--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুধীৰ চৌধুৰী। ভাৰতৰ বহু ক্ৰিকেট খেলৰ সময়ত হয়তো বহুতে তেওঁক গেলেৰীত দেখিছে। জাতীয় পোছাকৰ ৰং শৰীৰত সানি ৰোহিত-কোহলীৰ বাবে গেলেৰীত উন্মাদ পৰিৱেশ সৃষ্টি কৰে টীম ইণ্ডিয়াৰ এই ছুপাৰফেনগৰাকীয়ে৷

সুধীৰ কুমাৰ চৌধুৰীৰ জন্ম হৈছিল ১৯৮২ চনত বিহাৰৰ মুজাফ্ফৰপুৰত। ৬ বছৰ বয়সৰ পৰাই শচীন তেণ্ডুলকাৰৰ অনুৰাগী হৈ পৰে। টিভিত ক্ৰিকেট চাই থাকোঁতে ভাৰতীয় ক্ৰিকেট আৰু শচীন তেণ্ডুলকাৰৰ প্ৰেমত পৰিছিল। ১৪ বছৰ বয়সত পঢ়া শুনা বাদ দিছিল সুধিৰে। তাৰ পিছত গাখীৰ কোম্পানী এটাত কাম কৰিবলৈ ধৰিলে। কিন্তু বহুদিন কাম কৰিবলৈ মন নগ’ল বাবে তেওঁ চাকৰি এৰি থৈ গ’ল।

২০০৫ চনত সুধিৰে জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেইটো আছিল বিয়া নোহোৱাৰ সিদ্ধান্ত। ভাৰতীয় ক্ৰিকেট দলৰ সকলো মেচ চাবলৈ তেওঁ এই ডাঙৰ সিদ্ধান্ত লৈছিল।

সুধীৰ কুমাৰৰ পিতৃ-মাতৃ তেওঁৰ এই জীৱনশৈলীত অতিশয় বিচলিত হৈ পৰিছিল। এবাৰ যেতিয়া তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক ভাৰতীয় ক্ৰিকেট দলৰ এখন খেল চাবলৈ নিদিলে, তেতিয়াও সুধীৰে আত্মহত্যাৰ ভাবুকিও দিছিল। কিন্তু মাক-দেউতাকৰ এই বাধা অতিক্ৰমি  ক্ৰিকেটৰ আটাইতকৈ ডাঙৰ অনুৰাগী হোৱাৰ যাত্ৰা আৰম্ভ হ’ল সুধীৰৰ।

২০০৩ চনত প্ৰথমবাৰৰ বাবে টিম ইণ্ডিয়াৰ এখন খেল চাইছিল সুধিৰে। তাৰ পিছৰ পৰা ২০১০ চনলৈকে সুধিৰে এই ষ্টেডিয়ামত টিম ইণ্ডিয়াৰ ১৫০খন খেল দেখিবলৈ পাইছে। আনকি কিছুমান বিদেশ ভ্ৰমণতো খেলপথাৰত টিম ইণ্ডিয়াৰ হৈ উল্লাস কৰা দেখা গৈছে।

সুধীৰ কুমাৰৰ বিশেষত্ব হ’ল তেওঁ চাইকেলেৰে শ শ কিলোমিটাৰ যাত্ৰা কৰি ষ্টেডিয়ামত উপস্থিত হৈ টিম ইণ্ডিয়াৰ খেলখন চাবলৈ সক্ষম হয়। ২০০৭ চনত টিম ইণ্ডিয়াৰ এখন খেল চাবলৈ চাইকেলেৰে বাংলাদেশ গৈছিল। ২০০৬ চনত পাকিস্তানৰ লাহোৰত টিম ইণ্ডিয়াৰ খেল চাবলৈ টিকট নোহোৱাকৈ ৰেলত উঠিবলগীয়া হৈছিল। কাৰণ তেওঁৰ হাতত ইমান টকা নাছিল। ২০০৩ চনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ এখন খেল চাবলৈ সুধীৰে ২১ দিনত বিহাৰৰ পৰা মুম্বাইলৈ চাইকেল চলাইছিল।

খেলৰ এদিন আগতেই তেওঁয প্ৰস্তুতি আৰম্ভ কৰে। এই সময়ছোৱাত তেওঁ প্ৰথমে তেওঁৰ শৰীৰত ৰং কৰে আৰু সেই নিশা ৰং শুকোৱালৈকে তেওঁ ভালদৰে শুব নোৱাৰে। এই ভ্ৰমণৰ সময়ত তেওঁ ত্ৰিৰঙেৰে নিজৰ শৰীৰত ৰং কৰে, ভাৰতীয় পতাকাৰ ৰং, সাধাৰণতে বুকুত তেণ্ডুলকাৰৰ নাম লিপিবদ্ধ কৰে। লগতে এটা শংখ লৈ শংখটো বজাই টিম ইণ্ডিয়াৰ আগমনৰ কথা ঘোষণা কৰে।

প্ৰায়ে ক্ৰিকেটপ্ৰেমী জনসাধাৰণৰ পৰা ধন সংগ্ৰহ কৰে সুধিৰে। যাতে তেওঁ ষ্টেডিয়ামত বহি ভাৰতৰ খেলখন চাব পাৰে। ভাৰতীয় ক্ৰিকেট দলৰ বহু স্মৰণীয় বিজয়ো তেওঁ প্ৰত্যক্ষ কৰিছে। ইয়াত ২০১১ চনৰ বিশ্বকাপ, এছিয়া কাপকে ধৰি বহু গুৰুত্বপূৰ্ণ মেচ অন্তৰ্ভুক্ত কৰা হৈছে।

২০১১ চনৰ বিশ্বকাপ জয় কৰাৰ পিছত শচীনে সুধীৰক ফোন কৰি টিম ইণ্ডিয়াৰ ড্ৰেছিং ৰুমত উদযাপন কৰে। এই সময়ত সুধিৰে ‘বিশ্বকাপৰ ট্ৰফী’ হাতত তুলি লৈছিল৷ শচীনৰ বাবেই সুধীৰক টিম ইণ্ডিয়াৰ খেল বিনামূলীয়াকৈ আজীৱন চাবলৈ দিয়া হৈছে। শচীন তেণ্ডুলকাৰৰ অৱসৰৰ পিছত সুধিৰে নিজৰ শৰীৰত ‘মিছ-উ টেণ্ডুলকাৰ’ লিখি ভাৰতীয় ক্ৰিকেট দলৰ বাবে উল্লাস কৰি আহিছে।

সুধিৰ কুমাৰৰ জীৱনক লৈ ‘বিয়ণ্ড অল বাউণ্ডেৰীজ’ নামৰ এখন তথ্যচিত্ৰও নিৰ্মাণ কৰা হৈছে। চলচ্চিত্ৰ নিৰ্মাতা সুশ্ৰুত জৈনে প্ৰযোজনা কৰা এই ছবিখনত সুধীৰ কুমাৰৰ ব্যক্তিগত জীৱনক চিত্ৰিত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নির্বাচনী বিশ্লেষকৰ মত: বিৰোধী শিবিৰৰ প্ৰতি জনসাধাৰণৰ আস্থা নথকাৰ বাবেই পৰাজিত হ’ল জ্ঞানশ্রী, কুংকী
ভাৰতৰ ২২খন ৰাজ্যলৈ প্ৰসাৰিত বিজেপিৰ শাসন
ভাৰতৰ ‘এন্টি-শ্বিপ’ ক্ষেপণাস্ত্ৰৰ বিশেষত্ব কি?
অতি উত্তম পাচলি জিকা; ইয়াৰ আছে নানা স্বাস্থ্য উপকাৰিতা
কুঁহিয়াৰ খেতিয়কৰ বাবে সুখবৰ: কেন্দ্ৰীয় কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত
১২৬জনীয়া বিধানসভাত ৫.৫৫% মহিলা প্রতিনিধি, অসম বিধানসভাত প্রতিনিধিত্ব কৰিব ৭গৰাকী মহিলাই
৪ মাহত দেশত ৯৪০০ হোৱাটছ এপ একাউন্ট নিষিদ্ধ, 'ডিজিটেল এৰেষ্ট' প্ৰৱঞ্চনাৰে জড়িত
শ্রেণীকোঠাত সংযোজন কৃত্রিম বুদ্ধিমত্তাসম্পন্ন স্মার্ট ব'র্ড, প্ৰযুক্তিৰ দিশত দেশৰ ভিতৰতে নতুন খোজ কানৈ মহাবিদ্যালয়ৰ
প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ ছখন ক্রিকেট একাডেমি
জুবিন গাৰ্গক আৰ্থিকভাৱে উদং কৰিছিল সিদ্ধাৰ্থই! আদালতত ফাদিল হ’ল সিদ্ধাৰ্থৰ বহু গোপন লেনদেনৰ তথ্য
ভাত কেৰালা অতি শক্তিশালী পাচলি; মাংসতকৈও অধিক শক্তি আৰু প্ৰটিন পোৱা যায় ভাতকেৰেলাত
GMCHৰ কৰ্মচাৰীয়ে ৰোগীৰ লগতে ৰোগীৰ আত্মীয়ক প্ৰহাৰ কৰাৰ ভয়ংকৰ অভিযোগ
মণিপুৰত প্ৰায় ৮ কোটি টকাৰ হেৰ’ইন জব্দ NCBৰ, দুজনক গ্ৰেপ্তাৰ
গুৱাহাটীৰ উলুবাৰীত অঘটন; এখন Restro & Barৰ নিৰ্মাণ কাৰ্যত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত তিনিজনকৈ শ্ৰমিক