--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে এটা কোম্পানীত লাই ডিটেক্টৰ টেষ্ট দিছিল৷ তেওঁক সোধা-পোছা কৰা হয়। ৰোনাল্ডোক "হয়" বা "নহয়" বুলি উত্তৰ দিবলৈ কোৱা হৈছে। আৰু মেচিনৰ কাম আছিল ৰোনাল্ডোৱে সঁচা কথা কৈছে নে নাই কোৱা সেয়া ধৰা পেলোৱা। ৰোনাল্ডোক সোধা হৈছিল যে তেওঁ সৰ্বকালৰ শ্ৰেষ্ঠ গ’লদাতা হয় নে? "হয়"- ৰোনাল্ডোৱে উত্তৰ দিলে। যন্ত্ৰটোৱে দেখুৱাইছে যে ৰোনাল্ডোৱে সঁচা কথা কৈছে।

ৰোনাল্ডোক আন বিভিন্ন প্ৰশ্ন সোধা হৈছিল। ইয়াৰ ভিতৰত আছিল ৰোনাল্ডোৱে পৰ্তুগালে বিশ্বকাপ জয় কৰিব বুলি বিশ্বাস কৰে নে নকৰে। পৰ্তুগালৰ অধিনায়কগৰাকীয়ে হয় বুলি উত্তৰ দিলে। কিন্তু মিছা ধৰা পেলোৱা জনে কয় যে ৰোনাল্ডোৱে সঁচা কথা কোৱা নাই। ৰোনাল্ডোৱে ক’লে, “কি ভীষণ নৈৰাশ্যবাদী!”

ৰোনাল্ডোক সোধা হৈছিল যে শোঁওতে তেওঁ নাকৰ শব্দ কৰে নেকি? আল নাছেৰৰ ফুটবলাৰজনে কয়, “নাই।’’ কিন্তু মিছা ধৰা পেলোৱা যন্ত্ৰটোৱে দেখুৱাইছে যে এইটোও সঁচা নহয়।

আন্তঃৰাষ্ট্ৰীয় ফুটবলত পৰ্তুগালৰ হৈ ১২৩টা গ’ল দিছিল ৰোনাল্ডোৱে। তেওঁ এতিয়ালৈকে স্প’ৰ্টিং ক্লাব ডি পৰ্তুগাল, মানচেষ্টাৰ ইউনাইটেড, ৰিয়েল মাদ্রিদ, জুভেন্টাছ আৰু আল নাছেৰৰ হৈ ৭২৭টা গ’ল দিছে৷ মুঠতে ৮৫০টা গ’ল কৰিছে ৰোনাল্ডোৱে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক