--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপৰ দল ঘোষণাৰ দিনা ৰোহিত শৰ্মাই কয় যে বিৰাট কোহলীয়ে বা নিজেও বিশ্বকাপত বলিং কৰিব পাৰে। এই লৈ টিপ্পনি মাৰিছে ভুৱনেশ্বৰ কুমাৰে। তেওঁ কয়- ''বিৰাটে নিজকে দলৰ শ্ৰেষ্ঠ বলাৰ বুলি গণ্য কৰে। সদায় বলিং কৰিবলৈ সাজু থাকে।’’

ভুৱনেশ্বৰে এতিয়া আৰু ভাৰতীয় দলত স্থান নাপায়। তৰুণ পেচাৰসকলে স্থান দখল কৰিছে। ৩৩ বছৰীয়া পেচাৰগৰাকীক সেয়েহে কেৱল আই পি এলতহে দেখা যায়। অভিজ্ঞ পেচাৰগৰাকীয়ে কয়- ''বিৰাটে নিজকে দলৰ শ্ৰেষ্ঠ বলাৰ বুলি ভাবে। কিন্তু তেওঁ বলিং কৰিলেই আমাৰ ভয় লাগে। ভাব হয় যে তেওঁ আঘাত পাব। তেওঁৰ বলিং শৈলী এনেকুৱা যে ভয় কৰিবলগা হয়।’’

সোমবাৰে ৰোহিতে কয় যে বিৰাটক বিশ্বকাপত বলিং কৰা দেখা যাব। যিখন এছিয়া কাপৰ দল নিৰ্বাচিত হৈছে তাত সোঁহাতৰ স্পিনাৰ নাই। সেই প্ৰসংগত ভাৰতীয় অধিনায়কগৰাকীয়ে কয়, “আশাকৰোঁ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে বিশ্বকাপৰ খেলত কেইটামান অভাৰ খেলিব পাৰিব।”

উল্লেখ্য যে এইবাৰ বিৰাটে ১৭খন খেলত ৯৮৪ ৰান সংগ্ৰহ কৰে। এই আঠ মাহত তেওঁ চাৰিটা শতক অৰ্জন কৰিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৭৬টা শতক অৰ্জন কৰিছে বিৰাটে। কিন্তু ক্ৰিকেটাৰ হোৱাৰ পৰিৱৰ্তে কি হ’লহেঁতেন? ভুৱনেশ্বৰে ধেমালিতে কয়, ‘ক্ৰিকেটাৰ নোহোৱা হ’লে বিৰাট মল্লযুঁজাৰু হ’লহেঁতেন।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক