--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী কেৱল বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটছমেন হিচাপেই নহয়, ‘ষ্টাইল আইকন’ হিচাপেও পৰিচিত। বাৰে বাৰে চুলি কটা আৰু দাড়ি সলনি কৰে। কিন্তু চুলি-দাড়ি-গোঁফ ষ্টাইল সলনি কৰিবলৈ কোহলীয়ে কিমান টকা খৰচ কৰিব লাগে জানেনে?

ভাৰতত চুলি কটাৰ নূন্যতম খৰচ কিমান? বিৰাটে সাধাৰণতে দিল্লীৰ অশোক বিহাৰলৈ যায় চুলি-দাড়ি ট্ৰিম কৰিবলৈ। কোহলীয়ে অশোক বিহাৰৰ ‘ষ্টুডিঅ’ ১৭’ নামৰ এখন বিখ্যাত চেলুনত চুলি কটাবলৈ যায়৷ বিৰাটৰ চুলি কাটে ‘ষ্টুডিঅ’ ১৭’ৰ স্বত্বাধিকাৰী তথা জনপ্ৰিয় হেয়াৰ ষ্টাইলিষ্ট ৰছিদ ছালমানীয়ে।

বিভিন্ন খবৰ অনুসৰি, ৰছিদে চুলি স্পৰ্শ কৰাৰ বাবেই ১৮ হাজাৰ টকা লয়। কিছুমানৰ ক্ষেত্ৰত সেই সংখ্যা ৪০ হাজাৰৰ ওচৰত। যদি কোনোবাই অধিক অতিৰিক্ত চুলি কটা বিচাৰে তেন্তে অধিক ধন খৰচ কৰিব লাগিব। গোঁফ আৰু দাড়ি কটাৰ খৰচ পৃথকে পৃথকে।

বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিৰাটৰ চুলি কাটিবলৈ ৰছিদে ৮০ হাজাৰৰ পৰা ১.৫ লাখ টকা লয়৷ কেৱল বিৰাটেই নহয়, ৰছিদেও শুবমান গিল, হাৰ্দিক পাণ্ডিয়া, সূৰ্য্যকুমাৰ যাদৱৰ দৰে ভাৰতীয় ক্ৰিকেটাৰৰো চুলি কটালে।

বৰ্তমান তেওঁ দিল্লীত বাস কৰে যদিও ৰছিদৰ মূল ঘৰ বিহাৰত। তেওঁ কেশসজ্জাৰ বিষয়ে অধ্যয়নো কৰিছিল। ৰছিদে এবাৰ কৈছিল যে ক্ৰিকেটাৰ ৰাহুল তেৱতিয়াই কেৱল তেওঁৰ ওচৰত চুলি কাটিবলৈকে বিয়াৰ এদিন আগতে তেওঁৰ চেলুনলৈ আহিছিল৷ ভাৰতীয় ক্ৰিকেটাৰৰ উপৰিও তেওঁ ফাফ ডু প্লেছিছ, ট্ৰেণ্ট ব’ল্ট, ৰছিদ খান, টিম চাউথী, জেছন ৰয় আদি বিদেশী খেলুৱৈৰো চুলি কাটিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক