--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া দবা বিশ্বকাপৰ ফাইনেলত ৰমেশবাবু প্ৰজ্ঞানন্দৰ মুখামুখি হ’ব মেগনাছ কাৰ্লছন। বিশ্বনাথন আনন্দৰ পিছত পুনৰ দবা বিশ্বকাপ জয়ৰ সপোন দেখিছে ভাৰতে। এই প্ৰতিযোগিতাত জয়ী হ’লে প্ৰজ্ঞানন্দই পুৰস্কাৰৰ বাবে কিমান টকা পাব? যদি তেওঁ ফাইনেলত কাৰ্লছনৰ হাতত পৰাস্ত হয় তেন্তে ভাৰতীয় দবা খেলুৱৈয়ে কিমান টকা পাব?

দবা বিশ্বকাপৰ মুঠ পুৰস্কাৰ ধন ১৫ কোটি টকা। ৰাউণ্ড যিমানেই বেছি হ’ব সিমানেই পুৰস্কাৰৰ মূল্য বেছি হ’ব। যদি প্ৰজ্ঞানন্দই বিশ্বকাপ জয় কৰে তেন্তে তেওঁ লাভ কৰিব ৯০ লাখ টকা। আৰু যদি হাৰে, তেতিয়া তেওঁ ৬৬ লাখ টকা পাব।

প্ৰথমৰ পৰা ষষ্ঠ ৰাউণ্ডলৈকে প্ৰতিযোগীৰ সংখ্যা বেছি। ফলত তেওঁলোকৰ মাজত এক নিৰ্দিষ্ট পৰিমাণৰ ধন ভাগ কৰা হয়। ষষ্ঠ ৰাউণ্ডত বাহিৰ হোৱা চাৰিগৰাকী প্ৰতিযোগীয়ে লাভ কৰিব ২৯ লাখ টকাকৈ। পঞ্চম ৰাউণ্ডত বাহিৰ হোৱা আঠগৰাকী প্ৰতিযোগীয়ে লাভ কৰিব ২১ লাখ টকা। চতুৰ্থ ৰাউণ্ডত ১৬ গৰাকী দবা খেলুৱৈ বাহিৰ হয়। ১৩ লাখ টকাকৈ লাভ কৰিব পুৰস্কাৰ ধন।

তৃতীয় ৰাউণ্ডত বাহিৰ হোৱা ৩২ গৰাকী প্ৰতিযোগীৰ প্ৰত্যেকেই লাভ কৰিব ৮ লাখ টকাকৈ। দ্বিতীয় ৰাউণ্ডত ৬৪ গৰাকী দবা খেলুৱৈ বাহিৰ হয়। ৫ লাখ টকা পাব। প্ৰথম ৰাউণ্ডত নক আউট হোৱা ৭৮ গৰাকী দবা খেলুৱৈৰ প্ৰত্যেকেই লাভ কৰিব ডেৰ-দুই লাখ টকা।

মঙলবাৰৰ পৰা কাৰ্লচেনৰ বিৰুদ্ধে ফাইনেল খেল আৰম্ভ কৰিব প্ৰজ্ঞানন্দই। মঙলবাৰ আৰু বুধবাৰে দুটা ক্লাছিকেল ৰাউণ্ড অনুষ্ঠিত হ’ব। যদি খেলৰ কোনো ফলাফল নাথাকে অৰ্থাৎ ক্লাছিকেল ৰাউণ্ডত ড্ৰ’ হয় তেন্তে বৃহস্পতিবাৰে টাইব্ৰেকাৰ হ’ব। তাৰ পিছত সেই টাইব্ৰেকাৰৰ জৰিয়তে বিজয়ীক নিৰ্বাচিত কৰা হ’ব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
ধনতেৰাছত কিয় কিনিব লাগে ধনীয়া বীজ আৰু নিমখ?
তামুলপুৰত জুবিন অনুৰাগীৰ এহেজাৰটা নাহৰ পুলি ৰোপণ
আজি অসমীয়াৰ হেঁপাহৰ কাতি বিহু; মংগল হওক সকলোৰে
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে