাম জাম্পা হৈছে স্পিনাৰ।

দলটোৰ বেটিং বিভাগত আছে ডেভিদ ৱাৰ্নাৰ, ষ্টিভ স্মিথ, ট্ৰেভিছ হেড। অষ্ট্ৰেলিয়া দলত অধিক অল-ৰাউণ্ডাৰ আছে। মিচেল মাৰ্ছ, গ্লেন মেক্সৱেল, মাৰ্কাছ ষ্ট’ইনিছ আৰু কেমেৰন গ্ৰীণক দলত স্থান দিছে। দলত লোৱা হৈছে দুই উইকেটকীপাৰ। তেওঁলোক হ’ল এলেক্স কেৰী আৰু জোছ ইংলিছ।

৫ অক্টোবৰৰ পৰা ভাৰতৰ মাটিত আৰম্ভ হ’ব এদিনীয়া বিশ্বকাপ। ৮ অক্টোবৰত অষ্ট্ৰেলিয়াৰ প্ৰথমখন খেল। প্ৰতিদ্বন্দ্বী ভাৰত। পাঁচবাৰৰ বিশ্ব চেম্পিয়ন দলটোৱে আৰু এবাৰ বিশ্বকাপ জয় কৰাৰ লক্ষ্য ৰাখিব।

অষ্ট্ৰেলিয়াৰ ১৫ জনীয়া দল : পেট কামিন্স (অধিনায়ক), ষ্টিভ স্মিথ, এলেক্স কেৰী, জোছ ইংলিছ, শ্বেন এবট, এষ্টন এগাৰ, কেমেৰন গ্ৰীণ, জোছ হেজলউড, ট্ৰেভিছ হেড, মিচেল মাৰ্ছ, গ্লেন মেক্সৱেল, মাৰ্কাছ ষ্ট’ইনিছ, ডেভিদ ৱাৰ্নাৰ, এডাম জাম্পা আৰু মিচেল ষ্টাৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক