--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া দবা বিশ্বকাপৰ ফাইনেলত ৰমেশবাবু প্ৰজ্ঞানন্দৰ মুখামুখি হ’ব মেগনাছ কাৰ্লছন। বিশ্বনাথন আনন্দৰ পিছত পুনৰ দবা বিশ্বকাপ জয়ৰ সপোন দেখিছে ভাৰতে। এই প্ৰতিযোগিতাত জয়ী হ’লে প্ৰজ্ঞানন্দই পুৰস্কাৰৰ বাবে কিমান টকা পাব? যদি তেওঁ ফাইনেলত কাৰ্লছনৰ হাতত পৰাস্ত হয় তেন্তে ভাৰতীয় দবা খেলুৱৈয়ে কিমান টকা পাব?

দবা বিশ্বকাপৰ মুঠ পুৰস্কাৰ ধন ১৫ কোটি টকা। ৰাউণ্ড যিমানেই বেছি হ’ব সিমানেই পুৰস্কাৰৰ মূল্য বেছি হ’ব। যদি প্ৰজ্ঞানন্দই বিশ্বকাপ জয় কৰে তেন্তে তেওঁ লাভ কৰিব ৯০ লাখ টকা। আৰু যদি হাৰে, তেতিয়া তেওঁ ৬৬ লাখ টকা পাব।

প্ৰথমৰ পৰা ষষ্ঠ ৰাউণ্ডলৈকে প্ৰতিযোগীৰ সংখ্যা বেছি। ফলত তেওঁলোকৰ মাজত এক নিৰ্দিষ্ট পৰিমাণৰ ধন ভাগ কৰা হয়। ষষ্ঠ ৰাউণ্ডত বাহিৰ হোৱা চাৰিগৰাকী প্ৰতিযোগীয়ে লাভ কৰিব ২৯ লাখ টকাকৈ। পঞ্চম ৰাউণ্ডত বাহিৰ হোৱা আঠগৰাকী প্ৰতিযোগীয়ে লাভ কৰিব ২১ লাখ টকা। চতুৰ্থ ৰাউণ্ডত ১৬ গৰাকী দবা খেলুৱৈ বাহিৰ হয়। ১৩ লাখ টকাকৈ লাভ কৰিব পুৰস্কাৰ ধন।

তৃতীয় ৰাউণ্ডত বাহিৰ হোৱা ৩২ গৰাকী প্ৰতিযোগীৰ প্ৰত্যেকেই লাভ কৰিব ৮ লাখ টকাকৈ। দ্বিতীয় ৰাউণ্ডত ৬৪ গৰাকী দবা খেলুৱৈ বাহিৰ হয়। ৫ লাখ টকা পাব। প্ৰথম ৰাউণ্ডত নক আউট হোৱা ৭৮ গৰাকী দবা খেলুৱৈৰ প্ৰত্যেকেই লাভ কৰিব ডেৰ-দুই লাখ টকা।

মঙলবাৰৰ পৰা কাৰ্লচেনৰ বিৰুদ্ধে ফাইনেল খেল আৰম্ভ কৰিব প্ৰজ্ঞানন্দই। মঙলবাৰ আৰু বুধবাৰে দুটা ক্লাছিকেল ৰাউণ্ড অনুষ্ঠিত হ’ব। যদি খেলৰ কোনো ফলাফল নাথাকে অৰ্থাৎ ক্লাছিকেল ৰাউণ্ডত ড্ৰ’ হয় তেন্তে বৃহস্পতিবাৰে টাইব্ৰেকাৰ হ’ব। তাৰ পিছত সেই টাইব্ৰেকাৰৰ জৰিয়তে বিজয়ীক নিৰ্বাচিত কৰা হ’ব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক