--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ স্বাস্থ্যৰ বাবে টোপনি অহাটো অতি গুৰুত্বপূৰ্ণ, নহ’লে দিনটোৰ স্বাভাৱিক কামবোৰো কঠিন হৈ পৰিব। বেছিভাগ স্বাস্থ্য বিশেষজ্ঞৰ মতে এজন সুস্থ প্ৰাপ্তবয়স্কই ২৪ ঘণ্টাত কমেও ৮ ঘণ্টা টোপনি ল’ব লাগে। প্ৰায়ে আপুনি নিশ্চয় দেখিছে যে যিসকল লোকৰ ৰাতি ভালদৰে টোপনি নাহে, গোটেই দিনটো তেওঁলোকে ভাগৰুৱা অনুভৱ কৰে আৰু তেওঁলোকৰ মুখখনো নিস্তেজ দেখা যায়, এনে পৰিস্থিতিত কি কৰিব লাগে সেই কথা জনাটো গুৰুত্বপূৰ্ণ।

১) প্ৰায় সকলো মানুহেই গাৰু লৈ শুই ভালপায়। কিছুমান মানুহে এটা নহয় বহু গাৰু একেলগে ব্যৱহাৰ কৰে। যদি আপোনাৰো এই অভ্যাস আছে তেন্তে আজিয়েই নিজেই সলনি কৰক। অধিক গাৰু লোৱা বাবে ডিঙি ওখ হৈ পৰে আৰু নাক বাজিবলৈ আৰম্ভ কৰে। ফলত টোপনি বিঘ্নিত হ’ব পাৰে।
 
২) সুন্দৰ টোপনিৰ বাবে মানুহে শোৱাৰ আগত এগিলাছ গৰম গাখীৰ সেৱন কৰাটো প্ৰয়োজনীয়৷

৩)ভাল টোপনিৰ বাবে মানুহে লঘু ব্যায়াম ,খোজকঢ়া আদি জৰুৰী অভ্যাস গঢ়ি তোলাটো জৰুৰী৷

৪) ভাল টোপনিৰ বাবে আৰামদায়ক পোছাক পৰিধান কৰাটো জৰুৰী৷ কপাহী ঢিলা পোচাকে সুন্দৰ টোপনিত সহায় কৰে৷

৫) শোৱনীকোঠাত বতাহ চলাচল কৰাৰ ব্যৱস্থাই সুন্দৰ টোপনিত সহায় কৰে৷ 

৬) শোৱনীকোঠাত গৰম দিনত কম তাপ মাত্ৰাৰ হোৱাটো জৰুৰী৷ কম তাপ মাত্ৰাই ভাল টোপনিত সহায় কৰাৰ লগতে ঠাণ্ডা দিনত অলপ উমাল গৰম হোৱাটো প্ৰয়োজনীয়৷

৭) কম পোহৰৰ ড্ৰীম লাইট , বিচনালৈ যোৱাৰ আগে আগে পাতল মৃদু সংগীতে মানুহৰ মন পাতল, চাপমুক্ত কৰি তোলে৷ যি কামে ৰাতিৰ টোপনিত সহায় কৰে৷

৮) নিজৰ শোৱা বিচনাৰ বিচনা চাদৰ, গাৰুকভাৰ, আঠুৱা আদি চাফা হলেও ভাল টোপনিত সহায় কৰে৷ 

৯) বিচনালৈ যোৱাৰ দুঘন্টাৰ আগেয়েই ৰাতিৰ আহাৰ লোৱাটো জৰুৰী ৰাতিৰ পাতল আহাৰেও টোপনিত সহায় কৰাৰ লগে লগে সুস্বাস্থ্যটো প্ৰভাৱ পেলাই ৷

১০) যদি আপোনাৰ অস্থিৰতাৰ বাবে টোপনি নাহে, তেন্তে প্ৰথমে মনলৈ ইতিবাচক চিন্তা আনি কোমল সংগীত শুনক। ই আপোনাক শিথিল অনুভৱ কৰাব আৰু আপুনি ভালকৈ টোপনি অহাত সহায় কৰিব।

১১) আপুনি দৈনিক আপোনাৰ শোৱাৰ সময় নিৰ্ধাৰণ কৰক। নিৰ্দিষ্ট সময়ত শোৱাৰ অভ্যাস কৰিলে টোপনি অহাত কোনো সমস্যা নহ’ব।

১২) বহু ৰাতিলৈ টিভি, মোবাইল ফোন চোৱা বন্ধ কৰা ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক