--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ স্বাস্থ্যৰ বাবে টোপনি অহাটো অতি গুৰুত্বপূৰ্ণ, নহ’লে দিনটোৰ স্বাভাৱিক কামবোৰো কঠিন হৈ পৰিব। বেছিভাগ স্বাস্থ্য বিশেষজ্ঞৰ মতে এজন সুস্থ প্ৰাপ্তবয়স্কই ২৪ ঘণ্টাত কমেও ৮ ঘণ্টা টোপনি ল’ব লাগে। প্ৰায়ে আপুনি নিশ্চয় দেখিছে যে যিসকল লোকৰ ৰাতি ভালদৰে টোপনি নাহে, গোটেই দিনটো তেওঁলোকে ভাগৰুৱা অনুভৱ কৰে আৰু তেওঁলোকৰ মুখখনো নিস্তেজ দেখা যায়, এনে পৰিস্থিতিত কি কৰিব লাগে সেই কথা জনাটো গুৰুত্বপূৰ্ণ।

১) প্ৰায় সকলো মানুহেই গাৰু লৈ শুই ভালপায়। কিছুমান মানুহে এটা নহয় বহু গাৰু একেলগে ব্যৱহাৰ কৰে। যদি আপোনাৰো এই অভ্যাস আছে তেন্তে আজিয়েই নিজেই সলনি কৰক। অধিক গাৰু লোৱা বাবে ডিঙি ওখ হৈ পৰে আৰু নাক বাজিবলৈ আৰম্ভ কৰে। ফলত টোপনি বিঘ্নিত হ’ব পাৰে।
 
২) সুন্দৰ টোপনিৰ বাবে মানুহে শোৱাৰ আগত এগিলাছ গৰম গাখীৰ সেৱন কৰাটো প্ৰয়োজনীয়৷

৩)ভাল টোপনিৰ বাবে মানুহে লঘু ব্যায়াম ,খোজকঢ়া আদি জৰুৰী অভ্যাস গঢ়ি তোলাটো জৰুৰী৷

৪) ভাল টোপনিৰ বাবে আৰামদায়ক পোছাক পৰিধান কৰাটো জৰুৰী৷ কপাহী ঢিলা পোচাকে সুন্দৰ টোপনিত সহায় কৰে৷

৫) শোৱনীকোঠাত বতাহ চলাচল কৰাৰ ব্যৱস্থাই সুন্দৰ টোপনিত সহায় কৰে৷ 

৬) শোৱনীকোঠাত গৰম দিনত কম তাপ মাত্ৰাৰ হোৱাটো জৰুৰী৷ কম তাপ মাত্ৰাই ভাল টোপনিত সহায় কৰাৰ লগতে ঠাণ্ডা দিনত অলপ উমাল গৰম হোৱাটো প্ৰয়োজনীয়৷

৭) কম পোহৰৰ ড্ৰীম লাইট , বিচনালৈ যোৱাৰ আগে আগে পাতল মৃদু সংগীতে মানুহৰ মন পাতল, চাপমুক্ত কৰি তোলে৷ যি কামে ৰাতিৰ টোপনিত সহায় কৰে৷

৮) নিজৰ শোৱা বিচনাৰ বিচনা চাদৰ, গাৰুকভাৰ, আঠুৱা আদি চাফা হলেও ভাল টোপনিত সহায় কৰে৷ 

৯) বিচনালৈ যোৱাৰ দুঘন্টাৰ আগেয়েই ৰাতিৰ আহাৰ লোৱাটো জৰুৰী ৰাতিৰ পাতল আহাৰেও টোপনিত সহায় কৰাৰ লগে লগে সুস্বাস্থ্যটো প্ৰভাৱ পেলাই ৷

১০) যদি আপোনাৰ অস্থিৰতাৰ বাবে টোপনি নাহে, তেন্তে প্ৰথমে মনলৈ ইতিবাচক চিন্তা আনি কোমল সংগীত শুনক। ই আপোনাক শিথিল অনুভৱ কৰাব আৰু আপুনি ভালকৈ টোপনি অহাত সহায় কৰিব।

১১) আপুনি দৈনিক আপোনাৰ শোৱাৰ সময় নিৰ্ধাৰণ কৰক। নিৰ্দিষ্ট সময়ত শোৱাৰ অভ্যাস কৰিলে টোপনি অহাত কোনো সমস্যা নহ’ব।

১২) বহু ৰাতিলৈ টিভি, মোবাইল ফোন চোৱা বন্ধ কৰা ভাল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নতুন দিল্লীত কর্মসংস্থানৰ ভুৱা চক্ৰ উৎখাত, এয়াৰলাইন্‌ত নিযুক্তিৰ দিছিল প্রলোভন
গভীৰ সংকটত ইণ্ডিয়ান চুপাৰ লীগ
সাৱধান! অচিনাকি নম্বৰৰ পৰা আপোনালৈও আহে নেকি ফোন ? পৰিব পাৰে বিপদত
মিচিং ভাষাত সহস্রধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ
বৰপেটাত NHM কৰ্মচাৰীৰ তিনিদিনিয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি
পতঞ্জলি বিশ্ববিদ্যালয় সমাৱৰ্তনঃ মুখ্য অতিথি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
উদুলি-মুদুলি মাজুলীৰ মঞ্চই মঞ্চই কাইলৈৰ পৰা হ'ব ৰাসলীলা, ৬ নৱেম্বৰত মাজুলীত স্থানীয় বন্ধ ঘোষণা প্রশাসনৰ
বটলিফ ফেক্টৰীয়ে পুনৰ ক্ৰয় কৰিব কেঁচা চাহপাত, ডুমডুমাত বিভাগীয় কর্তৃপক্ষৰে বৈঠকৰ পাছত সিদ্ধান্ত