--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুধীৰ চৌধুৰী। ভাৰতৰ বহু ক্ৰিকেট খেলৰ সময়ত হয়তো বহুতে তেওঁক গেলেৰীত দেখিছে। জাতীয় পোছাকৰ ৰং শৰীৰত সানি ৰোহিত-কোহলীৰ বাবে গেলেৰীত উন্মাদ পৰিৱেশ সৃষ্টি কৰে টীম ইণ্ডিয়াৰ এই ছুপাৰফেনগৰাকীয়ে৷

সুধীৰ কুমাৰ চৌধুৰীৰ জন্ম হৈছিল ১৯৮২ চনত বিহাৰৰ মুজাফ্ফৰপুৰত। ৬ বছৰ বয়সৰ পৰাই শচীন তেণ্ডুলকাৰৰ অনুৰাগী হৈ পৰে। টিভিত ক্ৰিকেট চাই থাকোঁতে ভাৰতীয় ক্ৰিকেট আৰু শচীন তেণ্ডুলকাৰৰ প্ৰেমত পৰিছিল। ১৪ বছৰ বয়সত পঢ়া শুনা বাদ দিছিল সুধিৰে। তাৰ পিছত গাখীৰ কোম্পানী এটাত কাম কৰিবলৈ ধৰিলে। কিন্তু বহুদিন কাম কৰিবলৈ মন নগ’ল বাবে তেওঁ চাকৰি এৰি থৈ গ’ল।

২০০৫ চনত সুধিৰে জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেইটো আছিল বিয়া নোহোৱাৰ সিদ্ধান্ত। ভাৰতীয় ক্ৰিকেট দলৰ সকলো মেচ চাবলৈ তেওঁ এই ডাঙৰ সিদ্ধান্ত লৈছিল।

সুধীৰ কুমাৰৰ পিতৃ-মাতৃ তেওঁৰ এই জীৱনশৈলীত অতিশয় বিচলিত হৈ পৰিছিল। এবাৰ যেতিয়া তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক ভাৰতীয় ক্ৰিকেট দলৰ এখন খেল চাবলৈ নিদিলে, তেতিয়াও সুধীৰে আত্মহত্যাৰ ভাবুকিও দিছিল। কিন্তু মাক-দেউতাকৰ এই বাধা অতিক্ৰমি  ক্ৰিকেটৰ আটাইতকৈ ডাঙৰ অনুৰাগী হোৱাৰ যাত্ৰা আৰম্ভ হ’ল সুধীৰৰ।

২০০৩ চনত প্ৰথমবাৰৰ বাবে টিম ইণ্ডিয়াৰ এখন খেল চাইছিল সুধিৰে। তাৰ পিছৰ পৰা ২০১০ চনলৈকে সুধিৰে এই ষ্টেডিয়ামত টিম ইণ্ডিয়াৰ ১৫০খন খেল দেখিবলৈ পাইছে। আনকি কিছুমান বিদেশ ভ্ৰমণতো খেলপথাৰত টিম ইণ্ডিয়াৰ হৈ উল্লাস কৰা দেখা গৈছে।

সুধীৰ কুমাৰৰ বিশেষত্ব হ’ল তেওঁ চাইকেলেৰে শ শ কিলোমিটাৰ যাত্ৰা কৰি ষ্টেডিয়ামত উপস্থিত হৈ টিম ইণ্ডিয়াৰ খেলখন চাবলৈ সক্ষম হয়। ২০০৭ চনত টিম ইণ্ডিয়াৰ এখন খেল চাবলৈ চাইকেলেৰে বাংলাদেশ গৈছিল। ২০০৬ চনত পাকিস্তানৰ লাহোৰত টিম ইণ্ডিয়াৰ খেল চাবলৈ টিকট নোহোৱাকৈ ৰেলত উঠিবলগীয়া হৈছিল। কাৰণ তেওঁৰ হাতত ইমান টকা নাছিল। ২০০৩ চনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ এখন খেল চাবলৈ সুধীৰে ২১ দিনত বিহাৰৰ পৰা মুম্বাইলৈ চাইকেল চলাইছিল।

খেলৰ এদিন আগতেই তেওঁয প্ৰস্তুতি আৰম্ভ কৰে। এই সময়ছোৱাত তেওঁ প্ৰথমে তেওঁৰ শৰীৰত ৰং কৰে আৰু সেই নিশা ৰং শুকোৱালৈকে তেওঁ ভালদৰে শুব নোৱাৰে। এই ভ্ৰমণৰ সময়ত তেওঁ ত্ৰিৰঙেৰে নিজৰ শৰীৰত ৰং কৰে, ভাৰতীয় পতাকাৰ ৰং, সাধাৰণতে বুকুত তেণ্ডুলকাৰৰ নাম লিপিবদ্ধ কৰে। লগতে এটা শংখ লৈ শংখটো বজাই টিম ইণ্ডিয়াৰ আগমনৰ কথা ঘোষণা কৰে।

প্ৰায়ে ক্ৰিকেটপ্ৰেমী জনসাধাৰণৰ পৰা ধন সংগ্ৰহ কৰে সুধিৰে। যাতে তেওঁ ষ্টেডিয়ামত বহি ভাৰতৰ খেলখন চাব পাৰে। ভাৰতীয় ক্ৰিকেট দলৰ বহু স্মৰণীয় বিজয়ো তেওঁ প্ৰত্যক্ষ কৰিছে। ইয়াত ২০১১ চনৰ বিশ্বকাপ, এছিয়া কাপকে ধৰি বহু গুৰুত্বপূৰ্ণ মেচ অন্তৰ্ভুক্ত কৰা হৈছে।

২০১১ চনৰ বিশ্বকাপ জয় কৰাৰ পিছত শচীনে সুধীৰক ফোন কৰি টিম ইণ্ডিয়াৰ ড্ৰেছিং ৰুমত উদযাপন কৰে। এই সময়ত সুধিৰে ‘বিশ্বকাপৰ ট্ৰফী’ হাতত তুলি লৈছিল৷ শচীনৰ বাবেই সুধীৰক টিম ইণ্ডিয়াৰ খেল বিনামূলীয়াকৈ আজীৱন চাবলৈ দিয়া হৈছে। শচীন তেণ্ডুলকাৰৰ অৱসৰৰ পিছত সুধিৰে নিজৰ শৰীৰত ‘মিছ-উ টেণ্ডুলকাৰ’ লিখি ভাৰতীয় ক্ৰিকেট দলৰ বাবে উল্লাস কৰি আহিছে।

সুধিৰ কুমাৰৰ জীৱনক লৈ ‘বিয়ণ্ড অল বাউণ্ডেৰীজ’ নামৰ এখন তথ্যচিত্ৰও নিৰ্মাণ কৰা হৈছে। চলচ্চিত্ৰ নিৰ্মাতা সুশ্ৰুত জৈনে প্ৰযোজনা কৰা এই ছবিখনত সুধীৰ কুমাৰৰ ব্যক্তিগত জীৱনক চিত্ৰিত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু