--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ সমালোচনাত সৰব হৈ পৰিল কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং। ৰাজনাথ সিঙে কয় যে  ক্ৰিকেটত ধোনীৰ দৰে ৰাহুল গান্ধী ৰাজনীতিৰ শ্ৰেষ্ঠ ফিনিচাৰ। তেওঁ কংগ্ৰেছক 'শেষ' কৰাৰ পিছতহে থমকি ৰ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীক সমালোচনা  কৰি কয় যে দুৰ্নীতিৰ সৈতে শতিকা প্ৰাচীন দলটোৰ 'অটুট' সম্পৰ্ক আছে।

ৰাজনাথ সিঙে মধ্য প্ৰদেশৰ চিধি জিলাৰ এক ৰেলীত ৰাহুল গান্ধীক বাক্যবাণেৰে  আক্ৰমণ কৰে। সিঙে কয় "কেতিয়াবা মই আচৰিত হওঁ, মই বুজি নাপাওঁ কি হৈ আছে। তাৰ পিছত মই কিছুমান কথা জুকিয়াই চালো। ক্ৰিকেটৰ শ্ৰেষ্ঠ ফিনিচাৰ কোন?  ধোনী। একেদৰে, যদি কোনোবাই মোক সোধে যে ভাৰতীয় ৰাজনীতিৰ শ্ৰেষ্ঠ ফিনিচাৰ কোন, মই ক'ম ৰাহুল গান্ধী। সেইকাৰণে বহু  নেতাই কংগ্ৰেছ ত্যাগ কৰিছে। "

 কংগ্ৰেছক সমালোচনা কৰি ৰাজনাথ সিঙে কয়  "কংগ্ৰেছ আৰু দুৰ্নীতি অবিচ্ছেদ্যভাৱে জড়িত।কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ বিৰুদ্ধে এনে  অভিযোগ উত্থাপন কৰিবলৈ  কোনেও সক্ষম হোৱা নাই। তেওঁ কয়  "কংগ্ৰেছে এসময়ত ভাৰতীয় ৰাজনীতিত দপদপাই আছিল।  এতিয়া তেওঁলোক কেৱল দুই-তিনিখন ৰাজ্যতহে শাসনত আছে।’’ ৰাজনাথ সিঙে দাবী কৰে যে কংগ্ৰেছে দিয়া কোনো প্ৰতিশ্ৰুতি পূৰণ কৰা হোৱা নাই। আনহাতে, বিজেপিয়ে যোৱা ১০  বছৰত দিয়া নিজৰ সকলো প্ৰতিশ্ৰুতি পালন কৰিছে। ভাৰতৰ ভৱিষ্যতৰ বিষয়ে উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ২০৪৫ চনৰ ভিতৰত ভাৰত বিশ্বৰ এক "মহাশক্তি" হৈ পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু