--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে এটা কোম্পানীত লাই ডিটেক্টৰ টেষ্ট দিছিল৷ তেওঁক সোধা-পোছা কৰা হয়। ৰোনাল্ডোক "হয়" বা "নহয়" বুলি উত্তৰ দিবলৈ কোৱা হৈছে। আৰু মেচিনৰ কাম আছিল ৰোনাল্ডোৱে সঁচা কথা কৈছে নে নাই কোৱা সেয়া ধৰা পেলোৱা। ৰোনাল্ডোক সোধা হৈছিল যে তেওঁ সৰ্বকালৰ শ্ৰেষ্ঠ গ’লদাতা হয় নে? "হয়"- ৰোনাল্ডোৱে উত্তৰ দিলে। যন্ত্ৰটোৱে দেখুৱাইছে যে ৰোনাল্ডোৱে সঁচা কথা কৈছে।

ৰোনাল্ডোক আন বিভিন্ন প্ৰশ্ন সোধা হৈছিল। ইয়াৰ ভিতৰত আছিল ৰোনাল্ডোৱে পৰ্তুগালে বিশ্বকাপ জয় কৰিব বুলি বিশ্বাস কৰে নে নকৰে। পৰ্তুগালৰ অধিনায়কগৰাকীয়ে হয় বুলি উত্তৰ দিলে। কিন্তু মিছা ধৰা পেলোৱা জনে কয় যে ৰোনাল্ডোৱে সঁচা কথা কোৱা নাই। ৰোনাল্ডোৱে ক’লে, “কি ভীষণ নৈৰাশ্যবাদী!”

ৰোনাল্ডোক সোধা হৈছিল যে শোঁওতে তেওঁ নাকৰ শব্দ কৰে নেকি? আল নাছেৰৰ ফুটবলাৰজনে কয়, “নাই।’’ কিন্তু মিছা ধৰা পেলোৱা যন্ত্ৰটোৱে দেখুৱাইছে যে এইটোও সঁচা নহয়।

আন্তঃৰাষ্ট্ৰীয় ফুটবলত পৰ্তুগালৰ হৈ ১২৩টা গ’ল দিছিল ৰোনাল্ডোৱে। তেওঁ এতিয়ালৈকে স্প’ৰ্টিং ক্লাব ডি পৰ্তুগাল, মানচেষ্টাৰ ইউনাইটেড, ৰিয়েল মাদ্রিদ, জুভেন্টাছ আৰু আল নাছেৰৰ হৈ ৭২৭টা গ’ল দিছে৷ মুঠতে ৮৫০টা গ’ল কৰিছে ৰোনাল্ডোৱে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
আপুনি Meta ৰ Messenger app ব্যৱহাৰ কৰে নেকি? শীঘ্ৰেই বন্ধ হ'ব এই Messenger App
বায়ুমণ্ডলত অভাৱনীয় হাৰত বৃদ্ধি কাৰ্বন-ডাই-অক্সাইড, বায়ুমণ্ডল, মহাসাগৰ, স্থলভাগৰ জীৱকুলৰ ভাৰসাম্য নোহোৱা হৈছে
জুবিনৰ স্থায়ী সমাধিক্ষেত্র, ফাষ্টট্রেক আদালত, মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
বাৰিষাতে ৰাজ্যত হ্রাস চাহৰ উৎপাদন, চাহ ব'ৰ্ডৰ উদ্বেগজনক তথ্য
IRCTCৰ ৱেবছাইট আৰু এপ ডাউন, চিন্তিত হাজাৰ হাজাৰ যাত্ৰী
মাত্ৰ দুসপ্তাহৰ বাবে চেনি এৰি দিলে আপুনি বহুতো পৰিৱৰ্তন দেখিবলৈ পাব
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে