--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শান্তিপূৰ্ণ লাডাখত গণ বিক্ষোভৰ উকমুকনি দেখা গৈছে। ভাৰত-চীনা সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অভিমুখে বৃহৎ সমদলৰ প্ৰস্তুতি চলিছে লাডাখত। বাৰম্বাৰ চীনা আগ্ৰাসনক অস্বীকাৰ কৰি অহা কেন্দ্ৰীয় চৰকাৰক খোদ লাডাখৰ নাগৰিকে জনাইছে প্ৰত্যাহ্বান। চীনা আগ্ৰাসন, লাডাখক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদাৰ দাবীৰে বৃহৎ প্ৰতিবাদী সমদলৰ প্ৰস্তুতি অঞ্চলটোৰ দল-সংগঠনৰ। তাৰ মাজতে গণতান্ত্ৰিক প্ৰতিবাদক মষিমূৰ কৰিবলৈ যুদ্ধংদেহী তৎপৰতা কেন্দ্ৰীয় চৰকাৰৰ। 

প্ৰতিবাদৰ পূৰ্বেই লাডাখত ১৪৪ ধাৰা জাৰি কৰিলে স্থানীয় প্ৰশাসনে। কেৱল সেয়াই নহয়, প্ৰতিবাদৰ পূৰ্বে লাডাখত ইণ্টাৰনেট সেৱা পৰ্যন্ত বাতিল কৰিলে চৰকাৰে। লেহৰ লগতে লেহ সংলগ্ন এলেকাত ইন্টাৰনেট সেৱা বাতিল কৰে লাডাখ প্ৰশাসনে। কেৱল ২ জি ইন্টাৰনেট সেৱাহে বাহাল ৰখা হৈছে সমগ্ৰ অঞ্চলটোত। 

লগতে স্থানীয় দল-সংগঠনৰ নেতৃত্বক জোৰ-জুলুমকৈ বণ্ডত চহী কৰিবলৈ বাধ্য কৰাইছে চৰকাৰে। নিৰ্বাচনৰ পূৰ্বে যাতে প্ৰতিবাদে বৃহৎ ৰূপ ধাৰণ কৰিব নোৱাৰে, তাক লৈ সষ্টম হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। যাৰ বাবে যিকোনো মূল্যৰ বিনিময়ত প্ৰতিবাদ ক্ষান্ত কৰাৰ চেষ্টাত নামিছে কেন্দ্ৰীয় চৰকাৰ। 

ইপিনে, মেগছেছে বঁটা বিজয়ী সমাজকৰ্মী ছোনম ৱাংচুকৰ নেতৃত্বত লাডাখত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। বিগত কেইবামাহ জুৰি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ছোনম ৱাংচুকে। লাডাখক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়াৰ দাবীত অটল আছে বিশিষ্ট সমাজকৰ্মীগৰাকী। একেদৰে সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰো দাবী ক্ৰমাৎ তীব্ৰতৰ হৈছে লাডাখত। জলবায়ু পৰিৱৰ্তনৰ বাবে হিমালয়ৰ পাৰ্বত্য অঞ্চললৈ নামি অহা সংকটক লৈ সোচ্ছাৰ হৈছে ছোনম ৱাংছুক। ৩৭০ নং অনুচ্ছেদ বাতিল হোৱাৰ পাছত দেশৰ একাংশ উদ্যোগপতিৰ শেনচকু লাডাখৰ বিস্তৃত অঞ্চলত। পূৰ্বে এই ক্ষেত্ৰত থকা নিষেধাজ্ঞা বাতিলৰ পাছত লাডাখৰ বিস্তৰ ভূমি দখল কৰিবলৈ আগবাঢ়িছে দেশৰ বৃহৎ উদ্যোগপতিয়ে। ইয়াৰ জৰিয়তে ভৱিষ্যতে লাডাখলৈ ভাবুকি নামি অহাৰ আশংকা ব্যক্ত কৰিছে পৰিৱেশ কৰ্মী ছোনম ৱাংছুকে। বিশিষ্ট সমাজকৰ্মীগৰাকীৰ নেতৃত্বত ইতিমধ্যে লাডাখত চৰকাৰ বিৰোধী প্ৰবল জনমত গঢ়ি উঠিছে।

ইয়াৰ লগতে চীনা আগ্ৰাসনক লৈ মোদী চৰকাৰক উদাসীনতাক জনমানসত তুলি ধৰিছে ছোনম ৱাংছুকে। অভিযোগ অনুসৰি প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি লাডাখৰ ৪ হাজাৰ বৰ্গ কিলোমিটাৰ দখল কৰিছে চীনে। দেশৰ বিৰোধী শক্তিৰ লগতে খোদ লাডাখবাসীয়ে দীৰ্ঘদিন ধৰি উত্থাপন কৰি আহিছে এই অভিযোগ। কিন্তু ইমানৰ পাছতো লাডাখত চীনা আগ্ৰাসনৰ প্ৰসংগক নস্যাৎ কৰি আহিছে মোদী চৰকাৰে। মোদী চৰকাৰৰ এনে উদাসীনতাক প্ৰত্যাহ্বান জনাই ছোনম ৱাংছুকৰ নেতৃত্বত পছমিনা পদযাত্ৰাৰ কথা ঘোষণা কৰিছে একাংশ দল–সংগঠনে। মহাত্মা গান্ধীৰ সত্যাগ্ৰহৰ দৰে শান্তিপূৰ্ণ সমদলৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছিল দল–সংগঠনে। 

কাইলৈ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা অভিমুখে যাত্ৰা কৰাৰ কথা আছিল লাডাখবাসীৰ। কিন্তু এই পদযাত্ৰাৰ উমান পোৱাৰ পাছতে চৰকাৰে যিকোনো পৰিস্থিতিত যাত্ৰা বাতিলৰ চেষ্টাত নামি পৰিছে। যি কথাক লৈ স্বাভাৱিকতে ক্ষুণ্ণ হৈ পৰিছে ছোনম ৱাংছুকৰ লগতে লাডাখৰ জাতীয় সংগঠন। জম্মু–কাশ্মীৰৰ পৰা ৩৭০ নং অনুচ্ছেদ বাতিলৰ পাছতে কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত হৈছিল লাডাখ। ২০১৯ৰ পৰা এই পৰ্যন্ত লাডাখত অনুষ্ঠিত হোৱা নাই বিধানসভাৰ নিৰ্বাচন। বিপৰীতে ৩৭০ নং অনুচ্ছেদ বাতিলৰ পাছতেই একাংশ উদ্যোগপতিক ৰঙা দলিচা পাৰি দিছে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰৰ এনে পদক্ষেপৰ ফলত ক্ষোভত ফাটি পৰিছে লাডাখৰ সাধাৰণ নাগৰিক। যাৰ পৰিণতিত ব্যাপক গণ বিক্ষোভৰ দিশে গতি কৰিছে লাডাখৰ সাম্প্ৰতিক পৰিস্থিতি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ