--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শান্তিপূৰ্ণ লাডাখত গণ বিক্ষোভৰ উকমুকনি দেখা গৈছে। ভাৰত-চীনা সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অভিমুখে বৃহৎ সমদলৰ প্ৰস্তুতি চলিছে লাডাখত। বাৰম্বাৰ চীনা আগ্ৰাসনক অস্বীকাৰ কৰি অহা কেন্দ্ৰীয় চৰকাৰক খোদ লাডাখৰ নাগৰিকে জনাইছে প্ৰত্যাহ্বান। চীনা আগ্ৰাসন, লাডাখক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদাৰ দাবীৰে বৃহৎ প্ৰতিবাদী সমদলৰ প্ৰস্তুতি অঞ্চলটোৰ দল-সংগঠনৰ। তাৰ মাজতে গণতান্ত্ৰিক প্ৰতিবাদক মষিমূৰ কৰিবলৈ যুদ্ধংদেহী তৎপৰতা কেন্দ্ৰীয় চৰকাৰৰ। 

প্ৰতিবাদৰ পূৰ্বেই লাডাখত ১৪৪ ধাৰা জাৰি কৰিলে স্থানীয় প্ৰশাসনে। কেৱল সেয়াই নহয়, প্ৰতিবাদৰ পূৰ্বে লাডাখত ইণ্টাৰনেট সেৱা পৰ্যন্ত বাতিল কৰিলে চৰকাৰে। লেহৰ লগতে লেহ সংলগ্ন এলেকাত ইন্টাৰনেট সেৱা বাতিল কৰে লাডাখ প্ৰশাসনে। কেৱল ২ জি ইন্টাৰনেট সেৱাহে বাহাল ৰখা হৈছে সমগ্ৰ অঞ্চলটোত। 

লগতে স্থানীয় দল-সংগঠনৰ নেতৃত্বক জোৰ-জুলুমকৈ বণ্ডত চহী কৰিবলৈ বাধ্য কৰাইছে চৰকাৰে। নিৰ্বাচনৰ পূৰ্বে যাতে প্ৰতিবাদে বৃহৎ ৰূপ ধাৰণ কৰিব নোৱাৰে, তাক লৈ সষ্টম হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। যাৰ বাবে যিকোনো মূল্যৰ বিনিময়ত প্ৰতিবাদ ক্ষান্ত কৰাৰ চেষ্টাত নামিছে কেন্দ্ৰীয় চৰকাৰ। 

ইপিনে, মেগছেছে বঁটা বিজয়ী সমাজকৰ্মী ছোনম ৱাংচুকৰ নেতৃত্বত লাডাখত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। বিগত কেইবামাহ জুৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ছোনম ৱাংচুকে। লাডাখক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়াৰ দাবীত অটল আছে বিশিষ্ট সমাজকৰ্মীগৰাকী। একেদৰে সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰো দাবী ক্ৰমাৎ তীব্ৰতৰ হৈছে লাডাখত। জলবায়ু পৰিৱৰ্তনৰ বাবে হিমালয়ৰ পাৰ্বত্য অঞ্চললৈ নামি অহা সংকটক লৈ সোচ্ছাৰ হৈছে ছোনম ৱাংছুক। ৩৭০ নং অনুচ্ছেদ বাতিল হোৱাৰ পাছত দেশৰ একাংশ উদ্যোগপতিৰ শেনচকু লাডাখৰ বিস্তৃত অঞ্চলত। পূৰ্বে এই ক্ষেত্ৰত থকা নিষেধাজ্ঞা বাতিলৰ পাছত লাডাখৰ বিস্তৰ ভূমি দখল কৰিবলৈ আগবাঢ়িছে দেশৰ বৃহৎ উদ্যোগপতিয়ে। ইয়াৰ জৰিয়তে ভৱিষ্যতে লাডাখলৈ ভাবুকি নামি অহাৰ আশংকা ব্যক্ত কৰিছে পৰিৱেশ কৰ্মী ছোনম ৱাংছুকে। বিশিষ্ট সমাজকৰ্মীগৰাকীৰ নেতৃত্বত ইতিমধ্যে লাডাখত চৰকাৰ বিৰোধী প্ৰবল জনমত গঢ়ি উঠিছে।

ইয়াৰ লগতে চীনা আগ্ৰাসনক লৈ মোদী চৰকাৰক উদাসীনতাক জনমানসত তুলি ধৰিছে ছোনম ৱাংছুকে। অভিযোগ অনুসৰি প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি লাডাখৰ ৪ হাজাৰ বৰ্গ কিলোমিটাৰ দখল কৰিছে চীনে। দেশৰ বিৰোধী শক্তিৰ লগতে খোদ লাডাখবাসীয়ে দীৰ্ঘদিন ধৰি উত্থাপন কৰি আহিছে এই অভিযোগ। কিন্তু ইমানৰ পাছতো লাডাখত চীনা আগ্ৰাসনৰ প্ৰসংগক নস্যাৎ কৰি আহিছে মোদী চৰকাৰে। মোদী চৰকাৰৰ এনে উদাসীনতাক প্ৰত্যাহ্বান জনাই ছোনম ৱাংছুকৰ নেতৃত্বত পছমিনা পদযাত্ৰাৰ কথা ঘোষণা কৰিছে একাংশ দল–সংগঠনে। মহাত্মা গান্ধীৰ সত্যাগ্ৰহৰ দৰে শান্তিপূৰ্ণ সমদলৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল দল–সংগঠনে। 

কাইলৈ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অভিমুখে যাত্ৰা কৰাৰ কথা আছিল লাডাখবাসীৰ। কিন্তু এই পদযাত্ৰাৰ উমান পোৱাৰ পাছতে চৰকাৰে যিকোনো পৰিস্থিতিত যাত্ৰা বাতিলৰ চেষ্টাত নামি পৰিছে। যি কথাক লৈ স্বাভাৱিকতে ক্ষুণ্ণ হৈ পৰিছে ছোনম ৱাংছুকৰ লগতে লাডাখৰ জাতীয় সংগঠন। জম্মু–কাশ্মীৰৰ পৰা ৩৭০ নং অনুচ্ছেদ বাতিলৰ পাছতে কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত হৈছিল লাডাখ। ২০১৯ৰ পৰা এই পৰ্যন্ত লাডাখত অনুষ্ঠিত হোৱা নাই বিধানসভাৰ নিৰ্বাচন। বিপৰীতে ৩৭০ নং অনুচ্ছেদ বাতিলৰ পাছতেই একাংশ উদ্যোগপতিক ৰঙা দলিচা পাৰি দিছে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰৰ এনে পদক্ষেপৰ ফলত ক্ষোভত ফাটি পৰিছে লাডাখৰ সাধাৰণ নাগৰিক। যাৰ পৰিণতিত ব্যাপক গণ বিক্ষোভৰ দিশে গতি কৰিছে লাডাখৰ সাম্প্ৰতিক পৰিস্থিতি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু