--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পানীৰ আন এটা নাম হৈছে জীৱন। কিন্তু সেই ‘জীৱন’ যিটো বটলত থাকে, সেই বটলেই যদি জীৱন হেৰুৱাৰ কাৰণ হৈ পৰে, তেন্তে সেয়া এক ডাঙৰ বিপদ। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে পুনৰ ব্যৱহাৰযোগ্য খোৱাপানীৰ বটলত লেট্ৰিনৰ ক’ম’ডতকৈ কেইবাগুণ বেছি বীজাণু থাকে।

আমেৰিকান বিজ্ঞানীৰ এটা দলে বিভিন্ন ঠাইৰ পৰা নমুনা সংগ্ৰহ কৰি যেনে খাদ্য পানীৰ বটলৰ পিছফাল, মুখ আৱৰণ, ছালৰ দাগ আদিৰ পৰা নমুনা সংগ্ৰহ কৰি দুবিধ বেক্টেৰিয়া উদ্ধাৰ কৰে।

অষ্ট্ৰেলিয়ান কেথলিক বিশ্ববিদ্যালয়ৰ ক্লিনিকেল চাইক’লজিষ্ট তথা সহকাৰী অধ্যাপক কিয়ং য়াপে কয় - ''এই দুবিধ বেক্টেৰিয়াই সাধাৰণতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ধ্বংস কৰে। এনে কিছুমান বেক্টেৰিয়াই পেটৰ অসুখৰো সৃষ্টি কৰে।”

অৱশ্যে কেৱল খোৱাপানীৰ বটলতেই নহয়, পাকঘৰৰ চিঙ্ককে ধৰি বিভিন্ন বাচন-বৰ্তনতো এই বীজাণু থকা বুলিও অধ্যয়নটোত উল্লেখ কৰা হৈছে। যেনে কম্পিউটাৰৰ কিবৰ্ড, মাউচ বা অফিচৰ কামত ব্যৱহাৰ কৰা পোহনীয়া জন্তুৰ খাদ্যৰ বাটি।

ইম্পেৰিয়েল কলেজ লণ্ডনৰ আণৱিক অণুজীৱবিজ্ঞানী এণ্ড্ৰু এডৱাৰ্ডে কয়, “মানুহৰ মুখগহ্বৰটোৱেই বেছিভাগ অণুজীৱৰ ঘৰ। গতিকে মুখৰ ওচৰলৈ অহা বটল এটা এনে বীজাণুৱে আগুৰি থকাটো স্বাভাৱিক।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক