--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপৰ দল ঘোষণাৰ দিনা ৰোহিত শৰ্মাই কয় যে বিৰাট কোহলীয়ে বা নিজেও বিশ্বকাপত বলিং কৰিব পাৰে। এই লৈ টিপ্পনি মাৰিছে ভুৱনেশ্বৰ কুমাৰে। তেওঁ কয়- ''বিৰাটে নিজকে দলৰ শ্ৰেষ্ঠ বলাৰ বুলি গণ্য কৰে। সদায় বলিং কৰিবলৈ সাজু থাকে।’’

ভুৱনেশ্বৰে এতিয়া আৰু ভাৰতীয় দলত স্থান নাপায়। তৰুণ পেচাৰসকলে স্থান দখল কৰিছে। ৩৩ বছৰীয়া পেচাৰগৰাকীক সেয়েহে কেৱল আই পি এলতহে দেখা যায়। অভিজ্ঞ পেচাৰগৰাকীয়ে কয়- ''বিৰাটে নিজকে দলৰ শ্ৰেষ্ঠ বলাৰ বুলি ভাবে। কিন্তু তেওঁ বলিং কৰিলেই আমাৰ ভয় লাগে। ভাব হয় যে তেওঁ আঘাত পাব। তেওঁৰ বলিং শৈলী এনেকুৱা যে ভয় কৰিবলগা হয়।’’

সোমবাৰে ৰোহিতে কয় যে বিৰাটক বিশ্বকাপত বলিং কৰা দেখা যাব। যিখন এছিয়া কাপৰ দল নিৰ্বাচিত হৈছে তাত সোঁহাতৰ স্পিনাৰ নাই। সেই প্ৰসংগত ভাৰতীয় অধিনায়কগৰাকীয়ে কয়, “আশাকৰোঁ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে বিশ্বকাপৰ খেলত কেইটামান অভাৰ খেলিব পাৰিব।”

উল্লেখ্য যে এইবাৰ বিৰাটে ১৭খন খেলত ৯৮৪ ৰান সংগ্ৰহ কৰে। এই আঠ মাহত তেওঁ চাৰিটা শতক অৰ্জন কৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৭৬টা শতক অৰ্জন কৰিছে বিৰাটে। কিন্তু ক্ৰিকেটাৰ হোৱাৰ পৰিৱৰ্তে কি হ’লহেঁতেন? ভুৱনেশ্বৰে ধেমালিতে কয়, ‘ক্ৰিকেটাৰ নোহোৱা হ’লে বিৰাট মল্লযুঁজাৰু হ’লহেঁতেন।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক