--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ সমালোচনাত সৰব হৈ পৰিল কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং। ৰাজনাথ সিঙে কয় যে  ক্ৰিকেটত ধোনীৰ দৰে ৰাহুল গান্ধী ৰাজনীতিৰ শ্ৰেষ্ঠ ফিনিচাৰ। তেওঁ কংগ্ৰেছক 'শেষ' কৰাৰ পিছতহে থমকি ৰ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীক সমালোচনা  কৰি কয় যে দুৰ্নীতিৰ সৈতে শতিকা প্ৰাচীন দলটোৰ 'অটুট' সম্পৰ্ক আছে।

ৰাজনাথ সিঙে মধ্য প্ৰদেশৰ চিধি জিলাৰ এক ৰেলীত ৰাহুল গান্ধীক বাক্যবাণেৰে  আক্ৰমণ কৰে। সিঙে কয় "কেতিয়াবা মই আচৰিত হওঁ, মই বুজি নাপাওঁ কি হৈ আছে। তাৰ পিছত মই কিছুমান কথা জুকিয়াই চালো। ক্ৰিকেটৰ শ্ৰেষ্ঠ ফিনিচাৰ কোন?  ধোনী। একেদৰে, যদি কোনোবাই মোক সোধে যে ভাৰতীয় ৰাজনীতিৰ শ্ৰেষ্ঠ ফিনিচাৰ কোন, মই ক'ম ৰাহুল গান্ধী। সেইকাৰণে বহু  নেতাই কংগ্ৰেছ ত্যাগ কৰিছে। "

 কংগ্ৰেছক সমালোচনা কৰি ৰাজনাথ সিঙে কয়  "কংগ্ৰেছ আৰু দুৰ্নীতি অবিচ্ছেদ্যভাৱে জড়িত।কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ বিৰুদ্ধে এনে  অভিযোগ উত্থাপন কৰিবলৈ  কোনেও সক্ষম হোৱা নাই। তেওঁ কয়  "কংগ্ৰেছে এসময়ত ভাৰতীয় ৰাজনীতিত দপদপাই আছিল।  এতিয়া তেওঁলোক কেৱল দুই-তিনিখন ৰাজ্যতহে শাসনত আছে।’’ ৰাজনাথ সিঙে দাবী কৰে যে কংগ্ৰেছে দিয়া কোনো প্ৰতিশ্ৰুতি পূৰণ কৰা হোৱা নাই। আনহাতে, বিজেপিয়ে যোৱা ১০  বছৰত দিয়া নিজৰ সকলো প্ৰতিশ্ৰুতি পালন কৰিছে। ভাৰতৰ ভৱিষ্যতৰ বিষয়ে উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ২০৪৫ চনৰ ভিতৰত ভাৰত বিশ্বৰ এক "মহাশক্তি" হৈ পৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ