--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • স্বাস্থ্যৱান হৈ থাকিবলৈ চিকিৎসকসকলে আমাক নানা পুষ্টিগত খাদ্য খাবলৈ পৰামৰ্শ দিয়ে। তেনে এবিধ উপকাৰী খাদ্য হ'ল কচু শাক।

ডিজিটেল ডেস্কঃ অসমীয়া সমাজত কচু শাকৰ(Colocasia) জনপ্ৰিয়তা কিমান সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কচু শাকৰ জালুকীয়া আঞ্জা বা ঔটেঙা দিয়া আঞ্জাকণৰ সোৱাদ কিমান যে সুন্দৰ! কচু শাক পাতত দি কণবিলাহী, জলকীয়াৰ সৈতে পিটিকি খোৱাৰ যি আমেজ সেয়া খাওতাইহে বুজি পায়। হালধি পাতত থুৰি কচু, জলকীয়া কেইটামান, নহৰু কেইফুটামান দি জুইত সেকি পিটিকা কৰি খাব লাগে, ইয়াৰ সোৱাদ অতুলনীয়।


স্বাস্থ্যৱান হৈ থাকিবলৈ চিকিৎসকসকলে আমাক নানা পুষ্টিগত খাদ্য খাবলৈ পৰামৰ্শ দিয়ে। তেনে এবিধ উপকাৰী খাদ্য হ'ল কচু শাক। কচু শাকৰ লাভালাভ আৰু পুষ্টিগত মূল্য যথেষ্ট। কচু শাকত প্ৰচুৰ পৰিমাণে প্ৰটিন, আঁহ, বিভিন্ন প্ৰকাৰৰ ভিটামিন যেনে ভিটামিন A, ভিটামিন B যৌগ , ভিটামিন C, ভিটামিন E, অমেগা 3 ফেটি এচিড, অমেগা 6 ফেটি এচিড, বিভিন্ন প্ৰকাৰৰ খনিজ যেনে কেলচিয়াম,আইৰণ, মেংগানিজ, মেগনেছিয়াম,কপাৰ, ফচফৰাছ,জিঙ্ক,ছিলেনীয়াম আদি পোৱা যায়। এই উপাদানসমূহ থকা বাবে ইয়াৰ ঔষধি গুণ তুলনামূলকভাৱে বেছি।


জানো আহক কচু শাকৰ উপকাৰিতাৰ বিষয়ে


১)কচুত উচ্চ পৰিমাণৰ পটাছিয়াম থাকে, সেয়েহে ই হৃদৰোগ আৰু ষ্ট্ৰোকৰ আশংকা হ্ৰাস কৰে।


২)যদি আমাৰ শৰীৰত তেজত হিমোগ্লোবিনৰ পৰিমাণ হ্ৰাস হয়, তেন্তে কচু শাক খাব লাগে। ই ৰক্তহীনতা দূৰ কৰে।


৩)ইয়াত ভিটামিন এ-ৰ উপৰিও, ইয়াত ভিটামিন বি আৰু চি থাকে। ইয়াৰ বাহিৰেও প্ৰচুৰ পৰিমাণে লোৰে সমৃদ্ধ। ই ভিটামিন এ-ৰ এক অতি ভাল উৎস, কচু শাকে শাকে ভিটামিন এ-ৰ অভাৱৰ ফলত হোৱা সকলো ধৰণৰ ৰোগ প্ৰতিৰোধ কৰাত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।


৪)প্ৰচুৰ পৰিমাণে ভিটামিন এ থকাৰ বাবে চকুৰ বাবে কচু শাক খুবেই উপকাৰী।


৫)কলেষ্টৰলৰ সমস্যা থাকিলে কচু শাক খালে সুফল পোৱা যায়।ইয়াত থকা মিথিয়নিন(methionine) আৰু আহে(dietary fiber) কলেষ্টৰল আৰু ট্ৰাইগ্লিচাৰাইড( triglyceride) নিয়ন্ত্ৰণ কৰাত সহায় কৰে।


৬)উচ্চ ৰক্তচাপ আৰু হাৰ্টৰ বিভিন্ন ৰোগত কচু শাক উপকাৰী।


৭)ইয়াত থকা কেলচিয়ামে আমাৰ হাড় আৰু দাঁত মজবুত ৰখাত সহায় কৰে।


৮)গৰ্ভৱতী তিৰোতাই মাজে সময়ে কচু শাক খাব লাগে।কাৰণ ইয়াত আইৰণ, ফলেট আছে যিয়ে ৰক্তহীনতা দূৰ কৰে।ইয়াৰ উপৰিও ভ্ৰূণৰ স্বাভাৱিক বিকাশ আৰু স্নায়ুতন্ত্রৰ বিকাশত ইয়াত থকা ফলেট উপকাৰী।


৯)ইয়াত থকা আঁহৰ বাবে ই কোষ্ঠকাঠিন্য ৰোগত উপকাৰী।


১০)প্ৰচুৰ পৰিমানে ভিটামিন আৰু খনিজ লৱন থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাবৃদ্ধি কৰে।


১১)ভিটামিনৰ অভাৱত বা বীজাণু সংক্ৰমণ জনীত মুখত ঘাঁ (mouth ulcer) হলে কচু খালে সুফল পোৱা যায়।


১৩)প্ৰসূতি তিৰোতাক মাগুৰ,শিঙি, গৰৈ, কাৱৈ আদি কাঠ মাছৰ লগত কচু থুৰীৰ জালুকীয়া খাবলৈ দিয়া হয়।এইবিধ ব্যঞ্জনে প্ৰসূতি গৰাকীৰ শৰীৰত হিম'গ্লবিনৰ নাটনি হোৱাত বাধা দিয়ে আৰু লগতে গৰ্ভাশয়ক স্বাভাৱিক অৱস্থালৈ অনাত সহায় কৰে। তদুপৰি ইয়াত জালুক দিয়া হয় বাবে দুগ্ধ উৎপাদনত সহায় হয়।সাধাৰণতে কেঁচুৱা জন্মৰ ৩ বা ৫ দিনত কচু থুৰিৰ জালুকীয়া খাবলৈ দিয়া হয়। ই সম্পূৰ্ণ বিজ্ঞানসন্মত ব্যঞ্জন।


১৪)কচু শাকে আমাৰ শৰীৰত অক্সিজেনৰ যোগান সক্ৰিয় ৰখাত অধিক কাৰ্যকৰী ভূমিকা পালন কৰে। এই শাকত থকা লো আৰু ফলেটে তেজৰ পৰিমাণ বৃদ্ধি কৰে। ফলস্বৰূপে, অক্সিজেনৰ সঞ্চালন পৰ্যাপ্ত হয়।


খাটি অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰ সমূহৰ ভিতৰত কচু শাকৰ বিভিন্ন ব্যঞ্জনে আগস্থান গ্ৰহণ কৰি আছে। কলপাতত দিয়া কচুথোৰৰ পিটিকা,কণ বিলাহী আৰু মাছেৰে বনোৱা কচুথোৰৰ জোল, তিতাভেকুৰীৰ লগত কচুথোৰৰ আঞ্জা, মাগুৰ, শিঙি আদি মাছৰ লগত বনোৱা কচুথোৰৰ জালুকীয়া আঞ্জাখন খাই বেয়া পোৱা মানুহ নাই বুলিবই পাৰি। মাছৰ মূৰ দি ৰন্ধা কচু আঞ্জাৰ সোৱাদ বৰ লোভনীয়। গতিকে আহক সোৱাদভৰা লগতে ঔষধিগুণযুক্ত কচু শাক খাই আমি নিৰোগী হৈ থাকো।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ